--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক অবৈধ খনন গোচৰত দোষী সাব্যস্ত কৰাৰ সময়ত কেৱল ‘অযোগ্যতা’ৰ পৰামৰ্শ দিছে বুলি সূত্ৰত প্ৰকাশ৷

ইয়াৰ অৰ্থ হৈছে ৰাজভৱনৰ পৰা আনুষ্ঠানিক ঘোষণাৰ পাছত তেওঁ পদত্যাগ কৰিব লাগিব কিন্তু ছয় মাহত পুনৰ নিৰ্বাচিত হ’ব পাৰিব৷ আৰু যদি ইউপিএ বিধায়কসকলে তেওঁক নেতা হিচাপে পুনৰ নিৰ্বাচিত কৰে তেন্তে মুখ্যমন্ত্ৰী হিচাপেও অব্যাহত থাকিব পাৰিব। 

ঝাৰখণ্ডৰ এজন জ্যেষ্ঠ নেতা চাৰিউ ৰয়েও কৈছে যে তেওঁৰ অতি নিৰ্ভৰযোগ্য সূত্ৰই তেওঁক জনাইছে যে নিৰ্বাচন আয়োগে সোৰেনক বিধায়ক পদৰ বাবে উপযুক্ত নহয় বুলি ঘোষণা কৰিছে। 
 
সোৰেনৰ বিৰুদ্ধে নিজকে খনিৰ লীজ প্ৰদান কৰাৰ বাবে এটা অভিযোগ দাখিল কৰা হৈছিল।
ৰাজ্যপালে সোৰেনৰ অযোগ্যতাৰ ওপৰত নিৰ্বাচন আয়োগৰ মতামত পৰীক্ষা কৰি আছে আৰু শীঘ্ৰেই এই সন্দৰ্ভত অৱগত কৰিব৷ সূত্ৰটোৱে কয় যে সোৰেনক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধা দিয়া হোৱা নাই। সম্প্ৰতি সোৰেনে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে সাংবিধানিক বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি আছে বুলি জনা গৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু