--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ভাৰতত দ্বিতীয় এটা তাজমহল নিৰ্মাণ কৰা হ’ল। তামিলনাডুৰ তিৰুবুৰুৰ জিলাৰ আমিৰুদ্দিন শ্বেখ দাউদ নামৰ এজন ব্যক্তিয়ে দ্বিতীয়টো তাজমহল নিৰ্মাণ কৰিছে। কিন্তু শ্বাহজাহানৰ দৰে পত্নীৰ স্মৃতিত নহয়, আমিৰুদ্দিনে মাতৃৰ স্মৃতিত এই কীৰ্তিচিহ্ন নিৰ্মাণ কৰিছে। 

উল্লেখ্য যে ২০২০ চনত আমিৰুদ্দিনৰ মাতৃ জেলানী বিবিৰ দেহাৱসান ঘটে। ১৯৮৯ চনত গাড়ী দুৰ্ঘটনাত দেউতাকে প্ৰাণ হেৰুওৱাৰ পিছত মাতৃয়ে অকলেই তুলি তালি ডাঙৰ দীঘল কৰিছিল আমিৰুদ্দিনক।পিতৃৰ বিয়োগত সময়ত আমিৰুদ্দিনৰ মাতৃৰ বয়স আছিল মাত্ৰ ৩০ বছৰ। তেতিয়াৰ পৰাই তেওঁ নিজৰ পাঁচটা সন্তানক অতি সংগ্ৰামেৰে ডাঙৰ-দীঘল কৰিছিল। 

আমিৰুদ্দিনে কয়, আমাৰ সমাজত বিধৱা বিবাহৰ প্ৰথা থকাৰ পিছতো মোৰ দেউতাৰ মৃত্যুৰ পিছত মায়ে বিয়া কৰা নাছিল। সেই সময়ত মই আৰু মোৰ ভগ্নী বহুত সৰু আছিলো। আমাৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ মায়ে বহুত যুঁজিছিল। কেৱল সেয়াই নহয়, তেওঁ আমাৰ মেৰুদণ্ড আছিল আৰু আমাক কাহানিও দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। 

ইফালে মাতৃৰ মৃত্যু সন্দৰ্ভত তেওঁ কয়, “২০২০ চনত মাৰ মৃত্যুৰ পিছত মই একেবাৰে বিশ্বাস কৰিব পৰা নাছিলো।  আজিও অনুভৱ কৰোঁ মা আমাৰ লগত আছে। মাৰ মৃত্যুৰ পিছত মই মোৰ পৰিয়ালক জনাই দিলোঁ যে মই মোৰ মাৰ মৃতদেহটো কবৰস্থানৰ সলনি নিজৰ মাটিত পুতিব বিচাৰো। কাৰণ তেওঁৰ স্মৃতিত মই এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব বিচাৰিছিলো। অৱশ্যে সেই সিদ্ধান্ত লোৱাত মোৰ পৰিয়ালে বাধা দিয়া নাছিল।”

তেতিয়াই আমিৰুদ্দিনে সেই লক্ষ্যৰ দিশে আগবাঢ়িছিল আৰু নিৰ্মাণ শ্ৰমিকৰ লগত যোগাযোগ কৰিছিল। ২০২১ চনৰ ৩ জুনত এই স্মৃতিসৌধৰ কাম আৰম্ভ হয়। ২০০ৰো অধিক শ্ৰমিকে নিৰ্মাণ কৰি উলিয়াই দ্বিতীয়টো তাজমহল। প্ৰায় চাৰে পাঁচ কোটি টকাৰ মূল্য খৰচ হোৱা এই তাজমহলৰ আৰ্হিৰ তাজমহলটো অলপতে সম্পূৰ্ণ হৈ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস