--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ কেৰালাত চকু পৰিছে আম আদমী পাৰ্টীৰ৷ চমকপ্ৰদ ৰাজনৈতিক কৌশলেৰে দেশৰ ৰাজনীতিৰ নতুন সম্ভাৱনা হৈ পৰা আম আদমী পাৰ্টীয়ে এইবাৰ প্ৰৱেশ কৰিছে কেৰালাত৷ কেৰালাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিয়ে টুৱেণ্টি-২০ দলৰ সৈতে মিত্ৰতা ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে৷ আজি কোচিত টুৱেণ্টি-২০ পাৰ্টি আৰু আপ কেৰালাৰ স্বেচ্ছাসেৱকসকলৰ এক ৰাজহুৱা সমাৱেশত ভাষণ দি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, এতিয়া কেৰালাত চাৰিটা ৰাজনৈতিক মিত্ৰতা হ’ব৷ সেয়া হ’ল: এলডিএফ, ইউডিএফ, এনডিএ আৰু আমাৰ মিত্ৰজোঁটৰ নাম হ’ব পিপলছ ৱেলফেয়াৰ এলায়েন্স।

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি কেৰালাত উপস্থিত হৈ এই ‘পিপলছ ৱেলফেয়াৰ এলায়েন্স’ মিত্ৰতাৰ বিষয়ে সদৰী কৰে৷ ত্ৰিককাক্কাৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে কেৰালাত টুৱেণ্টি-২০ দলৰ সৈতে আপ-এ মিত্ৰতা স্থাপন কৰিলে৷  কেজৰিৱালে ভাষণ প্ৰসংগত দেশৰ বিভিন্ন প্ৰান্তত বছৰ বছৰ ধৰি দলটোৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰিছিল। কেজৰিৱালে টুৱেণ্টি-২০ পাৰ্টিৰ মুৰব্বী চাবু জেকবৰ উপস্থিতিত সমবেত লোকসকলক সম্বোধন কৰিছিল।

ভাৰতৰ নিৰ্বাচন আয়োগে ৩১ মে’ৰ বাবে ত্ৰিককাকাৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময় সূচী নিৰ্ধাৰণ কৰিছে। ভোটগণনা সম্পন্ন হ’ব ৩ জুনত৷ অৰবিন্দ কেজৰিৱালে লগতে কয়, কেৰালা ঈশ্বৰৰ নিজৰ ঠাই। ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া মানুহ! ১০ বছৰ আগতে, কোনেও অৰবিন্দ কেজৰিৱালক চিনি পোৱা নাছিল। আজি, দিল্লী আৰু পঞ্জাবত আমাৰ চৰকাৰ আছে। এই সকলোবোৰ ঈশ্বৰৰ বাবে হৈছে। এতিয়া, কোনে বিচাৰে যে আপে কেৰালাত চৰকাৰ গঠন কৰক?- তেওঁ সুধিছিল৷

গৃহনিৰ্মাতা, শিক্ষাৰ্থী আৰু ভ্ৰাম্যমাণ মেৰামতিকাৰীকে ধৰি আমাৰ নৱগঠিত দলৰ প্ৰাৰ্থীসকলে পঞ্জাব আৰু দিল্লীত পূৰ্বৰ মুখ্যমন্ত্ৰীক পৰাজিত কৰিছিল৷ এই সকলো ঈশ্বৰৰ কাৰণে হৈছে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে মন্তব্য কৰে৷ কেজৰিৱালে আৰু উল্লেখ কৰে যে দিল্লীৰ এজন দৰিদ্ৰ শ্ৰমিকে নিম্নতম মজুৰি হিচাপে ১৫,০০০ টকাৰো অধিক ধন লাভ কৰে যিটো ভাৰতত সৰ্বাধিক। ইয়াৰ ওপৰত, শ্ৰমিকসকলে মানসম্পন্ন স্বাস্থ্যসেৱা, শিক্ষা, মহিলাৰ বাবে পৰিবহন, বিদ্যুৎ, পানী, সকলো বিনামূলীয়াকৈ লাভ কৰে। সৎ আপ চৰকাৰৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে৷  

২০২০ত একেৰাহে দ্বিতীয়বাৰৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত কেজৰিৱালৰ এইটোৱে আছিল প্ৰথম কেৰালা ভ্ৰমণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ