ডিজিটেল ডেস্ক: ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত ৰঙিয়া ষ্টেচনৰ সমীপত চলোৱা অভিযানত উদ্ধাৰ তিনিগৰাকী যুৱক।
গোপন সূত্ৰৰ পম খেদি স্থানীয় মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত উদ্ধাৰ হয় যুৱক তিনিজন।
কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে বিভিন্ন স্থানৰ পৰা ৰঙিয়ালৈ অনা হৈছিল যুৱক তিনিজনক। ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।
বহিঃৰাজ্যৰ যুৱকজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে। আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।
আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।