ডিজিটেল ডেস্ক: জীৱন! জীৱন হেনো বৰ অনুপম৷ এনে এটি জীৱন আপোনালোকক আজি দেখুৱাৱলৈ লৈছোঁ, যিয়ে নেকি ক্ষন্তেকৰ বাবে হ’লেও আপোনাক কন্দুৱাব পাৰে৷ বুকুখন ভাৱ গধুৰ কৰি তুলিব পাৰে৷
আমি ক’বলৈ লৈছো বকলীয়াঘাট ২ নং নামবকলীয়াৰ এটি ৮ বছৰীয়া শিশুৰ কথা৷ পখিলা খেদা বয়সতে তিনিটি বছৰে ৰোগাক্ৰান্ত হৈ মৃত্যুৰে যুঁজি আছে শিশুটিয়ে৷
কিডনীৰ ৰোগত আক্ৰান্ত শিশুটিক চিকিৎসা কৰাবলৈ ধনৰ অভাৱ৷ পিতৃ-মাতৃহীন পীযুষ দাস নামৰ শিশুটি আইতাকৰ লগত থাকিয়ে ডাঙৰ-দীঘল হৈছে৷ অসুস্থ নাতিক লৈ দিক-বিদিক হেৰুৱাইছে আইতাকে৷ শিশুটিৰ জীৱন ৰক্ষা কৰিবলৈ ৰাইজক কাতৰ আহ্বান জনাইছে অসহায় আইতাকে৷
আপোনাৰ কিছু আৰ্থিক সহায়ে পীযুষক দিব পাৰে জীৱন দান৷ ৰাইজে সহায়ৰ হাত আগবঢ়াব খুজিলে তলৰ QR code অথবা 7002459183 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে৷