--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৩ বছৰ পুৰণি কেৰালাৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। কেৱল ল’ৰাই শিক্ষাগ্ৰহণ কৰা বিদ্যালয় খনত  ছাত্ৰীৰ প্ৰথমটো দলক আদৰণি জনোৱা হৈছে। কেৰালাৰ চৰকাৰে শৈক্ষিক ক্ষেত্ৰত লিংগ বৈষম্য দূৰ কৰিবলৈয়েই এনে পদক্ষেপ গ্ৰহণ কৰিছে।কেৰালাৰ পৰিবহন মন্ত্ৰী এণ্টনি ৰাজুৱে ছাত্ৰীসকলক আদৰণি জনায় । 

যোৱা মাহত কেৰালা ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে পৰামৰ্শ দিছিল যে ৰাজ্যখনৰ কেৱল ল'ৰা আৰু কেৱল ছোৱালীৰ বিদ্যালয়সমূহক ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা সহ-শিক্ষালৈ ৰূপান্তৰ কৰিব লাগে। কেৰালাৰ ৰাজধানী তিৰুৱন্তপুৰমৰ চালাইত থকা চৰকাৰী মডেল বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এক ঐতিহাসিক দিন আছিল ।

কিয়নো বিদ্যালয় খনত প্ৰথমবাৰৰ বাবে  ছাত্ৰীসকলক আদৰণি জনোৱা হৈছে। একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত মুঠ ১২ গৰাকী ছোৱালীক ভৰ্তি কৰোৱা হৈছে৷ বিদ্যালয়ত তেওঁলোকৰ প্ৰথম দিনটোতে কেৰালাৰ পৰিবহন মন্ত্ৰী এণ্টনি ৰাজুৱে তেওঁলোকক গছপুলিও উপহাৰ হিচাবে  দিয়ে৷ এগৰাকী  ছাত্ৰীৰ অভিভাৱকে সংবাদ মাধ্যমক কয়  যে তেওঁলোকৰ ছোৱালীয়ে বিদ্যালয়ৰ ল'ৰাবোৰৰ সৈতে একেলগে পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।এনে কাৰ্যই লিংগ বৈষম্য দূৰ কৰিব বুলি তেওঁ কয়। 

১৮১৯ চনত স্থাপিত বিদ্যালয়খন এক সহ-শৈক্ষিক প্ৰতিষ্ঠান হিচাপে আৰম্ভ হৈছিল। কিন্তু বছৰ বছৰ ধৰি শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ইয়াক ল'ৰা, ছোৱালী আৰু তামিল মাধ্যমৰ আন এখন বিদ্যালয়কে ধৰি  তিনিখন পৃথক বিদ্যালয়ত বিভক্ত কৰা হৈছিল।

অৱশ্যে, বিদ্যালয়সমূহত লিংগ নিৰপেক্ষতাক উৎসাহিত কৰাৰ বাবে কেৰালা চৰকাৰৰ পদক্ষেপৰ পিছত বিদ্যালয় খনত ছাত্ৰীৰো এন্তৰ্ভুক্তি সম্ভৱ হৈ উঠিল। চৰকাৰী পৰিসংখ্যা অনুসৰি কেৰালাত  ২৮০  খন ছোৱালীৰ বিদ্যালয় আৰু ১৬৪  খন ল'ৰাৰ বিদ্যালয় আছে।দেশৰ বিভিন্ন ৰাজ্যত শিক্ষাৰ ক্ষেত্ৰত লিংগ বৈষম্যৰ অভিযোগ উঠি থকাৰ সময়তে কেৰালা চৰকাৰৰ শেহতীয়া পদক্ষেপে সকলোকে উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ