--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশ সীমান্ত সুৰক্ষাৰ দুই জোৱানে হাতত বন্দুক লৈ মেঘালয়ত প্ৰৱেশ কৰাৰ এক চাঞ্চল্যজনক কাণ্ডৰ সৃষ্টি হৈছে। খবৰ অনুসৰি, বুধবাৰে বিয়লি প্ৰায় ৪ বজাত বাংলাদেশ সীমান্ত সুৰক্ষাৰ দুগৰাকী জোৱানে অস্ত্ৰসহ মেঘালয়ত প্ৰৱেশ কৰে। বাংলাদেশৰ জোৱান দুজনক দেখা পাই স্থানীয় লোকসকলে জোৱান দুজনক খেদি খেদি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠায়।

এই ঘটনাৰ এটা ভিডিঅ’ নেট জগতত ভাইৰেল হৈ পৰিছে। ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়েও এই সমগ্ৰ বিষয়টোক লৈ বাংলাদেশ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ উত্থাপন কৰিছে। 

খবৰ অনুসৰি বাংলাদেশৰ দুজন সেনা জোৱানে ভুলতে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে। বাংলাদেশে দাবী কৰিছে যে তেওঁলোকে ভুলতে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে কোনো ভাৰতীয়ক হাৰাশাস্তি কৰা নাছিল।

মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ ৰঙাৰা অঞ্চলত বাংলাদেশ সীমান্তৰ দুই জোৱান প্ৰৱেশ কৰিছিল। দুয়োৰে হাতত আছিল এছাল্ট ৰাইফল আৰু লাঠি। দুয়োজনে সেনা বাহিনীৰ পোছাক পৰিধান কৰি আছিল । মেঘালয়ৰ বাসিন্দাসকলে নিজৰ ভূখণ্ডত দুজন বাংলাদেশী জোৱানক দেখি স্তম্ভিত হৈ পৰিছিল আৰু তাৰ পিছত বাংলাদেশী জোৱান দুজনক খেদি খেদি বাংলাদেশলৈ উভতি যাবলৈ বাধ্য কৰাইছিল। 

এই পৰিপ্ৰেক্ষিতত বি এছ এফৰ এজন বিষয়াই কয় যে যিহেতু ৰঙাৰা গাঁওখন সীমান্তৰ ওচৰত অৱস্থিত, সেয়েহে তেওঁলোকে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা বুলি গম পোৱা নাছিল। বিষয়টো সন্দৰ্ভত বিএছএফ আৰু বিজিবিৰ মাজত ইতিমধ্যে এখন বৈঠক অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস