--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টাইৱান আৰু চীনৰ মাজত ভয়াৱহ সংঘাত চলি থকা অৱস্থাতে বিষয়টো লৈ ব্যস্ত হৈ পৰিছে এলন মাস্ক। বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিগৰাকীয়ে শেহতীয়াকৈ কৈছে যে মাত্ৰ এটা উপায়েৰেই সমস্যাটো সমাধান কৰিব পৰা যাব।

শুক্ৰবাৰে ফাইনেনচিয়েল টাইমছৰ আগত মাস্কে কয় যে টাইৱানৰ কিছু অংশ চীনৰ নিয়ন্ত্ৰণত ৰাখিবলৈ দিলেই সমস্যাটো নোহোৱা হৈ যাব।উল্লেখযোগ্য যে কিছুদিম পূৰ্বে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কেও ভাষ্য আগবঢ়াইছিল মাস্কে। কৈছিল যে বিবাদিত ক্ৰিমিয়া দ্বীপটো ইউক্ৰেইনে ৰাছিয়াক চীৰদিনৰ বাবে গটাই দিয়ক।

মাস্কৰ এই ভাষ্যৰ পাছতে তেওঁক ইউক্ৰেইনত তীব্ৰ ভাৱে সমালোচনা কৰা হৈছিল। তাৰ পাছত পুনৰ এইদৰে চীন-টাইৱান সংঘাতৰ ওপৰত বক্তব্য আগবঢ়াইছে তেওঁ।য মাস্কে কয় যে চীনে যিদৰে হংকঙৰ স’তে চুক্তি কৰিছে, তাতোতকৈও সুচলভাৱে এইধৰণৰ চুক্তি টাইৱানৰ স’তে কৰাৰ ঠল আছে।

এলন মাস্কৰ এই ভাষ্যৰ মূল কাৰণ হৈছে চীনৰ শ্বাংহাইত টেছলা ইলেক্ট্ৰ’নিক কাৰৰ এটা বৃহৎ কাৰখানা আছে। এই কাৰখানাটোৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তৰত চলাব পৰাকৈ টেছলাৰ গাড়ী নিৰ্মাণ হৈ আহিছে। চীন-টাইৱানৰ সংঘাতে এই কাৰখানাৰ ওপৰত প্ৰভাৱ পেলাব বুলি তেওঁ ভাষ্য প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, চীনে টাইৱানৰ ওপৰত দীৰ্ঘদিন ধৰি নিয়ন্ত্ৰণ চলাই আহিছে। টাইৱানৰ ভূখণ্ডৰ চীনৰ এখন ৰাজ্য বুলি বেইজিঙে দাবী কৰি আহিছে। কিন্তু টাইৱানৰ চৰকাৰে চীনৰ এই আগ্ৰাসণক তীব্ৰভাৱে বিৰোধিতা কৰি আহিছে। টাইৱানৰ চৰকাৰে কয় যে চীন নহয়, বৰঞ্চ ২৩ মিলিয়ন টাইৱানিজ লোকেহে নিজৰ ভৱিষ্যত বিচাৰ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক