--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অটিটি প্লেটফৰ্মত জনপ্ৰিয়তা অৰ্জন কৰা ৱেব ছিৰিজ মিৰ্জাপুৰ নতুন ৰূপত আহি আছে দৰ্শকৰ মাজলৈ।‘মিৰ্জাপুৰ ছিজন ৩’ৰ পাছত ডাঙৰ পৰ্দাত মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে নিৰ্মাতাসকলে। শেহতীয়াকৈ ফাৰহান আখতাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অনুৰাগীসকলক এই সুখবৰ প্ৰদান কৰে। এই ভিডিঅ’ বাৰ্তাত একেলগে দেখা যায় ধাৰাবাহিক খনৰ কালিন ভাইয়া, মুন্না ভাইয়া আৰু গুড্ডু পণ্ডিতক।

মিৰ্জাপুৰ ৱেব ছিৰিজ খনৰ প্ৰথম দুটা ছিজনে জনসাধাৰণৰ পৰা যিদৰে সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল তৃতীয়টো ছিজনত প্ৰথম দুটা ছিজনৰ দৰে সঁহাৰি লাভ কৰা নাছিল।ৱেব ছিৰিজ খনত কৰা পৰিৱৰ্তনৰ বাবে দৰ্শকৰ সঁহাৰি কমিয়োৱা বুলি ক’ব পাৰি, যিটো দৰ্শকে আশা কৰা নাছিল। এনে পৰিস্থিতিত নিৰ্মাতাসকলে জনসাধাৰণৰ মান ৰাখিবলৈ এটা খণ্ড দৰ্শকলৈ আগবঢ়াইছিল যদিও দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম নহ’ল। এতিয়া  মিৰ্জাপুৰ ৱেব ছিৰিজ ছবিৰ ৰূপত ছবিগৃহত মুক্তি দিয়া হ’ব। ছবিখনে ২০২৬ চনত মুক্তি পাব বুলি নিৰ্মাতা সকলে সদৰি কৰিছে৷

২০২৬ত মুক্তি পাব লগীয়া ‘MIRZAPUR THE FILM’ ৰ মুখ্য চৰিত্ৰ, কালিন ভাইয়াৰ চৰিত্ৰত পংকজ ত্ৰিপাঠী, গুড্ডু পণ্ডিতৰ চৰিত্ৰত আলী ফাজল, আৰু মুন্না ত্ৰিপাঠীৰ চৰিত্ৰত দিব্যেণ্ডুকে ধৰি অভিষেক বেনাৰ্জীযকো কম্পাউণ্ডাৰৰ চৰিত্ৰত দেখা পোৱা যাব৷ 

আমাজন এম জি এম ষ্টুডিঅ’ আৰু এক্সেল এণ্টাৰটেইনমেণ্টে ‘মিৰ্জাপুৰ’ ছবিগৃহত মুক্তি দিবৰ বাবে সাজো হৈ উঠিছে৷নিৰ্মাতা সকলে দৰ্শকৰ সঁহাৰি লাভকৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু