--°C
Loading...
Listen to Article
2 min read
80%

ইছলামবাদ : পাকিস্তানৰ ৰাজধানী ইছলামাবাদতো এতিয়া চলিব সান্ধ্য আৰতি। পুৱা গধূলি বাজিব মন্দিৰৰ ঘণ্টাধ্বনি। ইছলামিক দেশৰ ৰাজধানীত প্ৰথমটো মন্দিৰ নিৰ্মাণৰ বাট এতিয়া মুকলি হৈছে। অচিৰেই গঢ়ি উঠিব হিন্দু মন্দিৰ! ইছলামবাদ চহৰৰ কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ৰাজধানী চহৰখনত হিন্দু মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি দিয়ে৷ চহৰখনত বহুদিন পূৰ্বে হিন্দু ধৰ্মৰ লোকৰ বাবে ভূমি আৱণ্টন সন্দৰ্ভত গোচৰ চলি আছিল৷ সেই গোচৰৰ ৰায়ৰ আধাৰতে চহৰখনত মন্দিৰ নিৰ্মাণৰ বাট মুকলি হৈছে৷


উল্লেখ্য যে, ২০১৬ চনতে ইছলামবাদত ০.৫ একৰ ভূমি হিন্দু সম্প্ৰদায়ৰ বাবে দিয়াৰ কথা আছিল৷ য’ত হিন্দু ধৰ্মাৱলম্বী লোকসকলে এটা মন্দিৰ, এখন শ্মশান ঘাট আৰু ৰাজহুৱা কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল৷ বহু দীঘলীয়া বিতৰ্ক তথা আলোচনাৰ পাছত সোমবাৰে এই ভূমি হিন্দু সম্প্ৰদায়ৰ লোকৰ বাবে আবণ্টন কৰি দিয়া হয়। পূৰ্বে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও আধাতে বন্ধ কৰি দিয়া হৈছিল নিৰ্মাণ কাৰ্য।


এই শুনানিৰ পাছতে পূৰ্বে সেই স্থানত চৰকাৰৰ সিদ্ধান্তৰ ভুল বুজাবুজিৰ বাবে মন্দিৰ নিৰ্মাণ হোৱা নাছিল বুলি জানিবলৈ দিয়ে ৰাজধানী উন্নয়ন কৰ্তৃপক্ষৰ মুখপাত্ৰ চৈয়দ আছিফ ৰাজাই৷ বিগত বছৰৰ জুলাই মাহত ইছলামিক চৰকাৰে মন্দিৰ নিৰ্মাণক লৈ সমালোচনা কৰাৰ বাবে ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই বন্ধ কৰি দিছিল মন্দিৰ নিৰ্মাণৰ কাম৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ