--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ প্ৰায় একেধৰণৰ ঘটনাই ঘটিছে ৰাজস্থানত৷   ৰাজস্থানৰ প্ৰতাপগড় জিলাত এগৰাকী মহিলাক প্ৰহাৰ কৰি উলংগ কৰা আৰু তাৰ পিছত নগ্ন মহিলাগৰাকীক  পেৰেড কৰোৱাৰ ঘটনাই সকলোৰে চকু থৰ লগাইছে৷ মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে   আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীকে ধৰি তিনিজন অভিযুক্তক  গ্ৰেপ্তাৰ কৰিছে। বনেশ্বৰ আৰক্ষী  মহাপৰিদৰ্শক এছ পৰিমলে ঘটনাটো সন্দৰ্ভত কয় "সকলো অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ঘটনাটোত মুঠ দহজন অভিযুক্ত জড়িত  আছিল, তেওঁলোকৰ ভিতৰৰে  তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। আনসকলকো সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব।’’ 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে নাথু মীনা (ভুক্তভোগীৰ স্বামী), ভেলিয়া বীনা আৰু কানহা মীনা । শেহতীয়াকৈ ৰাজস্থানত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল৷  ভিডিঅ’টোত  এগৰাকী মহিলাক তেওঁৰ স্বামী আৰু শহুৰেকে উলংগ কৰি প্ৰহাৰ কৰা দেখা গৈছিল। আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) উমেশ মিশ্ৰৰ মতে  বৃহস্পতিবাৰে জিলাখনৰ ধাৰিয়াৱাদ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পাহাদা গ্ৰাম পঞ্চায়তৰ নিচালাকোটা গাঁৱত এই ঘটনা সংঘটিত হয়। মহিলাগৰাকীয়ে যোৱা বছৰ বিবাহপাশত আৱদ্ধ হৈছিল ।  ডিজিপিয়ে কয়, "মহিলাগৰাকীৰ শহুৰেকে এই জঘন্য অপৰাধ সংঘটিত কৰিছে। তেওঁলোকে মহিলাগৰাকীক  অপহৰণ কৰি নিছিল আৰু এখন  গাওঁলৈ লৈ গৈছিল ৷

 তাতেই মহিলাগৰাকীক প্ৰহাৰ কৰি নগ্ন কৰা হৈছিল আৰু নগ্ন মহিলাগৰাকীক পেৰেড কৰোৱাইছিল৷ মহিলাগৰাকীয়ে বিয়াৰ  পিছত শহুৰেকৰ ঘৰত নাথিকি  আন ঠাইলৈ গুচি যোৱাৰ বাবেই শহুৰেকে এনে শাস্তি বিহে৷ মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে  বিষয়টোকলৈ ৰাজস্থানৰ ৰাজনৈতিক ক্ষেত্ৰ খনত  আৰম্ভ হৈছে বোকা চটিওৱাৰ খেল৷ বিজেপিয়ে এনে ঘটনাৰ বাবে ৰাজ্য খনৰ শাসকীয় কংগ্ৰেছ দলকেই জগৰীয়া কৰিছে৷  ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই সন্দৰ্ভত এক্স (পূৰ্বতে টুইটাৰ)ত পোষ্ট কৰি কয় , " অপৰাধ শাখাৰ এডিজিয়ে  তৎক্ষণাৎ ঘটনাস্থলীলৈ গৈছিল  আৰু  আৰক্ষীক অভিযুক্তৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল।" তেওঁ লগতে কয় যে  সভ্য সমাজত এনে অপৰাধীৰ কোনো স্থান নাই। দ্ৰুত ন্যায় নিশ্চিত কৰিবলৈ গোচৰটো ফাৰ্ষ্ট ট্ৰেক  আদালতলৈ প্ৰেৰণ কৰা হ'ব।

লোকসভাৰ সাংসদ ৰাজ্যবৰ্ধন সিং ৰাঠৌৰে 'এক্স'ত  ঘটনাটোক লৈ ৰাজ্য চৰকাৰক  আক্ৰমণ কৰে। গেহলটক লক্ষ্য কৰি ৰাঠৌৰে কয়, "আমি একাধিকবাৰ কৈছো যে মণিপুৰৰ অপৰাধতকৈ ৰাজস্থানত অধিক জঘন্য অপৰাধ সংঘটিত হৈ আছে । কেৱল এনে  ভিডিঅ'ৰ বাবে  অপেক্ষা কৰা হৈছিল! এতিয়া আপোনালোক সন্তুষ্ট নে? এগৰাকী গৰ্ভৱতী মহিলাক উলংগ কৰি বজাৰত পেৰেড কৰোৱা  হৈছে । কিন্তু আপোনাৰ বাবেএয়া যেন এতিয়াও চিন্তাৰ বিষয় নহয়"। বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালায়ো ঘটনাটোক গৰিহণা দিছে আৰু ৰাজস্থান চৰকাৰক আক্ৰমণ কৰিছে ।" আজি ৰাজস্থানৰ আইন-শৃংখলা পৰিস্থিতি, বিশেষকৈ ৰাজ্যখনৰ মহিলাসকলৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে৷  ৰাজস্থানৰ প্ৰতাপগড় জিলাৰ আদিবাসী অধ্যুষিত এলেকাৰ ভিডিঅ'টোৱে  দেশৰ বিবেকক জোকাৰি গৈছে । য'ত এগৰাকী মহিলাক উলংগ কৰা হৈছে, পেৰেড কৰোৱা হৈছে, প্ৰহাৰ কৰা হৈছে। অথচ বহু দিন ধৰি আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত  অৱগত নাছিল। এজাহাৰ পঞ্জীয়ন কৰা হোৱা নাছিল।  সংবাদ মাধ্যমেহে ঘটনাটো পোহৰলৈ আনিছে৷", পুনাৱালাই কয়।  প্ৰিয়ংকা গান্ধী ভদ্ৰা আৰু ৰাহুল গান্ধী ক'ত আছে বুলিও তেওঁ প্ৰশ্ন কৰে৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে