--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত এবছৰৰো অধিক সময়জুৰি ক’ভিড ১৯এ সমগ্ৰ বিশ্বজুৰি সৃষ্টি কৰিছে অবাৱনীয় পৰিস্থিতিৰ৷ সম্প্ৰতি ক’ভিড মহামাৰী ভালেখিনি নিয়ন্ত্ৰণলৈ আহিছে৷ বিশেষকৈ ভেকচিনৰ উদ্ভাৱনৰ পাছতে এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ববাসীয়ে শক্তি পালে৷

সন্ত্ৰাসী ক’ভিডৰ বিৰুদ্ধে একেলগে যুঁজ দিবলৈ বিশ্ববাসীয়েও গ্ৰহণ কৰিব লগা হ’ল নিজাববীয়া কিছু পদক্ষেপ৷ গঢ় লৈ উঠিল মাস্ক কালছাৰ৷ বিশ্বৰ অভিজ্ঞ চিকিৎসক সকলৰ লগতে WHO এ বিশ্ববাসীলৈ আহ্বান জনালে যে, ক’ভিডৰ পৰা আমি হাত হাৰি থাকিবলৈ হ’লে সকলোৱে মুখত মাস্ক পৰিধান কৰিব লাগিব৷ কিয়নো এই ভাইৰাছবিধ সংক্ৰমণজনিত আৰু ইয়াক এজনৰ পৰা আনজনলৈ সংক্ৰমণ ৰোধ কৰাত কেৱল মাস্কৰ দ্বাৰাহে সম্ভৱ৷ পৰৱৰ্তী সময়ত প্ৰতিখন দেশে নাগৰিকসকলৰ বাবে মাস্ক বাধ্যতামূলক কৰাৰ লগতে ইয়াক অৱজ্ঞা কৰা সকলৰ বিৰুদ্ধে জৰিমনা পৰ্যন্ত বিহে৷

বৰ্তমান আমি মাস্ক পৰিধান কৰাটো এক অভ্যাসত পৰিণত হৈছে৷ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতে আমি আন কিবা বস্তু ল’ব পাহৰিলেও মাস্কখন ল’বলৈ কিন্তু কেতিয়াও নাপাহৰো৷ আমি ব্যৱহাৰ কৰা মাস্কখন যিহেতু পুনঃ ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আমি সঘনাই মাস্ক ক্ৰয় কৰিব লগা হয়৷ ক’ভিডৰ ত্ৰাণকৰ্তা হিচাপে ব্যৱহাৰ কৰা সামগ্ৰী যেনে- মাস্ক, পিপিইকিট, হেণ্ড গ্লোৱভ আদিয়ে পিছে এতিয়া নতুন সংকট সৃষ্টি কৰিছে বিশ্ববাসীৰ সন্মুখত।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিৰ গৱেষণাত প্ৰকাশ পাইছে য়ে, মাস্ক, পিপিইকিট, ফেচ শ্বীল্ডে ৪০ নিযুত টন প্লাষ্টিক আৱৰ্জনা সৃষ্টি কৰিছে৷ এই অৱশিষ্টসমূহ সাগৰত পেলাই দিয়াৰ ফলত প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে৷ প্লাষ্টিকৰ প্ৰদুষণৰ ফলত সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ আশংকা কৰিছে বিশেষজ্ঞসকলে৷ ২০২০ চনত মহামাৰীৰ আৰম্ভণিৰ পৰা ২০২১ চনৰ আগষ্টলৈকে বেছিভাগ আৱৰ্জনা এছিয়া মহাদেশৰ পৰা উৎপন্ন হৈছিল বুলি গৱেষণাত প্ৰকাশ পাইছে। হাস্পতালত ব্যৱহাৰ কৰা পিপিইকিট, হেণ্ড গ্লোভছ ব্যৱহাৰে আৱৰ্জনা পৰিমাণ ব্যাপকভাৱে বৃদ্ধি কৰিছে৷ এই গৱেষণাৰ তথ্য প্ৰকাশ পোৱা পাছতে বিশেষজ্ঞসকল এতিয়া চিন্তিত হৈ পৰিছে আৰু ইয়াৰ ওপৰত শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে জলবায়ু পৰিৱৰ্তনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ