--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থা আন্তৰ্জাতিক শ্ৰমিক সংগঠন, চমুকৈ আইএলঅ’ৰ ‘ৱৰ্ল্ড ইকনমিক এণ্ড ছ’চিয়েল আউটলুক - ট্ৰেণ্ডচ ২০২২’ শীৰ্ষক এক প্ৰতিবেদনত চলিত বছৰত ৫২ নিযুত চাকৰিৰ ঘাটি হোৱাৰ লগতে ২১ নিযুত পৰ্যন্ত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ’ব বুলি তথ্য প্ৰকাশ পাইছে৷ মহামাৰীৰ পূৰ্বৰ, মহামাৰীৰ সময়ৰ আৰু মহামাৰীৰ পাছৰ সময়ছোৱাত বিশ্বব্যাপী শ্ৰমিক বজাৰত মুদ্ৰাস্ফীতিয়ে উপাৰ্জনৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰিছে, যাৰ ফলত বৃদ্ধি হৈছে ব্যয়ৰ পৰিমাণ৷ প্ৰতিবেদনটোত স্পষ্টকৈ প্ৰকাশ পাইছে যে, ২০২২ চনত বিশ্বব্যাপী নিবনুৱাৰ সংখ্যা ২০৭ নিযুতৰ ঘৰ অতিক্ৰম কৰিব৷ যি সংখ্যাই ২০১৯ চনৰ ২১ নিযুতৰ স্তৰক অতিক্ৰম কৰিব। আন্তৰ্জাতিক শ্ৰমিক সংগঠনটোৱে লগতে কৈছে যে বিশ্বব্যাপী শ্ৰমিক বজাৰৰ উপাৰ্জনৰ পৰিমাণ মহামাৰীৰ পূৰ্বৰ প্ৰদৰ্শনলৈ ঘূৰি যোৱাতো আগত বছৰবোৰত বিশ্বৰ বেছিভাগ অংশৰ বাবেই আধৰুৱা তথা অসম্ভৱ হৈ ৰোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে ভৱিষ্যদ্বাণী কৰিছে যে এই বছৰ বিশ্বব্যাপী কৰ্মসময়ৰ মুঠ ঘণ্টা মহামাৰীৰ পূৰ্বৰ স্তৰৰ প্ৰায় ২ শতাংশ তলত থাকিব, যি হৈছে ৫২ নিযুত পূৰ্ণ-সময়ৰ সমতুল্য চাকৰিৰ ঘাটি৷ লেটিন আমেৰিকা কেৰিবিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ বাবে অৰ্থনৈতিক দৃষ্টিভংগী আটাইতকৈ নেতিবাচক বুলি উল্লেখ কৰা হৈছে এই অৰ্থনৈতিক প্ৰতিবেদনখনত৷ শ্ৰমিকে সামগ্ৰী বা সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত নিৰ্ভৰ কৰা উন্নয়নশীল অৰ্থনীতিয়ে বিশেষকৈ অৰ্থনৈতিক বিকাশত মহামাৰী সম্পৰ্কীয় পৰিৱৰ্তনৰ ফলত হোৱা অস্থিৰ চাহিদাৰ সৈতে খাপ খুৱাবলৈ যত্ন কৰিবলগীয়া হৈছে৷ পৰ্যটন-নিৰ্ভৰশীল অৰ্থনীতিবোৰে মহামাৰীৰ সময়ত সীমান্ত অঞ্চল বন্ধ আৰু ৰাজহ হেৰুওৱাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বুলি প্ৰতিবেদনখনে লগতে কয়৷ নিযুক্তি হেৰুওৱা আৰু কামৰ সময় হ্ৰাস হোৱাত উপাৰ্জনো হ্ৰাস হোৱাৰ ফলত হোৱা বিত্তীয় চাপ উন্নয়নশীল অৰ্থনীতিত সামাজিক সুৰক্ষাৰ সংকটাপন্ন বিষয়টো সুপৰিকল্পিত আঁচনিৰ অভাৱৰ ফলত অধিক বৃদ্ধি পাইছে। ইয়াৰ সামগ্ৰিক প্ৰভাৱ পৰিছে স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত৷ তথ্য অনুসৰি, ২০২০ চনত অতিৰিক্ত ৩০ নিযুত প্ৰাপ্তবয়স্ক লোক বেতনভুক্ত কামৰ বাহিৰত থকাৰ সময়ত অত্যাধিক দৰিদ্ৰতাৰ কবলত পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ