--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ৰ শীৰ্ষ বলীউড অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আলিয়া ভাট। অতি সোনকালেই হলিউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱা আলিয়াই ২০১২ চনত ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনেৰে বলীউডত খোজ পেলাইছিল। পৰিচালক কৰণ জোহৰৰ এই ছবিখনত আলিয়াৰ সৈতে আছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু বৰুণ ধাৱান।

প্ৰথমবাৰৰ বাবে অভিনয় কৰিয়েই আলিয়াৰ কেৰিয়াৰ উৰ্ধমুখী হৈ পৰিছিল। আলিয়াই জীৱনৰ প্ৰথমখন ছবিৰ বাবে কিমান মাচুল পাইছিল জানেনে?

চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাট আৰু অভিনেত্ৰী ছোনী ৰাজদানৰ কন্যা আলিয়াই মাত্ৰ ১৯ বছৰ বয়সতে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। শেহতীয়াকৈ আলিয়াই নিজৰ ১০ বছৰীয়া চলচ্চিত্ৰ যাত্ৰাৰ বিষয়ে কয় আৰু প্ৰথমখন ছবিত তেওঁৰ মাচুল কিমান আছিল সেই কথা কৈছিল।

আলিয়াই কয় যে ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ৰ বাবে তেওঁ ১৫ লাখ টকা লাভ কৰিছিল। এতিয়া এটা স্বাভাৱিক প্ৰশ্ন মনলৈ আহে যে আলিয়াই প্ৰথম উপাৰ্জনেৰে কি কৰিছিল? ইয়াৰ উত্তৰত আলিয়াই কয় যে তেওঁ প্ৰথম পে’ চেকখনেৰে একো কৰা নাছিল, বৰঞ্চ পোনপটীয়াকৈ মাকৰ হাতত তুলি দিছিল।

আলিয়াই ক’লে, ‘মই চেকখন চিধাই মাক দিছিলোঁ আৰু বৰ মৰমেৰে কৈছিলোঁ - মা, তুমি টকাখিনি চম্ভালিবা’। আজিলৈকে মোৰ টকাৰ হিচাপবোৰ মোৰ মায়েই চোৱা-চিতা কৰে।

উল্লেখ্য যে কৰণ জোহৰৰ ছবি ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনৰ চিত্ৰনাট্যৰ দুৰ্বলতাৰ বাবে সমালোচনা কৰা হৈছিল। ছবিখন বক্স অফিচত সফল হৈছিল যদিও আজিও এই ছবিখন কৰণৰ আটাইতকৈ বেয়া ছবি বুলি কোৱা হয়। শেহতীয়াকৈ তেওঁৰ ‘কফি উইথ কৰণ ৭’ অনুষ্ঠানত কৰণে নিজেই স্বীকাৰ কৰিছিল যে তেওঁৰ এই ছবিখনত বহু ভুল ৰৈ গ’ল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু