--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ ৰে’ল দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ ওড়িশাত কেইবা খনো ৰে’ল দুৰ্ঘটনাত পৰিত হোৱাৰ পিছত  এইবাৰ মধ্যপ্ৰদেশত সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা৷ মধ্যপ্ৰদেশৰ জবলপুৰৰ শ্বাহপুৰা ভিটনিত এখন মালবাহী ৰে'লৰ এলপিজি ৰেকৰ দুটা ৱাগন লাইনচ্যুত হৈছে৷ 

 ৰে'লৱে বিষয়াসকলে বুধবাৰে প্ৰকাশ কৰা মতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ পশ্চিম মধ্য ৰে'লৱেৰ চিপিআৰঅ'ৰ মতে মালবাহী ৰে'লখন আনলোডিঙৰ বাবে ৰখাৰ সময়তে হচাতে  লাইনচ্যুত হৈ পৰে৷  বিষয়াজনে কয় " যোৱা নিশা আনলোডিঙৰ বাবে ৰখাৰ সময়তে এখন মালবাহী ৰে’লৰ এলপিজি ৰেকৰ দুটা ৱাগন লাইনচ্যুত হয়। ইয়াৰ ফলত অৱশ্যে ৰে’লৰ  চলাচল প্ৰভাৱান্বিত  হোৱা নাই। মুখ্য লাইনত ৰেলৰ চলাচল স্বাভাৱিক হৈয়েই আছে। চাইডিং কৰ্তৃপক্ষৰ উপস্থিতিত পুৱা  লাইন মেৰামতিৰ কাম আৰম্ভ হৈছে"।

 উল্লেখ্য ২ জুনত ওড়িশাৰ  বালাচৰত তিনিখন ৰে'লৰ সংঘৰ্ষত কমেও ২৮৮ জন লোকৰ মৃত্যু হৈছিল আৰু ১০০০ ৰো অধিক লোক আহত হৈছিল। দুৰ্ঘটনাটোৰ প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে যে  দুৰ্ঘটনাটোত বাংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ, কৰমণ্ডেল এক্সপ্ৰেছ আৰু এখন মালগাড়ী ক্ষতিগ্ৰস্ত হৈছে৷  দুৰ্ঘটনাটোত  দুখন যাত্ৰীবাহী ৰেলৰ প্ৰায় ১৭ টা ডবা লাইনচ্যুত হৈছিল ৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা