--°C
Loading...
Listen to Article
2 min read
80%

ইছলামবাদ : পাকিস্তানৰ ৰাজধানী ইছলামাবাদতো এতিয়া চলিব সান্ধ্য আৰতি। পুৱা গধূলি বাজিব মন্দিৰৰ ঘণ্টাধ্বনি। ইছলামিক দেশৰ ৰাজধানীত প্ৰথমটো মন্দিৰ নিৰ্মাণৰ বাট এতিয়া মুকলি হৈছে। অচিৰেই গঢ়ি উঠিব হিন্দু মন্দিৰ! ইছলামবাদ চহৰৰ কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ৰাজধানী চহৰখনত হিন্দু মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি দিয়ে৷ চহৰখনত বহুদিন পূৰ্বে হিন্দু ধৰ্মৰ লোকৰ বাবে ভূমি আৱণ্টন সন্দৰ্ভত গোচৰ চলি আছিল৷ সেই গোচৰৰ ৰায়ৰ আধাৰতে চহৰখনত মন্দিৰ নিৰ্মাণৰ বাট মুকলি হৈছে৷


উল্লেখ্য যে, ২০১৬ চনতে ইছলামবাদত ০.৫ একৰ ভূমি হিন্দু সম্প্ৰদায়ৰ বাবে দিয়াৰ কথা আছিল৷ য’ত হিন্দু ধৰ্মাৱলম্বী লোকসকলে এটা মন্দিৰ, এখন শ্মশান ঘাট আৰু ৰাজহুৱা কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল৷ বহু দীঘলীয়া বিতৰ্ক তথা আলোচনাৰ পাছত সোমবাৰে এই ভূমি হিন্দু সম্প্ৰদায়ৰ লোকৰ বাবে আবণ্টন কৰি দিয়া হয়। পূৰ্বে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও আধাতে বন্ধ কৰি দিয়া হৈছিল নিৰ্মাণ কাৰ্য।


এই শুনানিৰ পাছতে পূৰ্বে সেই স্থানত চৰকাৰৰ সিদ্ধান্তৰ ভুল বুজাবুজিৰ বাবে মন্দিৰ নিৰ্মাণ হোৱা নাছিল বুলি জানিবলৈ দিয়ে ৰাজধানী উন্নয়ন কৰ্তৃপক্ষৰ মুখপাত্ৰ চৈয়দ আছিফ ৰাজাই৷ বিগত বছৰৰ জুলাই মাহত ইছলামিক চৰকাৰে মন্দিৰ নিৰ্মাণক লৈ সমালোচনা কৰাৰ বাবে ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই বন্ধ কৰি দিছিল মন্দিৰ নিৰ্মাণৰ কাম৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ