--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিনেমাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰা তথা লগতে ভাৰতৰ কেইবাসহস্ৰ বৰ্ষ পুৰণি ঐতিহ্যময় সভ্যতা, সংস্কৃতিক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্যৰে আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজি সফল সামৰণি পৰে। 

গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত দুয়ো দিনতে ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শিত হয়। মহোৎসৱৰ দুয়োটা দিনতে চিনেমানুৰাগীৰ উপস্থিতি তথা আগ্ৰহ আছিল উল্লেখনীয়।প্ৰতিযোগিতামুলক আৰু অনা-প্ৰতিযোগিতামুলক দুটা শাখাত ছবিসমূহ প্ৰদৰ্শিত হয়। 

কেইবাখনো চুটি ছবিয়ে অফিচিয়েল চিলেকচন লাভ কৰাৰ লগতে ডঃ সঞ্জীৱ নাৰায়ণ, ডাঃ অক্ষতা নাৰায়ণ আৰু দীপাংকৰ কাশ্যপে প্ৰযোজনা কৰা ‘ৰং নাম্বাৰ’ ছবি খনেও অফিচিয়েল চিলেকচন লাভ কৰে৷ ছবি খনৰ পৰিচালক বিজিত বৰগোঁহাই আৰু ‘ৰং নাম্বাৰ’ৰ চিত্ৰ নাট্যকাৰ অভিজিত নায়কে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা লাভ কৰিছে।

বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান "চলচ্চিত্ৰম"ৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় চিত্ৰ সাধনাৰ প্ৰমুখ অতুল গাংৱাৰ জীয়ে। বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গাংৱাৰে কয় যে, চলচ্চিত্ৰক বিভাজন নহয়, সমন্বয়ৰ মাধ্যম হিচাপে গঢ়াত গুৰুত্ব আৰোপ কৰে। চলচ্চিত্ৰ নিৰ্মাতাক নিজৰ সৃষ্টিৰ ব্ৰক্ষ্মা হিচাপে অভিহিত কৰি গাংৱাৰজীয়ে চলচ্চিত্ৰৰ জৰিয়তে দেশ আৰু সংস্কৃতিৰ ইতিবাচক দিশ জনসমক্ষলৈ অনাৰ বাবে আহ্বান জনায়। 

মহোৎসৱত উত্তৰ পূৰ্বাঞ্চল ছবি শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে জ্যোতিপ্ৰসাদ দাস পৰিচালিত ‘দ্য ছিলভান ছাগা’ই। সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় ছ’ৰিল য়াল্লাট্টিকাৰ পৰিচালিত ‘জাছৱান্দা’। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ‘দ্য ছিলভান ছাড়া’ৰ পৰিচালক জ্যোতি প্ৰসাদ দাসে। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফীৰ বঁটা লাভ কৰে ‘টিন্‌চ অৱ নাইন্‌টিন ফ’ৰ্টি টু’ৰ বাবে চিদা বৰা আৰু সৰ্পিল নন্দন ডেকা তথা ‘আদি শক্তি মা কামাখ্যা’ৰ বাবে প্ৰদীপ চন্দ্ৰ শৰ্মা আৰু অংশুমান বৰুৱাই। ‘বীৰুবালা’ৰ বাবে ভাস্কৰ জ্যোতি ভূঞাই লাভ কৰে শ্ৰেষ্ঠ সম্পাদকৰ বঁটা।জুৰীৰ “স্পেচিয়েল মেনশ্যন” বঁটা পাই দেৱজানী হালদাৰ পৰিচালিত “এ লেটাৰ টু মাই হোম”-এ। 

সামৰণি অনুষ্ঠানত জুৰিসকল ড° সন্তোষ পাথাৰি, যদুমনি দত্ত, সংস্কাৰ দেশাই আৰু অইনম গৌতমে অংশগ্ৰহণ কৰে। বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই ভাৰত মাতাৰ চিত্ৰত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিভিন্ন শিতানৰ বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। 

‘আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ’ মূল বিষয়বস্তুৰ লগতে ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰাংকন, চিত্ৰাংকন আৰু কাঠত খোদিত কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতিসৌধ আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকল, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা,পৰিয়াল ব্যৱস্থা,মহিলা,পৰিবেশ আদি বিষয়ক প্ৰাধান্য দি নিৰ্মিত কেবাখনো চুটি ছবি তথা তথ্যচিত্ৰ‌ই দৰ্শকৰ মনত ৰেখাপাত কৰা পৰিলক্ষিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ