--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু শাস্ত্ৰ অনুসৰি ব্ৰহ্মায়ে যেতিয়া বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল, তেতিয়া ভগৱান বিশ্বকৰ্মাই ইয়াক সজোৱাৰ কাম কৰিছিল। তেওঁক এই বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰথম অভিযন্তা বুলি গণ্য কৰা হয়। কন্য সংক্ৰান্তিৰ দিনা ভগৱান বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়। কন্যা সংক্ৰান্তি মানে কন্যা ৰাশিত সূৰ্য্যৰ সংক্ৰমণ হোৱা দিন। কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা সম্পন্ন কৰা হয়। এই দিনটোত মানুহে নিজৰ সঁজুলি আৰু যন্ত্ৰৰ পূজা কৰে। কাৰখানাত স্থাপন কৰা মেচিন আৰু বাহনৰ পূজা কৰা হয়। এই দিনটোত বিশ্বকৰ্মা ভগৱান আৰু যন্ত্ৰৰ পূজা কৰিলে ভালদৰে চলি থাকে বুলি বিশ্বাস কৰা হয়। বাৰে বাৰে মেচিন, বাহনৰ ক্ষতি নহয়।

বিশ্বকৰ্মা পূজা ২০২২ ৰ শুভ যোগ

এইবাৰ বিশ্বকৰ্মা পূজাৰ দিনা বহুতো শুভ যোগ গঢ় লৈ উঠিছে। ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱাৰ পৰা নিশালৈকে যোগ বৃদ্ধি হ’ব। ইয়াৰ বাহিৰেও পুৱাৰে পৰা দুপৰীয়ালৈকে অমৃত সিদ্ধি যোগ, ৰবি যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ গঠন হ’ব। উল্লেখযোগ্য যে জ্যোতিষ বিজ্ঞানত এই যোগসমূহ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই যোগসমূহত পূজা কৰিলে বহুগুণে ফল পোৱা যায়। ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা কৰাৰ শুভ সময় হ’ব পুৱা ০৭:৩৫ বজাৰ পৰা ০৯.১০ বজালৈ। একে সময়তে দুপৰীয়াৰ শুভ সময় হ’ল  ০১:৪৫ বজাৰ পৰা ০৩.২০ বজালৈ। ইয়াৰ পিছত আবেলি ০৩:২০ বজাৰ পৰা সন্ধিয়া ০৪:৫৩ বজালৈ পূজাৰ বাবে শুভ সময় থাকিব।

বিশ্বকৰ্মা পূজাৰ পদ্ধতি

বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। তাৰ পিছত নিজৰ কৰ্মস্থলীত নতুন হালধীয়া কাপোৰ এখন পাৰি ভগৱান বিশ্বকৰ্মাৰ মূৰ্তি বা ছবি স্থাপন কৰক। তাৰ পাছত যন্ত্ৰ, সঁজুলি, যান-বাহনৰ পূজা কৰক। এই সময়ত ভগৱান বিশ্বকৰ্মাৰ মন্ত্ৰ জপ কৰিব লাগে। তেওঁক হালধি,ধূপ-ধূনা ফুল আগবঢ়াওক।  ফলমূল আৰু মিঠাই আগবঢ়াওক। শেষত ভক্তিভাৱেৰে কৰক ভগৱান বিশ্বকৰ্মাৰ আৰতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ