--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৩ বছৰ পুৰণি কেৰালাৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। কেৱল ল’ৰাই শিক্ষাগ্ৰহণ কৰা বিদ্যালয় খনত  ছাত্ৰীৰ প্ৰথমটো দলক আদৰণি জনোৱা হৈছে। কেৰালাৰ চৰকাৰে শৈক্ষিক ক্ষেত্ৰত লিংগ বৈষম্য দূৰ কৰিবলৈয়েই এনে পদক্ষেপ গ্ৰহণ কৰিছে।কেৰালাৰ পৰিবহন মন্ত্ৰী এণ্টনি ৰাজুৱে ছাত্ৰীসকলক আদৰণি জনায় । 

যোৱা মাহত কেৰালা ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে পৰামৰ্শ দিছিল যে ৰাজ্যখনৰ কেৱল ল'ৰা আৰু কেৱল ছোৱালীৰ বিদ্যালয়সমূহক ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা সহ-শিক্ষালৈ ৰূপান্তৰ কৰিব লাগে। কেৰালাৰ ৰাজধানী তিৰুৱন্তপুৰমৰ চালাইত থকা চৰকাৰী মডেল বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এক ঐতিহাসিক দিন আছিল ।

কিয়নো বিদ্যালয় খনত প্ৰথমবাৰৰ বাবে  ছাত্ৰীসকলক আদৰণি জনোৱা হৈছে। একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত মুঠ ১২ গৰাকী ছোৱালীক ভৰ্তি কৰোৱা হৈছে৷ বিদ্যালয়ত তেওঁলোকৰ প্ৰথম দিনটোতে কেৰালাৰ পৰিবহন মন্ত্ৰী এণ্টনি ৰাজুৱে তেওঁলোকক গছপুলিও উপহাৰ হিচাবে  দিয়ে৷ এগৰাকী  ছাত্ৰীৰ অভিভাৱকে সংবাদ মাধ্যমক কয়  যে তেওঁলোকৰ ছোৱালীয়ে বিদ্যালয়ৰ ল'ৰাবোৰৰ সৈতে একেলগে পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।এনে কাৰ্যই লিংগ বৈষম্য দূৰ কৰিব বুলি তেওঁ কয়। 

১৮১৯ চনত স্থাপিত বিদ্যালয়খন এক সহ-শৈক্ষিক প্ৰতিষ্ঠান হিচাপে আৰম্ভ হৈছিল। কিন্তু বছৰ বছৰ ধৰি শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ইয়াক ল'ৰা, ছোৱালী আৰু তামিল মাধ্যমৰ আন এখন বিদ্যালয়কে ধৰি  তিনিখন পৃথক বিদ্যালয়ত বিভক্ত কৰা হৈছিল।

অৱশ্যে, বিদ্যালয়সমূহত লিংগ নিৰপেক্ষতাক উৎসাহিত কৰাৰ বাবে কেৰালা চৰকাৰৰ পদক্ষেপৰ পিছত বিদ্যালয় খনত ছাত্ৰীৰো এন্তৰ্ভুক্তি সম্ভৱ হৈ উঠিল। চৰকাৰী পৰিসংখ্যা অনুসৰি কেৰালাত  ২৮০  খন ছোৱালীৰ বিদ্যালয় আৰু ১৬৪  খন ল'ৰাৰ বিদ্যালয় আছে।দেশৰ বিভিন্ন ৰাজ্যত শিক্ষাৰ ক্ষেত্ৰত লিংগ বৈষম্যৰ অভিযোগ উঠি থকাৰ সময়তে কেৰালা চৰকাৰৰ শেহতীয়া পদক্ষেপে সকলোকে উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু