--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ৰ শীৰ্ষ বলীউড অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আলিয়া ভাট। অতি সোনকালেই হলিউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱা আলিয়াই ২০১২ চনত ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনেৰে বলীউডত খোজ পেলাইছিল। পৰিচালক কৰণ জোহৰৰ এই ছবিখনত আলিয়াৰ সৈতে আছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু বৰুণ ধাৱান।

প্ৰথমবাৰৰ বাবে অভিনয় কৰিয়েই আলিয়াৰ কেৰিয়াৰ উৰ্ধমুখী হৈ পৰিছিল। আলিয়াই জীৱনৰ প্ৰথমখন ছবিৰ বাবে কিমান মাচুল পাইছিল জানেনে?

চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাট আৰু অভিনেত্ৰী ছোনী ৰাজদানৰ কন্যা আলিয়াই মাত্ৰ ১৯ বছৰ বয়সতে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। শেহতীয়াকৈ আলিয়াই নিজৰ ১০ বছৰীয়া চলচ্চিত্ৰ যাত্ৰাৰ বিষয়ে কয় আৰু প্ৰথমখন ছবিত তেওঁৰ মাচুল কিমান আছিল সেই কথা কৈছিল।

আলিয়াই কয় যে ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ৰ বাবে তেওঁ ১৫ লাখ টকা লাভ কৰিছিল। এতিয়া এটা স্বাভাৱিক প্ৰশ্ন মনলৈ আহে যে আলিয়াই প্ৰথম উপাৰ্জনেৰে কি কৰিছিল? ইয়াৰ উত্তৰত আলিয়াই কয় যে তেওঁ প্ৰথম পে’ চেকখনেৰে একো কৰা নাছিল, বৰঞ্চ পোনপটীয়াকৈ মাকৰ হাতত তুলি দিছিল।

আলিয়াই ক’লে, ‘মই চেকখন চিধাই মাক দিছিলোঁ আৰু বৰ মৰমেৰে কৈছিলোঁ - মা, তুমি টকাখিনি চম্ভালিবা’। আজিলৈকে মোৰ টকাৰ হিচাপবোৰ মোৰ মায়েই চোৱা-চিতা কৰে।

উল্লেখ্য যে কৰণ জোহৰৰ ছবি ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনৰ চিত্ৰনাট্যৰ দুৰ্বলতাৰ বাবে সমালোচনা কৰা হৈছিল। ছবিখন বক্স অফিচত সফল হৈছিল যদিও আজিও এই ছবিখন কৰণৰ আটাইতকৈ বেয়া ছবি বুলি কোৱা হয়। শেহতীয়াকৈ তেওঁৰ ‘কফি উইথ কৰণ ৭’ অনুষ্ঠানত কৰণে নিজেই স্বীকাৰ কৰিছিল যে তেওঁৰ এই ছবিখনত বহু ভুল ৰৈ গ’ল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?