--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত এবছৰৰো অধিক সময়জুৰি ক’ভিড ১৯এ সমগ্ৰ বিশ্বজুৰি সৃষ্টি কৰিছে অবাৱনীয় পৰিস্থিতিৰ৷ সম্প্ৰতি ক’ভিড মহামাৰী ভালেখিনি নিয়ন্ত্ৰণলৈ আহিছে৷ বিশেষকৈ ভেকচিনৰ উদ্ভাৱনৰ পাছতে এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ববাসীয়ে শক্তি পালে৷

সন্ত্ৰাসী ক’ভিডৰ বিৰুদ্ধে একেলগে যুঁজ দিবলৈ বিশ্ববাসীয়েও গ্ৰহণ কৰিব লগা হ’ল নিজাববীয়া কিছু পদক্ষেপ৷ গঢ় লৈ উঠিল মাস্ক কালছাৰ৷ বিশ্বৰ অভিজ্ঞ চিকিৎসক সকলৰ লগতে WHO এ বিশ্ববাসীলৈ আহ্বান জনালে যে, ক’ভিডৰ পৰা আমি হাত হাৰি থাকিবলৈ হ’লে সকলোৱে মুখত মাস্ক পৰিধান কৰিব লাগিব৷ কিয়নো এই ভাইৰাছবিধ সংক্ৰমণজনিত আৰু ইয়াক এজনৰ পৰা আনজনলৈ সংক্ৰমণ ৰোধ কৰাত কেৱল মাস্কৰ দ্বাৰাহে সম্ভৱ৷ পৰৱৰ্তী সময়ত প্ৰতিখন দেশে নাগৰিকসকলৰ বাবে মাস্ক বাধ্যতামূলক কৰাৰ লগতে ইয়াক অৱজ্ঞা কৰা সকলৰ বিৰুদ্ধে জৰিমনা পৰ্যন্ত বিহে৷

বৰ্তমান আমি মাস্ক পৰিধান কৰাটো এক অভ্যাসত পৰিণত হৈছে৷ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতে আমি আন কিবা বস্তু ল’ব পাহৰিলেও মাস্কখন ল’বলৈ কিন্তু কেতিয়াও নাপাহৰো৷ আমি ব্যৱহাৰ কৰা মাস্কখন যিহেতু পুনঃ ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আমি সঘনাই মাস্ক ক্ৰয় কৰিব লগা হয়৷ ক’ভিডৰ ত্ৰাণকৰ্তা হিচাপে ব্যৱহাৰ কৰা সামগ্ৰী যেনে- মাস্ক, পিপিইকিট, হেণ্ড গ্লোৱভ আদিয়ে পিছে এতিয়া নতুন সংকট সৃষ্টি কৰিছে বিশ্ববাসীৰ সন্মুখত।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিৰ গৱেষণাত প্ৰকাশ পাইছে য়ে, মাস্ক, পিপিইকিট, ফেচ শ্বীল্ডে ৪০ নিযুত টন প্লাষ্টিক আৱৰ্জনা সৃষ্টি কৰিছে৷ এই অৱশিষ্টসমূহ সাগৰত পেলাই দিয়াৰ ফলত প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে৷ প্লাষ্টিকৰ প্ৰদুষণৰ ফলত সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ আশংকা কৰিছে বিশেষজ্ঞসকলে৷ ২০২০ চনত মহামাৰীৰ আৰম্ভণিৰ পৰা ২০২১ চনৰ আগষ্টলৈকে বেছিভাগ আৱৰ্জনা এছিয়া মহাদেশৰ পৰা উৎপন্ন হৈছিল বুলি গৱেষণাত প্ৰকাশ পাইছে। হাস্পতালত ব্যৱহাৰ কৰা পিপিইকিট, হেণ্ড গ্লোভছ ব্যৱহাৰে আৱৰ্জনা পৰিমাণ ব্যাপকভাৱে বৃদ্ধি কৰিছে৷ এই গৱেষণাৰ তথ্য প্ৰকাশ পোৱা পাছতে বিশেষজ্ঞসকল এতিয়া চিন্তিত হৈ পৰিছে আৰু ইয়াৰ ওপৰত শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে জলবায়ু পৰিৱৰ্তনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু