--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অব্যাহত আছে মণিপুৰ সংঘৰ্ষ। শুকুৰবাৰে নিশা উন্মত্ত প্ৰতিবাদকাৰীয়ে ভাৰতীয় জনতা পাৰ্টিৰ এটা কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰি দিয়ে। এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে পোৱা নাই।

জানিব পৰা মতে, খোংমান ওক্ৰম চুথেকত অৱস্থিত থংজু বিধান সভা সমষ্টিৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এই ঘটনা সংঘটিত হৈছে। প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰাৰ পিছত কাৰ্যালয়টো  জ্বলাই দিবলৈ উদ্ৰত হৈছিল যদিও যথেষ্ট তৰ্ক-বিতৰ্কৰ অন্তত প্ৰতিবাদকাৰীসকল আঁতৰি যায়।

ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে ইম্ফলৰ কংবাত থকা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ চৰকাৰী বাসগৃহ জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে। মন্ত্ৰীগৰাকী কেৰালাত থকাৰ সময়তে ঘৰটোত জুই লগাই দিছিল প্ৰতিবাদকাৰীসকলে।

ঘটনাৰ পিছত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিবাদকাৰী সকলে ঘৰটো ঘেৰি ৰখাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীয়ে ঠাইখনত প্ৰৱেশ কৰিব নোৱাৰিলে। যাৰ বাবে ঘৰটো সম্পূৰ্ণৰূপে জুইত জাহ যায়।

আনহাতে বুধবাৰে পশ্চিম ইম্ফলত থকা মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে