--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ গীতিকাৰৰ ৰূপত দেখা দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গ্ৰেমী বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গনি শ্বাহৰ সৈতে মিলি বজ্ৰা (Millet)ৰ উপকাৰিতা আৰু বিশ্বত ক্ষুধা নিবাৰণত ইয়াৰ সম্ভাৱনা প্ৰচাৰৰ বাবে গীত লিখিছে মোদীয়ে।

উল্লেখ্য, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত ভাৰতৰ প্ৰস্তাৱৰ পিছত ২০২৩ বৰ্ষটোক ‘আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষ’ (আই ৱাই এম) হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

মোদীয়ে যাৰ স’তে গীতটো লিখিছে, সেই গায়ক-গীতিকাৰ ফাল্গুনি শ্বাহৰ জন্ম হৈছিল মুম্বাইত। যি ফালু নামেৰে বেছি পৰিচিত। শুকুৰবাৰে তেওঁ আৰু তেওঁৰ স্বামী গৌৰৱ শ্বাহে মুকলি কৰে ‘এবডেন্স অফ মিলেটছ’ গীতটো।

ফালুৱে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ আৰু মোৰ স্বামী গৌৰৱ শ্বাহৰ সৈতে বহি গীতটো লিখিছিল। লগতে তেওঁ কয় যে ইংৰাজী আৰু হিন্দী ভাষাত লিখা গীতটো সকলোৰে গ্ৰহণযোগ্য হ’ব বুলি তেওঁলোকৰ বিশ্বাস।

২০২২ চনত ‘এ কালাৰফুল ৱৰ্ল্ড’ এলবামৰ বাবে ফালুৱে শ্ৰেষ্ঠ শিশু এলবামৰ গ্ৰেমী বঁটা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত তেওঁ কয় যে গ্ৰেমী বঁটা লাভ কৰাৰ পিছত নতুন দিল্লীত নৰেন্দ্ৰ মোডীক লগ পোৱাৰ সময়ত তেওঁৰ মনলৈ আহিছিল বজ্ৰা সম্পৰ্কে গীত লিখাৰ কথাটো।

সামাজিক পৰিৱৰ্তন আৰু মানৱতাৰ উন্নতিৰ বাবে সংগীতৰ অৱদানৰ কথা কওঁতে মোদীয়ে তেওঁক ক্ষুধা নিৰ্মূলত বজ্ৰাৰ ভূমিকা সম্পৰ্কে গীতটো লিখিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বজ্ৰাৰ প্ৰচাৰ কৰিব বিচাৰে, কিয়নো ই এটা ছুপাৰ গ্ৰেইন আৰু ইয়াৰ স্বাস্থ্য আৰু পুষ্টিকৰ গুণ বহুত।

ঠিক তাৰ পিছতেই ফালুৱে মোডীক এটা গীত লিখিবলৈ প্ৰস্তাৱ দিলে। গ্ৰেমী বিজয়ী কণ্ঠশিল্পীগৰাকীয়ে জনায় যে ১৬ জুনত বিশ্বজুৰি মুক্তি পাইছে এই গীতটো।












FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান