--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টাইৱান আৰু চীনৰ মাজত ভয়াৱহ সংঘাত চলি থকা অৱস্থাতে বিষয়টো লৈ ব্যস্ত হৈ পৰিছে এলন মাস্ক। বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিগৰাকীয়ে শেহতীয়াকৈ কৈছে যে মাত্ৰ এটা উপায়েৰেই সমস্যাটো সমাধান কৰিব পৰা যাব।

শুক্ৰবাৰে ফাইনেনচিয়েল টাইমছৰ আগত মাস্কে কয় যে টাইৱানৰ কিছু অংশ চীনৰ নিয়ন্ত্ৰণত ৰাখিবলৈ দিলেই সমস্যাটো নোহোৱা হৈ যাবউল্লেখযোগ্য যে কিছুদিম পূৰ্বে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কেও ভাষ্য আগবঢ়াইছিল মাস্কে। কৈছিল যে বিবাদিত ক্ৰিমিয়া দ্বীপটো ইউক্ৰেইনে ৰাছিয়াক চীৰদিনৰ বাবে গটাই দিয়ক।

মাস্কৰ এই ভাষ্যৰ পাছতে তেওঁক ইউক্ৰেইনত তীব্ৰ ভাৱে সমালোচনা কৰা হৈছিল। তাৰ পাছত পুনৰ এইদৰে চীন-টাইৱান সংঘাতৰ ওপৰত বক্তব্য আগবঢ়াইছে তেওঁ।য মাস্কে কয় যে চীনে যিদৰে হংকঙৰ স’তে চুক্তি কৰিছে, তাতোতকৈও সুচলভাৱে এইধৰণৰ চুক্তি টাইৱানৰ স’তে কৰাৰ ঠল আছে।

এলন মাস্কৰ এই ভাষ্যৰ মূল কাৰণ হৈছে চীনৰ শ্বাংহাইত টেছলা ইলেক্ট্ৰ’নিক কাৰৰ এটা বৃহৎ কাৰখানা আছে। এই কাৰখানাটোৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তৰত চলাব পৰাকৈ টেছলাৰ গাড়ী নিৰ্মাণ হৈ আহিছে। চীন-টাইৱানৰ সংঘাতে এই কাৰখানাৰ ওপৰত প্ৰভাৱ পেলাব বুলি তেওঁ ভাষ্য প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, চীনে টাইৱানৰ ওপৰত দীৰ্ঘদিন ধৰি নিয়ন্ত্ৰণ চলাই আহিছে। টাইৱানৰ ভূখণ্ডৰ চীনৰ এখন ৰাজ্য বুলি বেইজিঙে দাবী কৰি আহিছে। কিন্তু টাইৱানৰ চৰকাৰে চীনৰ এই আগ্ৰাসণক তীব্ৰভাৱে বিৰোধিতা কৰি আহিছে। টাইৱানৰ চৰকাৰে কয় যে চীন নহয়, বৰঞ্চ ২৩ মিলিয়ন টাইৱানিজ লোকেহে নিজৰ ভৱিষ্যত বিচাৰ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ