--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ গীতিকাৰৰ ৰূপত দেখা দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গ্ৰেমী বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গনি শ্বাহৰ সৈতে মিলি বজ্ৰা (Millet)ৰ উপকাৰিতা আৰু বিশ্বত ক্ষুধা নিবাৰণত ইয়াৰ সম্ভাৱনা প্ৰচাৰৰ বাবে গীত লিখিছে মোদীয়ে।

উল্লেখ্য, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত ভাৰতৰ প্ৰস্তাৱৰ পিছত ২০২৩ বৰ্ষটোক ‘আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষ’ (আই ৱাই এম) হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

মোদীয়ে যাৰ স’তে গীতটো লিখিছে, সেই গায়ক-গীতিকাৰ ফাল্গুনি শ্বাহৰ জন্ম হৈছিল মুম্বাইত। যি ফালু নামেৰে বেছি পৰিচিত। শুকুৰবাৰে তেওঁ আৰু তেওঁৰ স্বামী গৌৰৱ শ্বাহে মুকলি কৰে ‘এবডেন্স অফ মিলেটছ’ গীতটো।

ফালুৱে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ আৰু মোৰ স্বামী গৌৰৱ শ্বাহৰ সৈতে বহি গীতটো লিখিছিল। লগতে তেওঁ কয় যে ইংৰাজী আৰু হিন্দী ভাষাত লিখা গীতটো সকলোৰে গ্ৰহণযোগ্য হ’ব বুলি তেওঁলোকৰ বিশ্বাস।

২০২২ চনত ‘এ কালাৰফুল ৱৰ্ল্ড’ এলবামৰ বাবে ফালুৱে শ্ৰেষ্ঠ শিশু এলবামৰ গ্ৰেমী বঁটা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত তেওঁ কয় যে গ্ৰেমী বঁটা লাভ কৰাৰ পিছত নতুন দিল্লীত নৰেন্দ্ৰ মোডীক লগ পোৱাৰ সময়ত তেওঁৰ মনলৈ আহিছিল বজ্ৰা সম্পৰ্কে গীত লিখাৰ কথাটো।

সামাজিক পৰিৱৰ্তন আৰু মানৱতাৰ উন্নতিৰ বাবে সংগীতৰ অৱদানৰ কথা কওঁতে মোদীয়ে তেওঁক ক্ষুধা নিৰ্মূলত বজ্ৰাৰ ভূমিকা সম্পৰ্কে গীতটো লিখিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বজ্ৰাৰ প্ৰচাৰ কৰিব বিচাৰে, কিয়নো ই এটা ছুপাৰ গ্ৰেইন আৰু ইয়াৰ স্বাস্থ্য আৰু পুষ্টিকৰ গুণ বহুত।

ঠিক তাৰ পিছতেই ফালুৱে মোডীক এটা গীত লিখিবলৈ প্ৰস্তাৱ দিলে। গ্ৰেমী বিজয়ী কণ্ঠশিল্পীগৰাকীয়ে জনায় যে ১৬ জুনত বিশ্বজুৰি মুক্তি পাইছে এই গীতটো।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে