--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএইবাৰ'গুৰু'ৰ কন্যাৰ ওপৰত চকু পৰিছে পুটিনৰ।  ৰাছিয়াৰ  ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এসময়ত যিগৰাকী যুৱতীৰ পিতৃ তথা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ মেয়ৰ আনাতোলি চাবচাকৰ উপ-বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, সেইগৰাকী যুৱতীৰ বিৰুদ্ধেই এতিয়া সষ্টম হৈ পৰিছে পুটিন। পুটিনৰ ৰাজনৈতিক গুৰু হিচাবে সকলোৱে জনা আনাতোলি চাবচাকৰ কন্যা কেচনিয়া চাবচাকক বিচাৰি এতিয়া চলাথ কৰিছে পুটিনৰ বাহিনীয়ে। 

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কেচনিয়া চাবচাকে শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বাৰুকৈয়ে সমালোচনা কৰিছিল। তেওঁ টিভিত কেইবাবাৰো পুটিনক সমালোচনা কৰা দেখা গৈছিল। বিশেষকৈ, ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত, তেওঁ ক্ৰেমলিনৰ বৈদেশিক নীতি আৰু গণতন্ত্ৰৰ "ভৱিষ্যত" সম্পৰ্কে পুটিনৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। 

সেইবাবেই যোৱা নিশা মস্কোত থকা কেচনিয়া চাবচাকৰ ঘৰত আৰক্ষীয়ে তানাচী চলায়। কিন্তু বিপদৰ উমান পায়েই কেচনিয়া চাবচাকে লিথুৱানিয়ালৈ পলাই যোৱা বুলি খবৰ আহিছে। সেইবাবেই কেচনিয়াৰ মস্কোৰ ঘৰত তালাচী চলায়ো  তেওঁক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। পুটিনৰ দীৰ্ঘদিনীয়া সহযোগী আৰু ৰোষ্টেক নিগমৰ মুৰব্বী ছেৰ্গেই চেমেজভকো আৰক্ষীয়ে হাৰাশাস্তি কৰি আহিছে। ইফালে ৰাছিয়াৰ বিৰোধী নেতাসকলৰ এটা অংশৰ মতে কেচনিয়াই ছদ্মবেশত পুটিনৰ কাৰ্যসূচী অনুসৰিহে কাম কৰি আছে। তেওঁ পুটিনৰ 'মানসকন্যা'। এনে এজন প্ৰভাৱশালী ব্যক্তিৰ ঘৰত অনুসন্ধানকাৰীৰ অভিযানে ৰাছিয়াৰ ৰাজনৈতিক চক্ৰত কঁপনিৰ সৃষ্টি কৰিছে।

ক্ৰেমলিনপন্থী ৰাজনৈতিক বিশ্লেষক ছেৰ্গেই মাৰ্কভে কয় "যদি তেওঁলোকে পুটিনৰ ৰাজনৈতিক গুৰুৰ জীয়েকক গ্ৰেপ্তাৰ কৰিব পাৰে, তেন্তে কোনেও সুৰক্ষিত নহয়" । এয়া ৰাছিয়ান অভিজাত শ্ৰেণীৰ বাবেঅশুভ সংকেত বুলিও তেওঁ মন্তব্য কৰে। "১৯৯০ চনত পুটিনে ছেইণ্ট পিটাৰ্ছবাৰ্গৰ তদানীন্তন মেয়ৰ আনাতোলি চাবচাকৰ অধীনত সেৱা আগবঢ়াইছিল। 

ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিয়ে তেওঁক তেওঁৰ গুৰু বুলি গণ্য কৰিছিল। পুটিনে কেচেনাক তেওঁৰ 'মানসকন্যা' হিচাপেও স্বীকৃতি দিছিল।  ২০১১-১২ বৰ্ষত কেচনিয়াই মস্কোত পুটিন বিৰোধী আন্দোলনত যোগদান কৰিছিল। ২০১২ চনৰ পিছত তেওঁ সাংবাদিক হিচাপে পুনৰ কাম কৰা আৰম্ভ কৰে। ২০১৮ চনত কেচনিয়াও ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত  আছিল। পুটিনৰ প্ৰিয় কেচনিয়াক আৰক্ষীয়ে কিয় বিচাৰি গৈছিল সেই সন্দৰ্ভত ৰাছিয়াৰ চৰকাৰে অৱশ্যে একো কথাই প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক