--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ ৰে’ল দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ ওড়িশাত কেইবা খনো ৰে’ল দুৰ্ঘটনাত পৰিত হোৱাৰ পিছত  এইবাৰ মধ্যপ্ৰদেশত সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা৷ মধ্যপ্ৰদেশৰ জবলপুৰৰ শ্বাহপুৰা ভিটনিত এখন মালবাহী ৰে'লৰ এলপিজি ৰেকৰ দুটা ৱাগন লাইনচ্যুত হৈছে৷ 

 ৰে'লৱে বিষয়াসকলে বুধবাৰে প্ৰকাশ কৰা মতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ পশ্চিম মধ্য ৰে'লৱেৰ চিপিআৰঅ'ৰ মতে মালবাহী ৰে'লখন আনলোডিঙৰ বাবে ৰখাৰ সময়তে হচাতে  লাইনচ্যুত হৈ পৰে৷  বিষয়াজনে কয় " যোৱা নিশা আনলোডিঙৰ বাবে ৰখাৰ সময়তে এখন মালবাহী ৰে’লৰ এলপিজি ৰেকৰ দুটা ৱাগন লাইনচ্যুত হয়। ইয়াৰ ফলত অৱশ্যে ৰে’লৰ  চলাচল প্ৰভাৱান্বিত  হোৱা নাই। মুখ্য লাইনত ৰেলৰ চলাচল স্বাভাৱিক হৈয়েই আছে। চাইডিং কৰ্তৃপক্ষৰ উপস্থিতিত পুৱা  লাইন মেৰামতিৰ কাম আৰম্ভ হৈছে"।

 উল্লেখ্য ২ জুনত ওড়িশাৰ  বালাচৰত তিনিখন ৰে'লৰ সংঘৰ্ষত কমেও ২৮৮ জন লোকৰ মৃত্যু হৈছিল আৰু ১০০০ ৰো অধিক লোক আহত হৈছিল। দুৰ্ঘটনাটোৰ প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে যে  দুৰ্ঘটনাটোত বাংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ, কৰমণ্ডেল এক্সপ্ৰেছ আৰু এখন মালগাড়ী ক্ষতিগ্ৰস্ত হৈছে৷  দুৰ্ঘটনাটোত  দুখন যাত্ৰীবাহী ৰেলৰ প্ৰায় ১৭ টা ডবা লাইনচ্যুত হৈছিল ৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস