--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ কেৰালাত চকু পৰিছে আম আদমী পাৰ্টীৰ৷ চমকপ্ৰদ ৰাজনৈতিক কৌশলেৰে দেশৰ ৰাজনীতিৰ নতুন সম্ভাৱনা হৈ পৰা আম আদমী পাৰ্টীয়ে এইবাৰ প্ৰৱেশ কৰিছে কেৰালাত৷ কেৰালাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিয়ে টুৱেণ্টি-২০ দলৰ সৈতে মিত্ৰতা ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে৷ আজি কোচিত টুৱেণ্টি-২০ পাৰ্টি আৰু আপ কেৰালাৰ স্বেচ্ছাসেৱকসকলৰ এক ৰাজহুৱা সমাৱেশত ভাষণ দি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, এতিয়া কেৰালাত চাৰিটা ৰাজনৈতিক মিত্ৰতা হ’ব৷ সেয়া হ’ল: এলডিএফ, ইউডিএফ, এনডিএ আৰু আমাৰ মিত্ৰজোঁটৰ নাম হ’ব পিপলছ ৱেলফেয়াৰ এলায়েন্স।

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি কেৰালাত উপস্থিত হৈ এই ‘পিপলছ ৱেলফেয়াৰ এলায়েন্স’ মিত্ৰতাৰ বিষয়ে সদৰী কৰে৷ ত্ৰিককাক্কাৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে কেৰালাত টুৱেণ্টি-২০ দলৰ সৈতে আপ-এ মিত্ৰতা স্থাপন কৰিলে৷  কেজৰিৱালে ভাষণ প্ৰসংগত দেশৰ বিভিন্ন প্ৰান্তত বছৰ বছৰ ধৰি দলটোৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰিছিল। কেজৰিৱালে টুৱেণ্টি-২০ পাৰ্টিৰ মুৰব্বী চাবু জেকবৰ উপস্থিতিত সমবেত লোকসকলক সম্বোধন কৰিছিল।

ভাৰতৰ নিৰ্বাচন আয়োগে ৩১ মে’ৰ বাবে ত্ৰিককাকাৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময় সূচী নিৰ্ধাৰণ কৰিছে। ভোটগণনা সম্পন্ন হ’ব ৩ জুনত৷ অৰবিন্দ কেজৰিৱালে লগতে কয়, কেৰালা ঈশ্বৰৰ নিজৰ ঠাই। ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া মানুহ! ১০ বছৰ আগতে, কোনেও অৰবিন্দ কেজৰিৱালক চিনি পোৱা নাছিল। আজি, দিল্লী আৰু পঞ্জাবত আমাৰ চৰকাৰ আছে। এই সকলোবোৰ ঈশ্বৰৰ বাবে হৈছে। এতিয়া, কোনে বিচাৰে যে আপে কেৰালাত চৰকাৰ গঠন কৰক?- তেওঁ সুধিছিল৷

গৃহনিৰ্মাতা, শিক্ষাৰ্থী আৰু ভ্ৰাম্যমাণ মেৰামতিকাৰীকে ধৰি আমাৰ নৱগঠিত দলৰ প্ৰাৰ্থীসকলে পঞ্জাব আৰু দিল্লীত পূৰ্বৰ মুখ্যমন্ত্ৰীক পৰাজিত কৰিছিল৷ এই সকলো ঈশ্বৰৰ কাৰণে হৈছে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে মন্তব্য কৰে৷ কেজৰিৱালে আৰু উল্লেখ কৰে যে দিল্লীৰ এজন দৰিদ্ৰ শ্ৰমিকে নিম্নতম মজুৰি হিচাপে ১৫,০০০ টকাৰো অধিক ধন লাভ কৰে যিটো ভাৰতত সৰ্বাধিক। ইয়াৰ ওপৰত, শ্ৰমিকসকলে মানসম্পন্ন স্বাস্থ্যসেৱা, শিক্ষা, মহিলাৰ বাবে পৰিবহন, বিদ্যুৎ, পানী, সকলো বিনামূলীয়াকৈ লাভ কৰে। সৎ আপ চৰকাৰৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে৷  

২০২০ত একেৰাহে দ্বিতীয়বাৰৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত কেজৰিৱালৰ এইটোৱে আছিল প্ৰথম কেৰালা ভ্ৰমণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান