--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশ সীমান্ত সুৰক্ষাৰ দুই জোৱানে হাতত বন্দুক লৈ মেঘালয়ত প্ৰৱেশ কৰাৰ এক চাঞ্চল্যজনক কাণ্ডৰ সৃষ্টি হৈছে। খবৰ অনুসৰি, বুধবাৰে বিয়লি প্ৰায় ৪ বজাত বাংলাদেশ সীমান্ত সুৰক্ষাৰ দুগৰাকী জোৱানে অস্ত্ৰসহ মেঘালয়ত প্ৰৱেশ কৰে। বাংলাদেশৰ জোৱান দুজনক দেখা পাই স্থানীয় লোকসকলে জোৱান দুজনক খেদি খেদি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠায়।

এই ঘটনাৰ এটা ভিডিঅ’ নেট জগতত ভাইৰেল হৈ পৰিছে। ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়েও এই সমগ্ৰ বিষয়টোক লৈ বাংলাদেশ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ উত্থাপন কৰিছে। 

খবৰ অনুসৰি বাংলাদেশৰ দুজন সেনা জোৱানে ভুলতে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে। বাংলাদেশে দাবী কৰিছে যে তেওঁলোকে ভুলতে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে কোনো ভাৰতীয়ক হাৰাশাস্তি কৰা নাছিল।

মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ ৰঙাৰা অঞ্চলত বাংলাদেশ সীমান্তৰ দুই জোৱান প্ৰৱেশ কৰিছিল। দুয়োৰে হাতত আছিল এছাল্ট ৰাইফল আৰু লাঠি। দুয়োজনে সেনা বাহিনীৰ পোছাক পৰিধান কৰি আছিল । মেঘালয়ৰ বাসিন্দাসকলে নিজৰ ভূখণ্ডত দুজন বাংলাদেশী জোৱানক দেখি স্তম্ভিত হৈ পৰিছিল আৰু তাৰ পিছত বাংলাদেশী জোৱান দুজনক খেদি খেদি বাংলাদেশলৈ উভতি যাবলৈ বাধ্য কৰাইছিল। 

এই পৰিপ্ৰেক্ষিতত বি এছ এফৰ এজন বিষয়াই কয় যে যিহেতু ৰঙাৰা গাঁওখন সীমান্তৰ ওচৰত অৱস্থিত, সেয়েহে তেওঁলোকে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা বুলি গম পোৱা নাছিল। বিষয়টো সন্দৰ্ভত বিএছএফ আৰু বিজিবিৰ মাজত ইতিমধ্যে এখন বৈঠক অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক