--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅসমৰ বান পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে। ৰাজ্যৰ ১১ খন জিলাত এতিয়া বানৰ তাণ্ডৱ চলিছে। ক্ষতিগ্ৰস্ত হৈছে ৩৪ হাজাৰৰো অধিক লোক। এনে সময়তে  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দবিয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বাস্থ্য সংস্থাসমূহৰ সৈতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত এক বৈঠকত অসমত বানৰ ফলত সৃ্ষ্টি হোৱা স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হয়৷ 

এই বৈঠকত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সংস্থাসমূহে অসমৰ বানপানীৰ ফলপ্ৰসূ ব্যৱস্থাপনা সুনিশ্চিত কৰা ব্যৱস্থাসমূহৰ মূল্যায়ন কৰে।  ড০ মান্দবিয়াই বান আৰু অন্যান্য জৰুৰীকালীন পৰিস্থিতিৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ মাজত শক্তিশালী সমন্বয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। তেওঁ বানপীড়িত অঞ্চলত গুৰুত্বপূৰ্ণ স্বাস্থ্য সঁজুলি, অক্সিজেন, চিকিৎসালয়ৰ বিচনাৰ লগতে বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ততাৰ প্ৰতি সাজু হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। তেওঁ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু ভেঁকুৰ তথা পানীজনিত ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বান-ব্যৱস্থাপনা আৰ্হি সন্দৰ্ভত কাম কৰিবলৈ বিষয়াসকলক আহ্বান জনায় । তেওঁ বিষয়াসকলক বিচনা, অক্সিজেন আৰু অন্যান্য স্বাস্থ্য সুবিধাৰ পৰ্যাপ্ততাৰ দৰে সকলো গুৰুত্বপূৰ্ণ তথ্যৰ তালিকা প্ৰস্তুত কৰি অনলাইন ডাটাবেছ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে যিকোনো স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ দক্ষতাৰে ব্যৱস্থাপনা নিশ্চিত কৰিব পাৰে।


স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰসমূহ যাতে প্ৰয়োজনীয় ঔষধ, কাৰ্যক্ষম চিকিৎসা সঁজুলি আৰু অন্যান্য সুবিধাসমূহেৰে সুসজ্জিত হৈ থাকে, তাৰ বাবেও বিষয়াসকলক আহ্বান জনায়। তেওঁ এবি-এইচডব্লিউচিসমূহত সকলো স্বাস্থ্যকৰ্মীক প্ৰশিক্ষণ দিয়াৰ নিৰ্দেশ দিয়ে, যাতে তেওঁলোকে এনে জৰুৰীকালীন অৱস্থাত অতি গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় স্বাস্থ্যসেৱা  আগবঢ়াবলৈ সষ্টম হৈ থাকে। "আশা, এএনএম, চিএইচঅ' আদি সকলে যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে নিজৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে জানিব লাগিব । আগতীয়া প্ৰশিক্ষণে জৰুৰীকালীন বান ব্যৱস্থাপনাৰ সময়ত স্বাস্থ্যসেৱা সেৱা প্ৰদান কৰাত ফলপ্ৰসূ হোৱাটো নিশ্চিত কৰিব", তেওঁ কয়।

অসমৰ প্ৰধান সচিব (স্বাস্থ্য) অবিনাশ যোশীয়ে জনায় যে ৰাজ্যখনত সকলো প্ৰয়োজনীয় ঔষধ পৰ্যাপ্ত পৰিমাণে মজুত আছে। পৰ্যালোচনা বৈঠকত বৰপেটা, কামৰূপ, কাছাৰ, লখিমপুৰ, ডিমা হাছাও আৰু ডিব্ৰুগড় জিলাকে ধৰি ছয়খন জিলাৰ উপায়ুক্তসকলে যোগদান কৰে, যিসকলে বানপানীৰ ফলপ্ৰসূ ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি নিয়মীয়াকৈ পৰ্যালোচনা কৰি আছে বুলি সদৰি কৰে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ডিজিএইচএছ ড০ অতুল গোৱেলে কয় যে তেওঁলোকৰ আঞ্চলিক কাৰ্যালয়সমূহে ৰাজ্য চৰকাৰক সহায় কৰাৰ বাবে সাজু হৈ আছে। তেওঁ লগতে কয় যে প্ৰয়োজন সাপেক্ষে ৰাজ্যখনক সহায় কৰাৰ বাবে এইমছ গুৱাহাটী আৰু এনচিডিচিৰ বিশেষজ্ঞৰ দল নিয়োগ কৰা হ’ব।                                                                                               

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস দিয়ে।
বৈঠকত স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব অশোক বাবু আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটী, উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (নেইগ্ৰিমছ), শ্বিলং; ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ–আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ (আইচিএমআৰ-আৰএমআৰচিএনই), ডিব্ৰুগড় আৰু আঞ্চলিক পেৰামেডিকেল আৰু নাৰ্চিং বিজ্ঞান প্ৰতিষ্ঠান (ৰিপানছ), আইজলৰ দৰে স্বীকৃতিপ্ৰাপ্ত সংস্থাসমূহৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে