--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট সম্প্ৰতি তেওঁলোকৰ আগন্তুক ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এই ছবিখন যোৱা ৫ বছৰ ধৰি নিৰ্মাণ হৈ আছে আৰু ইয়াৰ শ্বুটিঙৰ সময়ত দুয়োজনেই ইজনে সিজনৰ ওচৰ চাপি আহিল আৰু তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হ’ল। ৰণবীৰৰ কাপুৰৰ লগতে আলিয়াৰো বেষ্ট ফ্ৰেণ্ড ‘ব্ৰহ্মাস্ত্ৰ’ৰ পৰিচালক অয়ন মুখাৰ্জী। ৰণবীৰ আৰু আলিয়াৰ লগত ছুটীতো প্ৰায়ে দেখা যায় অয়নক। কিন্তু ইমান ঘনিষ্ঠ বন্ধুত্ব থকাৰ পিছতো ৰণবীৰ আৰু আলিয়াই নিজৰ সম্পৰ্কৰ বিষয়টো কিছুদিন অয়নৰ পৰা লুকুৱাই ৰাখিছিল।

শেহতীয়াকৈ ‘ব্ৰহ্মস্ত্ৰ’ৰ প্ৰচাৰৰ সময়ত ৰণবীৰ কাপুৰে সংবাদ মাধ্যমৰ আগত কয় যে, ‘চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়ত আলিয়া, অয়ন আৰু মই একেলগে বহু সময় কটালোঁ। এই সময়ছোৱাত যেতিয়াই আমি লগ পাইছিলো, তেতিয়াই অয়নৰ মনত এই ছবিখনে আধিপত্য বিস্তাৰ কৰিছিল। অলপ সময় কথা পতাৰ পিছত অয়নে সদায় আমাৰ কথা-বতৰাবোৰ ব্ৰহ্মাস্ত্ৰ’ৰ ফালে লৈ গৈছিল।

তেওঁলোকৰ সম্পৰ্কৰ কথা কৈ ৰণবীৰে কয়, “এটা সময়ত আলিয়া আৰু মই যেতিয়া ডেটিং আৰম্ভ কৰিছিলো, আমি অয়নক ক’বও পৰা নাছিলো যে আমি সম্পৰ্কত আছো। কাৰণ আমাৰ ডেটিঙৰ কথা শুনি অয়নৰ খং উঠিব পাৰে বুলি আমি ভয় কৰিছিলোঁ। ”

অৱশ্যে এই বিষয়টোক লৈ অয়নে কৈছিল, ‘যেতিয়া ৰণবীৰে মোক তেওঁৰ আৰু আলিয়াৰ সম্পৰ্কৰ কথা কৈছিল, তেতিয়া মোৰ প্ৰতিক্ৰিয়া আছিল অতি সাধাৰণ। এই কথা শুনি ভাল লাগিল আৰু বেষ্ট ফ্ৰেণ্ডৰ দৰে আচৰণ কৰিছিলোঁ।”

নিজৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গ’লে আলিয়া ভাটে কয়, ‘ৰণবীৰ কাপুৰৰ লগত ডেটিং আৰম্ভ কৰাৰ আগতেই মই আৰু অয়ন বহুত ঘনিষ্ঠ আছিলো।’ 

এই সন্দৰ্ভত অয়নে কয় যে আলিয়াৰ সৈতে তেওঁৰ আৰম্ভণিৰে পৰাই অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। অয়ন মুখাৰ্জীয়ে লগতে কয় যে ৰণবীৰ আৰু আলিয়াৰ ওচৰ চাপি অহাৰ পূৰ্বে তেওঁ অভিনেত্ৰীগৰাকীৰ অতি ভাল বন্ধু হৈ পৰিছিল। 

আপোনালোকক জনাওঁ যে আলিয়া আৰু ৰণবীৰৰ বাহিৰেও অমিতাভ বচ্চন, নাগাৰ্জুন আৰু মৌনি ৰায়কো ব্ৰহ্মাস্ত্ৰ’ৰ মুখ্য চৰিত্ৰত দেখা যাব। ২০২২ চনৰ ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি ছবিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু