--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰকলৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই দেশ খনৰ পৰ্যটকসকলক ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত সতৰ্কবাণী জাৰি কৰিছে। মাৰ্কিন প্ৰশাসনৰ নিৰ্দেশনাৱলীত স্পষ্টকৈ কোৱা হৈছে যে ভাৰত ভ্ৰমণ কৰোঁতে অধিক সাৱধান হ'ব লাগিব। আৰু জম্মু আৰু কাশ্মীৰলৈ একেবাৰে নাযাব। ভাৰতত সংঘটিত হৈ থকা অপৰাধ আৰু সন্ত্ৰাসবাদৰ বৃদ্ধিৰ কথা মনত ৰাখি পৰামৰ্শ জাৰি কৰা হৈছে।

সতৰ্কবাণীত কোৱা হৈছে "ভাৰতত ধৰ্ষণ আৰু সন্ত্ৰাসবাদৰ দৰে অপৰাধৰ ঘটনা বৃদ্ধি পাইছে,"।  মাৰ্কিন বিদেশ বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। পৰ্যটন স্থলীসমূহতো যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বুলি নিৰ্দেশনাটোত কোৱা হৈছে। সেইকাৰণে পৰ্যটকসকলে অধিক সাৱধান হোৱা প্ৰয়োজন বুলি সতৰ্ক কৰি দিয়া হৈছে।

জম্মু আৰু কাশ্মীৰ ভ্ৰমণ নকৰিবলৈ মাৰ্কিন পৰ্যটকক বিশেষ ভাবে আহ্বান জনোৱা হৈছে। ভাৰত-পাকিস্তান সীমান্তৰ ১০কিলোমিটাৰৰ ভিতৰত সংঘৰ্ষৰ সম্ভাৱনা আছে বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। সেই স্থানতে সৰ্বাধিক  সন্ত্ৰাসবাদ আৰু অস্থিৰতাৰ ঘটনা সংঘটিত হয় বুলিও কোৱা হৈছে।  আমেৰিকা চৰকাৰে পাকিস্তান ভ্ৰমণৰ বিৰুদ্ধেও কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। সাম্প্ৰদায়িক হিংসা আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ সম্ভাৱনাৰ বাবে পৰ্যটকসকলক কেইবাখনো দেশ  ভ্ৰমণ কৰিবলৈ নিষেধ কৰা হৈছে।

ইফালে, ভাৰতত অপৰাধ আৰু সন্ত্ৰাসবাদ সম্পৰ্কে সতৰ্কবাণী দিয়া স্বত্বেও আমেৰিকাত অপৰাধৰ ঘটনা নিৰন্তৰ বৃদ্ধি পাই আহিছে। বুধবাৰে কেলিফৰ্ণিয়াত এটি আঠ মহীয়া কেঁচুৱাসহ এটা ভাৰতীয় বংশোদ্ভূত শিখ পৰিয়ালৰ চাৰিজন সদস্যক মৃত অৱস্থাত পোৱা গৈছিল। আমেৰিকাত এজনৰ পিছত আনজন ভাৰতীয় বংশোদ্ভূত ব্যক্তিৰ ৰহস্যজনক মৃত্যুৱে  আলোড়নৰ সৃষ্টি কৰিছে।

 আনহাতে, ইণ্ডিয়ানা প্ৰদেশত আন এজন ভাৰতীয় বংশোদ্ভূত ছাত্ৰক হত্যা কৰা হৈছিল। বৰুণ মনীষ চাধাৰ মৃতদেহ ইণ্ডিয়ানপলিছৰ বিশ্ববিদ্যালয় চৌহদৰ  পৰা উদ্ধাৰ কৰা হৈছিল।এই সপ্তাহৰ আৰম্ভণিতে, পাকিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি ডনাল্ড ব্লমে পাক অধিকৃত কাশ্মীৰ (ভ্ৰমণ কৰিছিল। তাত দিয়া ভাষণত তেওঁ পাকিস্তানৰ অধিকৃত অঞ্চল বা অধিকৃত কাশ্মীৰক 'আজাদ কাশ্মীৰ' বুলি উল্লেখ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ