--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভ্ৰমণৰ সময় আছিল মাত্ৰ ১৫ মিনিট। মাত্ৰ ৬.৪ কিলোমিটাৰ উবেৰত ভ্ৰমণ কৰাৰ বাবেই যাত্ৰী এজনে ভৰিবলগীয়া হ’স প্ৰায় ৩২ লাখ টকা। সমগ্ৰ বিশ্বতে খলকনি তোলা এই ঘটনাটো ঘটিছে ইংলেণ্ডত। 

২২ বছৰীয়া অলিভাৰ কাপ্লানে  ইংলেণ্ডৰ গ্ৰেটাৰ মানচেষ্টাৰত হাইডৰ পৰা এষ্টন-আণ্ডাৰ-লাইনলৈ উবেৰত উঠি  ভ্ৰমণ কৰিছিল।  এষ্টন-আণ্ডাৰ-লাইনলৈ গৈ  তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে  পানীয়ৰ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিল।।কিন্তু উবেৰৰ বিলে পিছত তেওঁক আচৰিত কৰি তোলে।কাপ্লানে কয় " মই এখন  উবেৰ বুক কৰিছিলো, মই  প্ৰায়ে  ৰাতি কামৰ পৰা ঘৰলৈ যাওঁতে তেনেদৰে উবেৰ বুক কৰোঁ । সেয়ে মোৰ সকলো কথাই স্বাভাৱিক যেন লাগিছিল। ড্ৰাইভাৰজন আহিল, মই উবেৰত উঠিলোঁ আৰু তেওঁ মোক ঠিক সেই ঠাইলৈ লৈ গ'ল য'লৈ মই যাব লাগিছিল। সেয়া  এক ১৫ মিনিটৰ যাত্ৰা আছিল - শেষত বিলো আহিছিল আৰু , মোৰ ডেবিট কাৰ্ডৰ পৰা সেয়া কাটি লোৱা হৈছিল ,"। 

তেওঁ লগতে কয়, "কিন্তু  পিছদিনা পুৱা সাৰ পাইদেখো যে মোৰ পৰা ৩২ লাখ টকা কাচটি নিয়া হৈছে!" অলিভাৰে উবেৰৰ গ্ৰাহক সেৱা বিভাগৰ সৈতে লগে লগে  যোগাযোগ কৰে। তেওঁ  বৃহৎ পৰিমাণৰ ভাড়াৰ বিষয়ে জানিব বিচাৰে।তেওঁ কয়  যে কৰ্মচাৰীসকল প্ৰথমতে কথাটো জানি হতবাক হৈছিল।  কিন্তু পিছত তেওঁলোকে ইমান বেছি ভাড়াৰ   কাৰণটো  উলিয়াব পাৰিছিল।

অলিভাৰৰ পৰা  ইমান বেছি মাচুল লোৱা হৈছিল কিয়নোভুলতে তেওঁৰ  ভ্ৰমণৰ ড্ৰপ-অফ অৱস্থানটো অষ্ট্ৰেলিয়াৰ এডিলেডৰ ওচৰত থকা এষ্টন-আণ্ডাৰ-লাইন নামৰ আন এখন ঠাই হিচাবে দেখুওৱা হৈছিল।  সেই স্থানৰ দূৰত্ব অলিভাৰ থকা ঠাইৰ পৰা প্ৰায় ১৬,০০০কিলোমিটাৰ।

সকলো কথা স্পষ্ট হোৱাৰ পিছত উবেৰে এইবুলি স্পষ্টীকৰণ দিছে , "অলিভাৰে  বিষয়টো জনোৱাৰ  লগে লগে আমি লগে লগে ভাড়া সংশোধন কৰিলোঁ। এনে অসুবিধাৰ বাবে আমি অত্যন্ত দুঃখিত।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক