--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট সম্প্ৰতি তেওঁলোকৰ আগন্তুক ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এই ছবিখন যোৱা ৫ বছৰ ধৰি নিৰ্মাণ হৈ আছে আৰু ইয়াৰ শ্বুটিঙৰ সময়ত দুয়োজনেই ইজনে সিজনৰ ওচৰ চাপি আহিল আৰু তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হ’ল। ৰণবীৰৰ কাপুৰৰ লগতে আলিয়াৰো বেষ্ট ফ্ৰেণ্ড ‘ব্ৰহ্মাস্ত্ৰ’ৰ পৰিচালক অয়ন মুখাৰ্জী। ৰণবীৰ আৰু আলিয়াৰ লগত ছুটীতো প্ৰায়ে দেখা যায় অয়নক। কিন্তু ইমান ঘনিষ্ঠ বন্ধুত্ব থকাৰ পিছতো ৰণবীৰ আৰু আলিয়াই নিজৰ সম্পৰ্কৰ বিষয়টো কিছুদিন অয়নৰ পৰা লুকুৱাই ৰাখিছিল।

শেহতীয়াকৈ ‘ব্ৰহ্মস্ত্ৰ’ৰ প্ৰচাৰৰ সময়ত ৰণবীৰ কাপুৰে সংবাদ মাধ্যমৰ আগত কয় যে, ‘চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়ত আলিয়া, অয়ন আৰু মই একেলগে বহু সময় কটালোঁ। এই সময়ছোৱাত যেতিয়াই আমি লগ পাইছিলো, তেতিয়াই অয়নৰ মনত এই ছবিখনে আধিপত্য বিস্তাৰ কৰিছিল। অলপ সময় কথা পতাৰ পিছত অয়নে সদায় আমাৰ কথা-বতৰাবোৰ ব্ৰহ্মাস্ত্ৰ’ৰ ফালে লৈ গৈছিল।

তেওঁলোকৰ সম্পৰ্কৰ কথা কৈ ৰণবীৰে কয়, “এটা সময়ত আলিয়া আৰু মই যেতিয়া ডেটিং আৰম্ভ কৰিছিলো, আমি অয়নক ক’বও পৰা নাছিলো যে আমি সম্পৰ্কত আছো। কাৰণ আমাৰ ডেটিঙৰ কথা শুনি অয়নৰ খং উঠিব পাৰে বুলি আমি ভয় কৰিছিলোঁ। ”

অৱশ্যে এই বিষয়টোক লৈ অয়নে কৈছিল, ‘যেতিয়া ৰণবীৰে মোক তেওঁৰ আৰু আলিয়াৰ সম্পৰ্কৰ কথা কৈছিল, তেতিয়া মোৰ প্ৰতিক্ৰিয়া আছিল অতি সাধাৰণ। এই কথা শুনি ভাল লাগিল আৰু বেষ্ট ফ্ৰেণ্ডৰ দৰে আচৰণ কৰিছিলোঁ।”

নিজৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গ’লে আলিয়া ভাটে কয়, ‘ৰণবীৰ কাপুৰৰ লগত ডেটিং আৰম্ভ কৰাৰ আগতেই মই আৰু অয়ন বহুত ঘনিষ্ঠ আছিলো।’ 

এই সন্দৰ্ভত অয়নে কয় যে আলিয়াৰ সৈতে তেওঁৰ আৰম্ভণিৰে পৰাই অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। অয়ন মুখাৰ্জীয়ে লগতে কয় যে ৰণবীৰ আৰু আলিয়াৰ ওচৰ চাপি অহাৰ পূৰ্বে তেওঁ অভিনেত্ৰীগৰাকীৰ অতি ভাল বন্ধু হৈ পৰিছিল। 

আপোনালোকক জনাওঁ যে আলিয়া আৰু ৰণবীৰৰ বাহিৰেও অমিতাভ বচ্চন, নাগাৰ্জুন আৰু মৌনি ৰায়কো ব্ৰহ্মাস্ত্ৰ’ৰ মুখ্য চৰিত্ৰত দেখা যাব। ২০২২ চনৰ ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি ছবিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ