--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসৎ আচৰণৰ বাবে এইচ ডি এফ চি বেংকে নিলম্বন কৰিলে এগৰাকী মেনেজাৰক। অনলাইন মিটিঙৰ সময়ত মেনেজাৰগৰাকীয়ে সহকৰ্মীসকলৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। কোনোবাই মেনেজাৰজনৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। ভিডিঅ’টোত মেনেজাৰজনে নিজৰ সহকৰ্মীসকলক টাৰ্গেট কমপ্লিট নকৰাৰ বাবে বাংলা ভাষাত চিঞৰি গালি পৰিছিল।

ভিডিঅ’টোত মেনেজাৰজনে তেওঁৰ সহকৰ্মীসকলক সুধিছিল,

‘যোৱা দুদিনত আপুনি কিমান চেভিংছ একাউণ্ট আৰু কাৰেণ্ট একাউণ্ট খুলিছে? মোক কওক.'

তাৰ পাছত তেওঁ চিঞৰি আছিল আৰু আন এজন কৰ্মচাৰীক সুধিছিল

'আপুনি ১৫টা একাউণ্ট খুলিব লাগিছিল, আপুনি ৫টা খুলিছিল।'

এই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে ছাৰা নামৰ এজন ব্যৱহাৰকাৰীয়ে। তেওঁলোকে লিখিছিল,

এইচ ডি এফ চি বেংকৰ মেনেজাৰ পুষ্পল ৰায়ে কৰ্মচাৰীৰ লগত বেয়া আচৰণ কৰিছিল। মই যদি কৰ্মচাৰীৰ ঠাইত থাকিলোহেঁতেন তেন্তে তাতেই উত্তৰ দিলোঁহেঁতেন, কিন্তু কৰ্মচাৰীসকলে কিয় আৰু কেনেকৈ শুনি আছে নাজানো। তেওঁক ততাতৈয়াকৈ নিলম্বন কৰিব লাগে!

ছাৰাৰ এই টুইটৰ উত্তৰত এইচ ডি এফ চিৰ চাৰ্ভিচ মেনেজাৰ অজয়ে কয়, ''হাই চাৰা, এইটো শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ'টোৰ বিষয়ে তথ্য। এই বিষয়ত প্ৰাথমিক তদন্তৰ ভিত্তিত সংশ্লিষ্ট কৰ্মচাৰীজনক নিলম্বন কৰি বিতং তদন্ত আৰম্ভ কৰা হৈছে। আমি এইচ ডি এফ চি বেংকত যিকোনো ধৰণৰ অসৎ আচৰণৰ বাবে শূন্য সহনশীলতা নীতি ৰাখিছো। আমি আমাৰ সকলো কৰ্মচাৰীক মৰ্যাদা আৰু সন্মানেৰে ব্যৱহাৰ কৰাত বিশ্বাস কৰোঁ। সেয়েহে অসৎ আচৰণ কৰা কৰ্মচাৰীজনক নিলম্বন কৰা হ'ল।''

টুইটত ছাৰাই কৰ্মচাৰীজনৰ নাম  পুষ্পল ৰায় বুলি উল্লেখ কৰে। কিন্তু কৰ্মচাৰীজনৰ নাম এইচ ডি এফ চি বেংকে প্ৰকাশ কৰা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস