--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অক্ষয় কুমাৰৰ ‘ৰক্ষাবন্ধন’ ছবিখনো এণ্টাৰটেইনমেণ্ট নিউজত বহুদিনৰ পৰা চৰ্চিত হৈ আহিছে। একে সময়তে একাংশ লোকে টুইটাৰত ছবিখন বৰ্জন কৰাৰ কথাও লিখিছে। প্ৰথমবাৰৰ বাবে এনে হৈছে য'ত অক্ষয় কুমাৰৰ যিকোনো ছবিৰ বাবে ‘বয়কট’ ট্ৰেণ্ড ঘটিছে। 

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ব্যস্ত তেওঁৰ ছবি ‘ৰক্ষা বন্ধন’ৰ প্ৰচাৰত। ১১ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখন। জানিব পৰা মতে ৰক্ষাবন্ধন এখন পাৰিবাৰিক ছবি। ভূমি পেডনেকাৰ, সাদিয়া খাতিব, ছহজমিন কৌৰ, স্মৃতি শ্ৰীকান্ত আৰু দীপিকা খান্নাক মুখ্য চৰিত্ৰত দেখা যাব। ‘অতৰাংগী ৰে’ ছবিখনৰ পাছত এইখন ছবিৰ বাবে দ্বিতীয়বাৰৰ বাবে আনন্দ এলৰায়ৰ সৈতে সহযোগিতা কৰিছে অক্ষয় কুমাৰে। ‘ৰক্ষাবন্ধন’ৰ পাছতো অক্ষয় কুমাৰৰ আৰু বহুতো ছবি আছে যি সমূহ এই বছৰতে মুক্তি পাব বুলি চৰ্চাত আছে। শেহতীয়াকৈ অভিনেতাজনে এখন বায়’পিক ঘোষণা কৰিছিল, যাৰ বাবে অভিনেতাজনে ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হৈছিল। এবছৰত ইমানবোৰ ছবি ঘোষণা কৰাৰ বাবে অক্ষয় কুমাৰে বহু সমালোচনাৰ সন্মুখীন হৈছে।

এই সমালোচনাত কি কয় অভিনেতা গৰাকীয়ে? 

অক্ষয় কুমাৰৰ ছবি ‘ৰক্ষাবন্ধন’ৰ ওপৰত বহুদিনৰ পৰা চৰ্চা চলি আহিছে। একে সময়তে একাংশ লোকে টুইটাৰত ছবিখন বৰ্জন কৰাৰ কথাও লিখিছে। অক্ষয় কুমাৰৰ যিকোনো ছবিৰ বাবে এয়া প্ৰথম ‘বয়কট’ ট্ৰেণ্ড ঘটিছে। অক্ষয় কুমাৰে যি গতিৰে ছবি ঘোষণা কৰিছে। ইয়াতকৈ বেছি গতিত অভিনেতা গৰাকীৰ ছবি বক্স অফিচতো ফ্লপ হৈছে । চৰ্চা অনুসৰি বিশেষ একো উপাৰ্জন কৰিব পৰা নাই অভিনেতাগৰাকীয়ে । শেহতীয়াকৈ অক্ষয় কুমাৰে দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, "উদ্যোগটোৰ বহু লোকে মোক পৰামৰ্শ দিছে। তেওঁলোকে কৈছে যে মই ছবি নিৰ্বাচনত অলপ লেহেমীয়াকৈ যাব লাগে। পেছাদাৰী জীৱনত লেহেমীয়া গতি ল’ব লাগে।"

নিজৰ কৰ্মশৈলীৰ ৰক্ষা কৰি অক্ষয় কুমাৰে কয়, "মই সৰ্বাধিক ছুটী লওঁ। মই যোৱাৰ দৰে এই উদ্যোগটোত ইমান ছুটীত কোনো নাযায় । দেওবাৰে কাম নকৰো। শনিবাৰে আধা দিন কাম কৰো। আনকি কৰ্মদিনতো মই ৮ ঘণ্টাতকৈ বেছি কাম নকৰো। সেই ৮ ঘণ্টাৰ বাবে মই চেটতে থাকো, ভেনিটি ভ্যানত নহয়। মোৰ ৮ ঘন্টা ১৪-১৫ ঘণ্টাৰ সমান। এয়া মোৰ চিনেমাখনৰ প্ৰতি দায়বদ্ধতা। আনন্দ এলৰাইও মোৰ কামত অতিশয় আপ্লুত।

অক্ষয় কুমাৰৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে ভূমি পেডনেকাৰৰ সৈতে ‘ৰক্ষাবন্ধন’ৰ বাহিৰেও তেওঁৰ বহু ছবি আছে। 'OMG 2', 'ৰাম সেতু', 'কেপচুল গিল', 'হাউচফুল ৫', 'ক্ৰেক' আৰু 'গোৰ্খা' ইত্যাদি, যিবোৰত তেওঁ কাম কৰি আছে। ইয়াৰ উপৰিও শেহতীয়াকৈ পৰিণীতি চোপ্ৰাৰ সৈতে অভিনেতাগৰাকীৰ আন এখন ছবিও আহি আছে , যাৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। ইয়াৰ উপৰিও ‘ফিৰ হেৰা ফেৰি’ৰ কামো চলি আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু