--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিনেমাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰা তথা লগতে ভাৰতৰ কেইবাসহস্ৰ বৰ্ষ পুৰণি ঐতিহ্যময় সভ্যতা, সংস্কৃতিক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্যৰে আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজি সফল সামৰণি পৰে। 

গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত দুয়ো দিনতে ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শিত হয়। মহোৎসৱৰ দুয়োটা দিনতে চিনেমানুৰাগীৰ উপস্থিতি তথা আগ্ৰহ আছিল উল্লেখনীয়।প্ৰতিযোগিতামুলক আৰু অনা-প্ৰতিযোগিতামুলক দুটা শাখাত ছবিসমূহ প্ৰদৰ্শিত হয়। 

কেইবাখনো চুটি ছবিয়ে অফিচিয়েল চিলেকচন লাভ কৰাৰ লগতে ডঃ সঞ্জীৱ নাৰায়ণ, ডাঃ অক্ষতা নাৰায়ণ আৰু দীপাংকৰ কাশ্যপে প্ৰযোজনা কৰা ‘ৰং নাম্বাৰ’ ছবি খনেও অফিচিয়েল চিলেকচন লাভ কৰে৷ ছবি খনৰ পৰিচালক বিজিত বৰগোঁহাই আৰু ‘ৰং নাম্বাৰ’ৰ চিত্ৰ নাট্যকাৰ অভিজিত নায়কে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা লাভ কৰিছে।

বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান "চলচ্চিত্ৰম"ৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় চিত্ৰ সাধনাৰ প্ৰমুখ অতুল গাংৱাৰ জীয়ে। বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গাংৱাৰে কয় যে, চলচ্চিত্ৰক বিভাজন নহয়, সমন্বয়ৰ মাধ্যম হিচাপে গঢ়াত গুৰুত্ব আৰোপ কৰে। চলচ্চিত্ৰ নিৰ্মাতাক নিজৰ সৃষ্টিৰ ব্ৰক্ষ্মা হিচাপে অভিহিত কৰি গাংৱাৰজীয়ে চলচ্চিত্ৰৰ জৰিয়তে দেশ আৰু সংস্কৃতিৰ ইতিবাচক দিশ জনসমক্ষলৈ অনাৰ বাবে আহ্বান জনায়। 

মহোৎসৱত উত্তৰ পূৰ্বাঞ্চল ছবি শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে জ্যোতিপ্ৰসাদ দাস পৰিচালিত ‘দ্য ছিলভান ছাগা’ই। সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় ছ’ৰিল য়াল্লাট্টিকাৰ পৰিচালিত ‘জাছৱান্দা’। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ‘দ্য ছিলভান ছাড়া’ৰ পৰিচালক জ্যোতি প্ৰসাদ দাসে। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফীৰ বঁটা লাভ কৰে ‘টিন্‌চ অৱ নাইন্‌টিন ফ’ৰ্টি টু’ৰ বাবে চিদা বৰা আৰু সৰ্পিল নন্দন ডেকা তথা ‘আদি শক্তি মা কামাখ্যা’ৰ বাবে প্ৰদীপ চন্দ্ৰ শৰ্মা আৰু অংশুমান বৰুৱাই। ‘বীৰুবালা’ৰ বাবে ভাস্কৰ জ্যোতি ভূঞাই লাভ কৰে শ্ৰেষ্ঠ সম্পাদকৰ বঁটা।জুৰীৰ “স্পেচিয়েল মেনশ্যন” বঁটা পাই দেৱজানী হালদাৰ পৰিচালিত “এ লেটাৰ টু মাই হোম”-এ। 

সামৰণি অনুষ্ঠানত জুৰিসকল ড° সন্তোষ পাথাৰি, যদুমনি দত্ত, সংস্কাৰ দেশাই আৰু অইনম গৌতমে অংশগ্ৰহণ কৰে। বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই ভাৰত মাতাৰ চিত্ৰত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিভিন্ন শিতানৰ বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। 

‘আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ’ মূল বিষয়বস্তুৰ লগতে ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰাংকন, চিত্ৰাংকন আৰু কাঠত খোদিত কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতিসৌধ আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকল, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা,পৰিয়াল ব্যৱস্থা,মহিলা,পৰিবেশ আদি বিষয়ক প্ৰাধান্য দি নিৰ্মিত কেবাখনো চুটি ছবি তথা তথ্যচিত্ৰ‌ই দৰ্শকৰ মনত ৰেখাপাত কৰা পৰিলক্ষিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু