--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অক্ষয় কুমাৰৰ ‘ৰক্ষাবন্ধন’ ছবিখনো এণ্টাৰটেইনমেণ্ট নিউজত বহুদিনৰ পৰা চৰ্চিত হৈ আহিছে। একে সময়তে একাংশ লোকে টুইটাৰত ছবিখন বৰ্জন কৰাৰ কথাও লিখিছে। প্ৰথমবাৰৰ বাবে এনে হৈছে য'ত অক্ষয় কুমাৰৰ যিকোনো ছবিৰ বাবে ‘বয়কট’ ট্ৰেণ্ড ঘটিছে। 

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ব্যস্ত তেওঁৰ ছবি ‘ৰক্ষা বন্ধন’ৰ প্ৰচাৰত। ১১ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখন। জানিব পৰা মতে ৰক্ষাবন্ধন এখন পাৰিবাৰিক ছবি। ভূমি পেডনেকাৰ, সাদিয়া খাতিব, ছহজমিন কৌৰ, স্মৃতি শ্ৰীকান্ত আৰু দীপিকা খান্নাক মুখ্য চৰিত্ৰত দেখা যাব। ‘অতৰাংগী ৰে’ ছবিখনৰ পাছত এইখন ছবিৰ বাবে দ্বিতীয়বাৰৰ বাবে আনন্দ এলৰায়ৰ সৈতে সহযোগিতা কৰিছে অক্ষয় কুমাৰে। ‘ৰক্ষাবন্ধন’ৰ পাছতো অক্ষয় কুমাৰৰ আৰু বহুতো ছবি আছে যি সমূহ এই বছৰতে মুক্তি পাব বুলি চৰ্চাত আছে। শেহতীয়াকৈ অভিনেতাজনে এখন বায়’পিক ঘোষণা কৰিছিল, যাৰ বাবে অভিনেতাজনে ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছিল। এবছৰত ইমানবোৰ ছবি ঘোষণা কৰাৰ বাবে অক্ষয় কুমাৰে বহু সমালোচনাৰ সন্মুখীন হৈছে।

এই সমালোচনাত কি কয় অভিনেতা গৰাকীয়ে? 

অক্ষয় কুমাৰৰ ছবি ‘ৰক্ষাবন্ধন’ৰ ওপৰত বহুদিনৰ পৰা চৰ্চা চলি আহিছে। একে সময়তে একাংশ লোকে টুইটাৰত ছবিখন বৰ্জন কৰাৰ কথাও লিখিছে। অক্ষয় কুমাৰৰ যিকোনো ছবিৰ বাবে এয়া প্ৰথম ‘বয়কট’ ট্ৰেণ্ড ঘটিছে। অক্ষয় কুমাৰে যি গতিৰে ছবি ঘোষণা কৰিছে। ইয়াতকৈ বেছি গতিত অভিনেতা গৰাকীৰ ছবি বক্স অফিচতো ফ্লপ হৈছে । চৰ্চা অনুসৰি বিশেষ একো উপাৰ্জন কৰিব পৰা নাই অভিনেতাগৰাকীয়ে । শেহতীয়াকৈ অক্ষয় কুমাৰে দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, "উদ্যোগটোৰ বহু লোকে মোক পৰামৰ্শ দিছে। তেওঁলোকে কৈছে যে মই ছবি নিৰ্বাচনত অলপ লেহেমীয়াকৈ যাব লাগে। পেছাদাৰী জীৱনত লেহেমীয়া গতি ল’ব লাগে।"

নিজৰ কৰ্মশৈলীৰ ৰক্ষা কৰি অক্ষয় কুমাৰে কয়, "মই সৰ্বাধিক ছুটী লওঁ। মই যোৱাৰ দৰে এই উদ্যোগটোত ইমান ছুটীত কোনো নাযায় । দেওবাৰে কাম নকৰো। শনিবাৰে আধা দিন কাম কৰো। আনকি কৰ্মদিনতো মই ৮ ঘণ্টাতকৈ বেছি কাম নকৰো। সেই ৮ ঘণ্টাৰ বাবে মই চেটতে থাকো, ভেনিটি ভ্যানত নহয়। মোৰ ৮ ঘন্টা ১৪-১৫ ঘণ্টাৰ সমান। এয়া মোৰ চিনেমাখনৰ প্ৰতি দায়বদ্ধতা। আনন্দ এলৰাইও মোৰ কামত অতিশয় আপ্লুত।

অক্ষয় কুমাৰৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে ভূমি পেডনেকাৰৰ সৈতে ‘ৰক্ষাবন্ধন’ৰ বাহিৰেও তেওঁৰ বহু ছবি আছে। 'OMG 2', 'ৰাম সেতু', 'কেপচুল গিল', 'হাউচফুল ৫', 'ক্ৰেক' আৰু 'গোৰ্খা' ইত্যাদি, যিবোৰত তেওঁ কাম কৰি আছে। ইয়াৰ উপৰিও শেহতীয়াকৈ পৰিণীতি চোপ্ৰাৰ সৈতে অভিনেতাগৰাকীৰ আন এখন ছবিও আহি আছে , যাৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। ইয়াৰ উপৰিও ‘ফিৰ হেৰা ফেৰি’ৰ কামো চলি আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী