--°C
Loading...
Listen to Article
2 min read
80%
বেইজিং: কৰ’নাৰ বিৰুদ্ধে 'শূন্য সহনশীল' নীতি গ্ৰহণ কৰিছে চীনে । কেনেবাকৈ এজন ব্যক্তিও যদি কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পাইছে তেতিয়াও প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কৰ’নাক্ৰান্ত ব্যক্তিক ধাতুৰ বাকচত বন্দী কৰি এইবিধ মহামাৰীক ৰুধিবলৈ নানা কাৰ্যপন্থা হাতত লোৱা তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। প্ৰশাসনে চীনৰ ৰাজধানী বেইজিঙত এজন ব্যক্তিৰ দেহত অ’মিক্ৰনৰ উপস্থিতিৰ সম্ভেদ পোৱাৰ পাছতে তদন্ত আৰম্ভ কৰিছিল। শেহতীয়াকৈ, কানাডাৰ পৰা অহা চিঠিবোৰে কৰ’না সংক্ৰমণ বৃদ্ধি কৰা বুলি দাবী কৰিছে বেইজিঙে। তেওঁলোকৰ দাবী অনুসৰি, ৭ জানুৱাৰীত কানাডাৰ পৰা এখন চিঠিত পাইছিল কৰ’না। চিঠিখনৰ পৰাই সংক্ৰমণ বিয়পি পৰিছে। বেইজিঙৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ উপ-সঞ্চালক পাং শিংহুয়োৱে কয়, ‘কৰ্মক্ষেত্ৰত আক্ৰান্ত ব্যক্তিগৰাকীলৈ প্ৰায়ে বিদেশৰ পৰা চিঠি আহে। পত্ৰখনৰ সংস্পৰ্শলৈ অহা সকলো কৰ্মচাৰী এতিয়া কোৱাৰেণ্টাইনত আছে। অৱশ্যে, চিকিৎসক আৰু অন্যান্য স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে চিঠিৰ পৰা কৰ’না মহামাৰী বিয়পি পৰা ঘটনা বিৰল। চিঠিৰ দৰে নিষ্প্ৰাণ বস্তু এটাত ভাইৰাছ এটা বৰ বেছি দিন জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ বহু শীৰ্ষ চিকিৎসক আৰু বিশেষজ্ঞৰ দলে এনেদৰে সংক্ৰমণ বিয়পা কথাটো সহজে গ্ৰহণ কৰিব পৰা নাই। তথাপি, কঠোৰ চীন। সাৱধানতাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই চীনে। সেয়েহে, বাহিৰৰ পৰা অহা যিকোনো সামগ্ৰী গ্ৰহণৰ পূৰ্বে হেণ্ড গ্ল’ভছ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে চীনা নাগৰিকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ