--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰকলৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই দেশ খনৰ পৰ্যটকসকলক ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত সতৰ্কবাণী জাৰি কৰিছে। মাৰ্কিন প্ৰশাসনৰ নিৰ্দেশনাৱলীত স্পষ্টকৈ কোৱা হৈছে যে ভাৰত ভ্ৰমণ কৰোঁতে অধিক সাৱধান হ'ব লাগিব। আৰু জম্মু আৰু কাশ্মীৰলৈ একেবাৰে নাযাব। ভাৰতত সংঘটিত হৈ থকা অপৰাধ আৰু সন্ত্ৰাসবাদৰ বৃদ্ধিৰ কথা মনত ৰাখি পৰামৰ্শ জাৰি কৰা হৈছে।

সতৰ্কবাণীত কোৱা হৈছে "ভাৰতত ধৰ্ষণ আৰু সন্ত্ৰাসবাদৰ দৰে অপৰাধৰ ঘটনা বৃদ্ধি পাইছে,"।  মাৰ্কিন বিদেশ বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। পৰ্যটন স্থলীসমূহতো যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বুলি নিৰ্দেশনাটোত কোৱা হৈছে। সেইকাৰণে পৰ্যটকসকলে অধিক সাৱধান হোৱা প্ৰয়োজন বুলি সতৰ্ক কৰি দিয়া হৈছে।

জম্মু আৰু কাশ্মীৰ ভ্ৰমণ নকৰিবলৈ মাৰ্কিন পৰ্যটকক বিশেষ ভাবে আহ্বান জনোৱা হৈছে। ভাৰত-পাকিস্তান সীমান্তৰ ১০কিলোমিটাৰৰ ভিতৰত সংঘৰ্ষৰ সম্ভাৱনা আছে বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। সেই স্থানতে সৰ্বাধিক  সন্ত্ৰাসবাদ আৰু অস্থিৰতাৰ ঘটনা সংঘটিত হয় বুলিও কোৱা হৈছে।  আমেৰিকা চৰকাৰে পাকিস্তান ভ্ৰমণৰ বিৰুদ্ধেও কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। সাম্প্ৰদায়িক হিংসা আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ সম্ভাৱনাৰ বাবে পৰ্যটকসকলক কেইবাখনো দেশ  ভ্ৰমণ কৰিবলৈ নিষেধ কৰা হৈছে।

ইফালে, ভাৰতত অপৰাধ আৰু সন্ত্ৰাসবাদ সম্পৰ্কে সতৰ্কবাণী দিয়া স্বত্বেও আমেৰিকাত অপৰাধৰ ঘটনা নিৰন্তৰ বৃদ্ধি পাই আহিছে। বুধবাৰে কেলিফৰ্ণিয়াত এটি আঠ মহীয়া কেঁচুৱাসহ এটা ভাৰতীয় বংশোদ্ভূত শিখ পৰিয়ালৰ চাৰিজন সদস্যক মৃত অৱস্থাত পোৱা গৈছিল। আমেৰিকাত এজনৰ পিছত আনজন ভাৰতীয় বংশোদ্ভূত ব্যক্তিৰ ৰহস্যজনক মৃত্যুৱে  আলোড়নৰ সৃষ্টি কৰিছে।

 আনহাতে, ইণ্ডিয়ানা প্ৰদেশত আন এজন ভাৰতীয় বংশোদ্ভূত ছাত্ৰক হত্যা কৰা হৈছিল। বৰুণ মনীষ চাধাৰ মৃতদেহ ইণ্ডিয়ানপলিছৰ বিশ্ববিদ্যালয় চৌহদৰ  পৰা উদ্ধাৰ কৰা হৈছিল।এই সপ্তাহৰ আৰম্ভণিতে, পাকিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি ডনাল্ড ব্লমে পাক অধিকৃত কাশ্মীৰ (ভ্ৰমণ কৰিছিল। তাত দিয়া ভাষণত তেওঁ পাকিস্তানৰ অধিকৃত অঞ্চল বা অধিকৃত কাশ্মীৰক 'আজাদ কাশ্মীৰ' বুলি উল্লেখ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক