--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থা আন্তৰ্জাতিক শ্ৰমিক সংগঠন, চমুকৈ আইএলঅ’ৰ ‘ৱৰ্ল্ড ইকনমিক এণ্ড ছ’চিয়েল আউটলুক - ট্ৰেণ্ডচ ২০২২’ শীৰ্ষক এক প্ৰতিবেদনত চলিত বছৰত ৫২ নিযুত চাকৰিৰ ঘাটি হোৱাৰ লগতে ২১ নিযুত পৰ্যন্ত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ’ব বুলি তথ্য প্ৰকাশ পাইছে৷ মহামাৰীৰ পূৰ্বৰ, মহামাৰীৰ সময়ৰ আৰু মহামাৰীৰ পাছৰ সময়ছোৱাত বিশ্বব্যাপী শ্ৰমিক বজাৰত মুদ্ৰাস্ফীতিয়ে উপাৰ্জনৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰিছে, যাৰ ফলত বৃদ্ধি হৈছে ব্যয়ৰ পৰিমাণ৷ প্ৰতিবেদনটোত স্পষ্টকৈ প্ৰকাশ পাইছে যে, ২০২২ চনত বিশ্বব্যাপী নিবনুৱাৰ সংখ্যা ২০৭ নিযুতৰ ঘৰ অতিক্ৰম কৰিব৷ যি সংখ্যাই ২০১৯ চনৰ ২১ নিযুতৰ স্তৰক অতিক্ৰম কৰিব। আন্তৰ্জাতিক শ্ৰমিক সংগঠনটোৱে লগতে কৈছে যে বিশ্বব্যাপী শ্ৰমিক বজাৰৰ উপাৰ্জনৰ পৰিমাণ মহামাৰীৰ পূৰ্বৰ প্ৰদৰ্শনলৈ ঘূৰি যোৱাতো আগত বছৰবোৰত বিশ্বৰ বেছিভাগ অংশৰ বাবেই আধৰুৱা তথা অসম্ভৱ হৈ ৰোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে ভৱিষ্যদ্বাণী কৰিছে যে এই বছৰ বিশ্বব্যাপী কৰ্মসময়ৰ মুঠ ঘণ্টা মহামাৰীৰ পূৰ্বৰ স্তৰৰ প্ৰায় ২ শতাংশ তলত থাকিব, যি হৈছে ৫২ নিযুত পূৰ্ণ-সময়ৰ সমতুল্য চাকৰিৰ ঘাটি৷ লেটিন আমেৰিকা কেৰিবিয়ান আৰু দক্ষিণ-পূব এছিয়াৰ বাবে অৰ্থনৈতিক দৃষ্টিভংগী আটাইতকৈ নেতিবাচক বুলি উল্লেখ কৰা হৈছে এই অৰ্থনৈতিক প্ৰতিবেদনখনত৷ শ্ৰমিকে সামগ্ৰী বা সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত নিৰ্ভৰ কৰা উন্নয়নশীল অৰ্থনীতিয়ে বিশেষকৈ অৰ্থনৈতিক বিকাশত মহামাৰী সম্পৰ্কীয় পৰিৱৰ্তনৰ ফলত হোৱা অস্থিৰ চাহিদাৰ সৈতে খাপ খুৱাবলৈ যত্ন কৰিবলগীয়া হৈছে৷ পৰ্যটন-নিৰ্ভৰশীল অৰ্থনীতিবোৰে মহামাৰীৰ সময়ত সীমান্ত অঞ্চল বন্ধ আৰু ৰাজহ হেৰুওৱাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বুলি প্ৰতিবেদনখনে লগতে কয়৷ নিযুক্তি হেৰুওৱা আৰু কামৰ সময় হ্ৰাস হোৱাত উপাৰ্জনো হ্ৰাস হোৱাৰ ফলত হোৱা বিত্তীয় চাপ উন্নয়নশীল অৰ্থনীতিত সামাজিক সুৰক্ষাৰ সংকটাপন্ন বিষয়টো সুপৰিকল্পিত আঁচনিৰ অভাৱৰ ফলত অধিক বৃদ্ধি পাইছে। ইয়াৰ সামগ্ৰিক প্ৰভাৱ পৰিছে স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত৷ তথ্য অনুসৰি, ২০২০ চনত অতিৰিক্ত ৩০ নিযুত প্ৰাপ্তবয়স্ক লোক বেতনভুক্ত কামৰ বাহিৰত থকাৰ সময়ত অত্যাধিক দৰিদ্ৰতাৰ কবলত পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু