--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শৈশৱত কেনে পৰিবেশত অধ্যয়ন কৰিছিল, তেওঁ কোন খন বিদ্যালয়ত পঢ়িছিল আদি কথাবোৰ এতিয়া খৰচি মাৰি জানিবলৈ সক্ষম হ’ব দেশৰ বহু শিক্ষাৰ্থীয়ে৷  যিটো সময়ত বিৰোধীয়ে বাৰে বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা আৰু ডিগ্ৰীৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে তেনে সময়তে  দেশৰ প্ৰতিখন জিলাৰ পৰা  দুগৰাকীকৈ  শিক্ষাৰ্থীক প্ৰেৰণ কৰা হ’ব প্ৰধানমন্ত্ৰী  মোদীয়ে শৈশৱত অধ্যয়ন কৰা বিদ্যালয়লৈ৷ 

বিজেপিৰ বহুতৰে মতে এতিয়া মোদীৰ শৈশৱৰ বিদ্যালয়খন সমগ্ৰ দেশৰ শিশু আৰু কিশোৰসকলৰ বাবে 'অনুপ্ৰেৰণা' হ'বলৈ গৈ আছে। কেন্দ্ৰই শেহতীয়াকৈ এই সন্দৰ্ভত এখন আঁচনি ঘোষণা কৰিছে। 'প্ৰেৰণা'ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে অধ্যয়ন কৰা গুজৰাটৰ বিদ্যালয়খনত নতুন প্ৰজন্মক 'দেশভক্তি' আৰু 'নৈতিকতাৰ পাঠ' প্ৰদান কৰা হ'ব। একে সময়তে কেন্দ্ৰই ১৯  শতিকাৰ বিদ্যালয়খন পুনৰ নিৰ্মাণৰ দায়িত্ব ভাৰতীয় পুৰাতাত্ত্বিক জৰীপক প্ৰদান কৰিছে।

 ভাদনগৰ প্ৰাথমিক বিদ্যালয় গুজৰাটৰ মেহছানা জিলাত অৱস্থিত। এই বিদ্যালয়খনতে মোদীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। কেন্দ্ৰৰ প্ৰকল্প 'প্ৰেৰণা' ভাদনগৰ প্ৰাথমিক বিদ্যালয়কলৈ আৰম্ভ কৰা হৈছে৷ দেশৰ প্ৰতিখন জিলাৰ পৰা  দুগৰাকীকৈ শিক্ষাৰ্থীয়ে নৈতিক শিক্ষা গ্ৰহণ কৰিব।  প্ৰতিটো পৰ্যায়ত  ৩০গৰাকীকৈ  শিক্ষাৰ্থীক শৈক্ষিক ভ্ৰমণৰ বাবে বাছনি কৰা হ'ব। চৰকাৰী সূত্ৰ অনুসৰি ৫০ সপ্তাহৰ আঁচনিখনত দেশৰ ৭৫০ খন জিলাৰ ১,৫০০ শিক্ষাৰ্থীক মোদীৰ শৈক্ষিক জীৱনৰ পাঠেৰে 'অনুপ্ৰেৰণা' দিয়া হ'ব। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক  মোদীয়ে অধ্যয়ন কৰা  বিদ্যালয় খন সজাই তোলাৰ  দায়িত্ব দিয়া হৈছে। 

এনেদৰে কেন্দ্ৰই বিদ্যালয়খনক অনুপ্ৰেৰণাৰ কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰী সূত্ৰ অনুসৰি  অনুপ্ৰেৰণাৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেম আৰু নৈতিকতা জাগ্ৰত কৰা যাতে তেওঁলোকে ভৱিষ্যতে দেশৰ কল্যাণৰ বাবে কাম কৰিব পাৰে।

উল্লেখ্য কেইমাহমান আগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰিছিল, "মই কোনো ভুৱা ডিগ্ৰী ধাৰী লোক ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো নিবিচাৰো।" ইফালে  উদ্ধৱ ঠাকৰেই  একেটা বিষয়তে মোদীক সমালোচনা কৰিছিল।তেওঁ কৈছিল "কোনো মহাবিদ্যালয়ে  দেশৰ প্ৰধানমন্ত্ৰী সেই মহাবিদ্যালয়খনত পঢ়িছিল বুলি ক’ব নোৱাৰে। ৰাষ্ট্ৰীয় তথ্য আয়োগে গুজৰাট বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু গুজৰাট বিশ্ববিদ্যালয়ে  সেয়া  ৰাজহুৱা কৰিব নিবিচাৰিলে। ইয়াৰ অৰ্থ হৈছে 'দাল মে কালা হে্য '৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস