--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভ্ৰমণৰ সময় আছিল মাত্ৰ ১৫ মিনিট। মাত্ৰ ৬.৪ কিলোমিটাৰ উবেৰত ভ্ৰমণ কৰাৰ বাবেই যাত্ৰী এজনে ভৰিবলগীয়া হ’স প্ৰায় ৩২ লাখ টকা। সমগ্ৰ বিশ্বতে খলকনি তোলা এই ঘটনাটো ঘটিছে ইংলেণ্ডত। 

২২ বছৰীয়া অলিভাৰ কাপ্লানে  ইংলেণ্ডৰ গ্ৰেটাৰ মানচেষ্টাৰত হাইডৰ পৰা এষ্টন-আণ্ডাৰ-লাইনলৈ উবেৰত উঠি  ভ্ৰমণ কৰিছিল।  এষ্টন-আণ্ডাৰ-লাইনলৈ গৈ  তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে  পানীয়ৰ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিল।।কিন্তু উবেৰৰ বিলে পিছত তেওঁক আচৰিত কৰি তোলে।কাপ্লানে কয় " মই এখন  উবেৰ বুক কৰিছিলো, মই  প্ৰায়ে  ৰাতি কামৰ পৰা ঘৰলৈ যাওঁতে তেনেদৰে উবেৰ বুক কৰোঁ । সেয়ে মোৰ সকলো কথাই স্বাভাৱিক যেন লাগিছিল। ড্ৰাইভাৰজন আহিল, মই উবেৰত উঠিলোঁ আৰু তেওঁ মোক ঠিক সেই ঠাইলৈ লৈ গ'ল য'লৈ মই যাব লাগিছিল। সেয়া  এক ১৫ মিনিটৰ যাত্ৰা আছিল - শেষত বিলো আহিছিল আৰু , মোৰ ডেবিট কাৰ্ডৰ পৰা সেয়া কাটি লোৱা হৈছিল ,"। 

তেওঁ লগতে কয়, "কিন্তু  পিছদিনা পুৱা সাৰ পাইদেখো যে মোৰ পৰা ৩২ লাখ টকা কাচটি নিয়া হৈছে!" অলিভাৰে উবেৰৰ গ্ৰাহক সেৱা বিভাগৰ সৈতে লগে লগে  যোগাযোগ কৰে। তেওঁ  বৃহৎ পৰিমাণৰ ভাড়াৰ বিষয়ে জানিব বিচাৰে।তেওঁ কয়  যে কৰ্মচাৰীসকল প্ৰথমতে কথাটো জানি হতবাক হৈছিল।  কিন্তু পিছত তেওঁলোকে ইমান বেছি ভাড়াৰ   কাৰণটো  উলিয়াব পাৰিছিল।

অলিভাৰৰ পৰা  ইমান বেছি মাচুল লোৱা হৈছিল কিয়নোভুলতে তেওঁৰ  ভ্ৰমণৰ ড্ৰপ-অফ অৱস্থানটো অষ্ট্ৰেলিয়াৰ এডিলেডৰ ওচৰত থকা এষ্টন-আণ্ডাৰ-লাইন নামৰ আন এখন ঠাই হিচাবে দেখুওৱা হৈছিল।  সেই স্থানৰ দূৰত্ব অলিভাৰ থকা ঠাইৰ পৰা প্ৰায় ১৬,০০০কিলোমিটাৰ।

সকলো কথা স্পষ্ট হোৱাৰ পিছত উবেৰে এইবুলি স্পষ্টীকৰণ দিছে , "অলিভাৰে  বিষয়টো জনোৱাৰ  লগে লগে আমি লগে লগে ভাড়া সংশোধন কৰিলোঁ। এনে অসুবিধাৰ বাবে আমি অত্যন্ত দুঃখিত।"






FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে