--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহয়তো তেওঁ কেতিয়াও ভবা নাছিল যে বিশ্বত পৰিচিত কৰা টুইটাৰৰ পৰা তেওঁ কাম বাদি লাগিব। কিন্তু সেয়াই হ’ল। এলন মাস্কে টুইটাৰ কিনাৰ পিছতে পৰাগ আগৰৱালাক টুইটাৰৰ পৰা অপসাৰণ কৰা হ’ল। বৃহস্পতিবাৰে টুইটাৰ টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বৰ অন্যতম ধনী ব্যক্তি এলন মাস্কে কিনি লয় । ইয়াৰ পিছতে পৰাগ আগৰৱালাক চিইঅ'ৰ পদৰ পৰা বৰ্খাস্ত কৰা হয়।

কেইদিনমান পিছতে ভাৰতৰ পৰাগ আগৰৱালাই  টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে এবছৰ সম্পূৰ্ণ কৰিলেহেঁতেন। কিন্তু তাৰ আগতে তেওঁক বৰ্খাস্ত কৰা হৈছিল। এই বছৰৰ এপ্ৰিলত, মাস্কে টুইটাৰ ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেতিয়াৰে পৰা অনুমান কৰা হৈছিল যে যদি তেওঁ টুইটাৰৰ গৰাকী হয় তেন্তে তেওঁ বহুতকে কামৰ পৰা অপলাৰিত কৰিব পাৰে। আনকি টুইটাৰৰ পৰিচালনাত থকা সকলৰ প্ৰতি মাস্কৰ অসন্তুষ্টিৰ বাতৰিও পোৱা গৈছিল। এই পৰিস্থিতিত পৰাগক বৰ্খাস্ত কৰাৰ প্ৰথা তেতিয়াৰ পৰাই চলি আছিল। 

টুইটাৰত পৰাগৰ উত্থান মন কৰিবলগীয়া বিধৰ আছিল। পৰাগে ২০১১ চনত কোম্পানীটোত যোগদান কৰাৰ আগতে ছফ্টৱেৰ অভিযন্তা হিচাপে কাম কৰি আছিল। সেই সময়ত কোম্পানীটোত এহেজাৰতকৈও কম কৰ্মচাৰী আছিল।কেইবছৰমানৰ ভিতৰতে  পৰাগক অক্টোবৰ ২০১৭-ত  কোম্পানীটোৰ মুখ্য প্ৰযুক্তি বিষয়া (চিটিঅ') হিচাপে নিযুক্তি দিয়া হৈছিল।যোৱা বছৰ নৱেম্বৰত পৰাগক টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পদলৈ পদোন্নতি দিয়া হৈছিল। 

টুইটাৰৰ সৈতে দীঘলীয়া যাত্ৰা কৰা পৰাগক ৰাতিটোৰ ভিতৰতে আঁতৰাই দিয়া হৈছে। অৱশ্যে মাস্কে ইয়াৰ বাবে যথেষ্ট ধন পৰিশোধ কৰিব লাগিব।'একুইলাৰে' কৈছে যে যদি মালিকীস্বত্ব পৰিৱৰ্তনৰ ১২ মাহৰ ভিতৰত পৰাগক বৰ্খাস্ত কৰা হয় তেন্তে তেওঁক প্ৰায় ৪২ নিযুত ডলাৰ পৰিশোধ কৰিব লাগিব। যিটো ভাৰতীয় মুদ্ৰাত হিচাবত  ৩৪৫ কোটি টকাতকৈও অধিক।

পৰাগৰ কেৰিয়াৰৰ সফলতা চকুত লগা। তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। পৰাগৰ জন্ম ১৯৮৪ চনৰ ২১ মে তাৰিখে ৰাজস্থানৰ আজমেৰত হৈছিল।পৰাগৰ দেউতাক পাৰমাণৱিক শক্তি বিভাগৰ এজন শীৰ্ষ বিষয়া আছিল।  মাক আছিল অৰ্থনীতিৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা। পৰাগে ২০০১ চনত মুম্বাইৰ পাৰমাণৱিক শক্তি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

একে বছৰতে, পৰাগে তুৰস্কৰ 'আন্তৰ্জাতিক পদাৰ্থ বিজ্ঞান অলিম্পিয়াড'ত সোণৰ পদক জিকিছিল। ২০০৫ চনত তেওঁ আইআইটি বোম্বাইৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক ত তেওঁৰ বি-টেক কৰিছিল।
আই.আই.টি. বোম্বাইৰ পিছত পৰাগৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়লৈ গৈছিল। তেওঁ কম্পিউটাৰ বিজ্ঞানত পিএইচডি কৰিছিল।পৰাগে ষ্টেনফৰ্ডত পিএইচডি সম্পূৰ্ণ কৰাৰ পিছত এজন ছফ্টৱেৰ অভিযন্তা হিচাপে তেওঁ টুইটাৰত যোগদান কৰিছিল। 

পৰাগৰ দুটা সন্তান আছে। তেওঁৰ পত্নীৰ নাম বিনিতা আগৰৱালা।পৰাগৰ সম্পত্তিৰ পৰিমাণ আকাশচুম্বী। সংবাদ সংস্থাৰ খবৰ  অনুসৰি টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াজনৰ মুঠ সম্পত্তি প্ৰায় ১২১৮ কোটি টকা।পৰাগৰ একাধিক ঠাইত ঘৰ আছে। পৰাগৰ নতুন দিল্লীত চাৰিটা পেন্টহাউচ আছে। ইয়াৰ বাহিৰেও নিউয়ৰ্কত পেন্টহাউচ, ফ্লেট আছে। টেক্সাছতো তেওঁৰ এটা ঘৰ আছে। 

 টুইটাৰ এৰি যোৱাৰ পিছত, পৰাগে বৃহৎ পৰিমাণৰ ধন লাভ কৰিব। কিন্তু তেওঁ যিদৰে সফলতাৰ জখলাত উঠি টুইটাৰৰ দৰে কোম্পানীৰ শীৰ্ষত উপনীত হৈছিল, বহুলোকে সম্ভৱতঃ ভবা নাছিল যে তেওঁৰ প্ৰস্থান ইমান নিদাৰুণ হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক