--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অটিটি প্লেটফৰ্মত জনপ্ৰিয়তা অৰ্জন কৰা ৱেব ছিৰিজ মিৰ্জাপুৰ নতুন ৰূপত আহি আছে দৰ্শকৰ মাজলৈ।‘মিৰ্জাপুৰ ছিজন ৩’ৰ পাছত ডাঙৰ পৰ্দাত মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে নিৰ্মাতাসকলে। শেহতীয়াকৈ ফাৰহান আখতাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অনুৰাগীসকলক এই সুখবৰ প্ৰদান কৰে। এই ভিডিঅ’ বাৰ্তাত একেলগে দেখা যায় ধাৰাবাহিক খনৰ কালিন ভাইয়া, মুন্না ভাইয়া আৰু গুড্ডু পণ্ডিতক।

মিৰ্জাপুৰ ৱেব ছিৰিজ খনৰ প্ৰথম দুটা ছিজনে জনসাধাৰণৰ পৰা যিদৰে সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল তৃতীয়টো ছিজনত প্ৰথম দুটা ছিজনৰ দৰে সঁহাৰি লাভ কৰা নাছিল।ৱেব ছিৰিজ খনত কৰা পৰিৱৰ্তনৰ বাবে দৰ্শকৰ সঁহাৰি কমিয়োৱা বুলি ক’ব পাৰি, যিটো দৰ্শকে আশা কৰা নাছিল। এনে পৰিস্থিতিত নিৰ্মাতাসকলে জনসাধাৰণৰ মান ৰাখিবলৈ এটা খণ্ড দৰ্শকলৈ আগবঢ়াইছিল যদিও দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম নহ’ল। এতিয়া  মিৰ্জাপুৰ ৱেব ছিৰিজ ছবিৰ ৰূপত ছবিগৃহত মুক্তি দিয়া হ’ব। ছবিখনে ২০২৬ চনত মুক্তি পাব বুলি নিৰ্মাতা সকলে সদৰি কৰিছে৷

২০২৬ত মুক্তি পাব লগীয়া ‘MIRZAPUR THE FILM’ ৰ মুখ্য চৰিত্ৰ, কালিন ভাইয়াৰ চৰিত্ৰত পংকজ ত্ৰিপাঠী, গুড্ডু পণ্ডিতৰ চৰিত্ৰত আলী ফাজল, আৰু মুন্না ত্ৰিপাঠীৰ চৰিত্ৰত দিব্যেণ্ডুকে ধৰি অভিষেক বেনাৰ্জীযকো কম্পাউণ্ডাৰৰ চৰিত্ৰত দেখা পোৱা যাব৷ 

আমাজন এম জি এম ষ্টুডিঅ’ আৰু এক্সেল এণ্টাৰটেইনমেণ্টে ‘মিৰ্জাপুৰ’ ছবিগৃহত মুক্তি দিবৰ বাবে সাজো হৈ উঠিছে৷নিৰ্মাতা সকলে দৰ্শকৰ সঁহাৰি লাভকৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ