--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু শাস্ত্ৰ অনুসৰি ব্ৰহ্মায়ে যেতিয়া বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল, তেতিয়া ভগৱান বিশ্বকৰ্মাই ইয়াক সজোৱাৰ কাম কৰিছিল। তেওঁক এই বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰথম অভিযন্তা বুলি গণ্য কৰা হয়। কন্য সংক্ৰান্তিৰ দিনা ভগৱান বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়। কন্যা সংক্ৰান্তি মানে কন্যা ৰাশিত সূৰ্য্যৰ সংক্ৰমণ হোৱা দিন। কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা সম্পন্ন কৰা হয়। এই দিনটোত মানুহে নিজৰ সঁজুলি আৰু যন্ত্ৰৰ পূজা কৰে। কাৰখানাত স্থাপন কৰা মেচিন আৰু বাহনৰ পূজা কৰা হয়। এই দিনটোত বিশ্বকৰ্মা ভগৱান আৰু যন্ত্ৰৰ পূজা কৰিলে ভালদৰে চলি থাকে বুলি বিশ্বাস কৰা হয়। বাৰে বাৰে মেচিন, বাহনৰ ক্ষতি নহয়।

বিশ্বকৰ্মা পূজা ২০২২ ৰ শুভ যোগ

এইবাৰ বিশ্বকৰ্মা পূজাৰ দিনা বহুতো শুভ যোগ গঢ় লৈ উঠিছে। ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱাৰ পৰা নিশালৈকে যোগ বৃদ্ধি হ’ব। ইয়াৰ বাহিৰেও পুৱাৰে পৰা দুপৰীয়ালৈকে অমৃত সিদ্ধি যোগ, ৰবি যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ গঠন হ’ব। উল্লেখযোগ্য যে জ্যোতিষ বিজ্ঞানত এই যোগসমূহ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই যোগসমূহত পূজা কৰিলে বহুগুণে ফল পোৱা যায়। ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা কৰাৰ শুভ সময় হ’ব পুৱা ০৭:৩৫ বজাৰ পৰা ০৯.১০ বজালৈ। একে সময়তে দুপৰীয়াৰ শুভ সময় হ’ল  ০১:৪৫ বজাৰ পৰা ০৩.২০ বজালৈ। ইয়াৰ পিছত আবেলি ০৩:২০ বজাৰ পৰা সন্ধিয়া ০৪:৫৩ বজালৈ পূজাৰ বাবে শুভ সময় থাকিব।

বিশ্বকৰ্মা পূজাৰ পদ্ধতি

বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। তাৰ পিছত নিজৰ কৰ্মস্থলীত নতুন হালধীয়া কাপোৰ এখন পাৰি ভগৱান বিশ্বকৰ্মাৰ মূৰ্তি বা ছবি স্থাপন কৰক। তাৰ পাছত যন্ত্ৰ, সঁজুলি, যান-বাহনৰ পূজা কৰক। এই সময়ত ভগৱান বিশ্বকৰ্মাৰ মন্ত্ৰ জপ কৰিব লাগে। তেওঁক হালধি,ধূপ-ধূনা ফুল আগবঢ়াওক।  ফলমূল আৰু মিঠাই আগবঢ়াওক। শেষত ভক্তিভাৱেৰে কৰক ভগৱান বিশ্বকৰ্মাৰ আৰতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী