--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএইবাৰ'গুৰু'ৰ কন্যাৰ ওপৰত চকু পৰিছে পুটিনৰ।  ৰাছিয়াৰ  ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এসময়ত যিগৰাকী যুৱতীৰ পিতৃ তথা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ মেয়ৰ আনাতোলি চাবচাকৰ উপ-বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, সেইগৰাকী যুৱতীৰ বিৰুদ্ধেই এতিয়া সষ্টম হৈ পৰিছে পুটিন। পুটিনৰ ৰাজনৈতিক গুৰু হিচাবে সকলোৱে জনা আনাতোলি চাবচাকৰ কন্যা কেচনিয়া চাবচাকক বিচাৰি এতিয়া চলাথ কৰিছে পুটিনৰ বাহিনীয়ে। 

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কেচনিয়া চাবচাকে শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বাৰুকৈয়ে সমালোচনা কৰিছিল। তেওঁ টিভিত কেইবাবাৰো পুটিনক সমালোচনা কৰা দেখা গৈছিল। বিশেষকৈ, ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত, তেওঁ ক্ৰেমলিনৰ বৈদেশিক নীতি আৰু গণতন্ত্ৰৰ "ভৱিষ্যত" সম্পৰ্কে পুটিনৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। 

সেইবাবেই যোৱা নিশা মস্কোত থকা কেচনিয়া চাবচাকৰ ঘৰত আৰক্ষীয়ে তানাচী চলায়। কিন্তু বিপদৰ উমান পায়েই কেচনিয়া চাবচাকে লিথুৱানিয়ালৈ পলাই যোৱা বুলি খবৰ আহিছে। সেইবাবেই কেচনিয়াৰ মস্কোৰ ঘৰত তালাচী চলায়ো  তেওঁক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। পুটিনৰ দীৰ্ঘদিনীয়া সহযোগী আৰু ৰোষ্টেক নিগমৰ মুৰব্বী ছেৰ্গেই চেমেজভকো আৰক্ষীয়ে হাৰাশাস্তি কৰি আহিছে। ইফালে ৰাছিয়াৰ বিৰোধী নেতাসকলৰ এটা অংশৰ মতে কেচনিয়াই ছদ্মবেশত পুটিনৰ কাৰ্যসূচী অনুসৰিহে কাম কৰি আছে। তেওঁ পুটিনৰ 'মানসকন্যা'। এনে এজন প্ৰভাৱশালী ব্যক্তিৰ ঘৰত অনুসন্ধানকাৰীৰ অভিযানে ৰাছিয়াৰ ৰাজনৈতিক চক্ৰত কঁপনিৰ সৃষ্টি কৰিছে।

ক্ৰেমলিনপন্থী ৰাজনৈতিক বিশ্লেষক ছেৰ্গেই মাৰ্কভে কয় "যদি তেওঁলোকে পুটিনৰ ৰাজনৈতিক গুৰুৰ জীয়েকক গ্ৰেপ্তাৰ কৰিব পাৰে, তেন্তে কোনেও সুৰক্ষিত নহয়" । এয়া ৰাছিয়ান অভিজাত শ্ৰেণীৰ বাবেঅশুভ সংকেত বুলিও তেওঁ মন্তব্য কৰে। "১৯৯০ চনত পুটিনে ছেইণ্ট পিটাৰ্ছবাৰ্গৰ তদানীন্তন মেয়ৰ আনাতোলি চাবচাকৰ অধীনত সেৱা আগবঢ়াইছিল। 

ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিয়ে তেওঁক তেওঁৰ গুৰু বুলি গণ্য কৰিছিল। পুটিনে কেচেনাক তেওঁৰ 'মানসকন্যা' হিচাপেও স্বীকৃতি দিছিল।  ২০১১-১২ বৰ্ষত কেচনিয়াই মস্কোত পুটিন বিৰোধী আন্দোলনত যোগদান কৰিছিল। ২০১২ চনৰ পিছত তেওঁ সাংবাদিক হিচাপে পুনৰ কাম কৰা আৰম্ভ কৰে। ২০১৮ চনত কেচনিয়াও ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত  আছিল। পুটিনৰ প্ৰিয় কেচনিয়াক আৰক্ষীয়ে কিয় বিচাৰি গৈছিল সেই সন্দৰ্ভত ৰাছিয়াৰ চৰকাৰে অৱশ্যে একো কথাই প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা