--°C
Loading...
Listen to Article
2 min read
80%
বেইজিং: কৰ’নাৰ বিৰুদ্ধে 'শূন্য সহনশীল' নীতি গ্ৰহণ কৰিছে চীনে । কেনেবাকৈ এজন ব্যক্তিও যদি কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পাইছে তেতিয়াও প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কৰ’নাক্ৰান্ত ব্যক্তিক ধাতুৰ বাকচত বন্দী কৰি এইবিধ মহামাৰীক ৰুধিবলৈ নানা কাৰ্যপন্থা হাতত লোৱা তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। প্ৰশাসনে চীনৰ ৰাজধানী বেইজিঙত এজন ব্যক্তিৰ দেহত অ’মিক্ৰনৰ উপস্থিতিৰ সম্ভেদ পোৱাৰ পাছতে তদন্ত আৰম্ভ কৰিছিল। শেহতীয়াকৈ, কানাডাৰ পৰা অহা চিঠিবোৰে কৰ’না সংক্ৰমণ বৃদ্ধি কৰা বুলি দাবী কৰিছে বেইজিঙে। তেওঁলোকৰ দাবী অনুসৰি, ৭ জানুৱাৰীত কানাডাৰ পৰা এখন চিঠিত পাইছিল কৰ’না। চিঠিখনৰ পৰাই সংক্ৰমণ বিয়পি পৰিছে। বেইজিঙৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ উপ-সঞ্চালক পাং শিংহুয়োৱে কয়, ‘কৰ্মক্ষেত্ৰত আক্ৰান্ত ব্যক্তিগৰাকীলৈ প্ৰায়ে বিদেশৰ পৰা চিঠি আহে। পত্ৰখনৰ সংস্পৰ্শলৈ অহা সকলো কৰ্মচাৰী এতিয়া কোৱাৰেণ্টাইনত আছে। অৱশ্যে, চিকিৎসক আৰু অন্যান্য স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে চিঠিৰ পৰা কৰ’না মহামাৰী বিয়পি পৰা ঘটনা বিৰল। চিঠিৰ দৰে নিষ্প্ৰাণ বস্তু এটাত ভাইৰাছ এটা বৰ বেছি দিন জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ বহু শীৰ্ষ চিকিৎসক আৰু বিশেষজ্ঞৰ দলে এনেদৰে সংক্ৰমণ বিয়পা কথাটো সহজে গ্ৰহণ কৰিব পৰা নাই। তথাপি, কঠোৰ চীন। সাৱধানতাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই চীনে। সেয়েহে, বাহিৰৰ পৰা অহা যিকোনো সামগ্ৰী গ্ৰহণৰ পূৰ্বে হেণ্ড গ্ল’ভছ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে চীনা নাগৰিকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু