--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৯-১০ ছেপ্টেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। এই সন্দৰ্ভত প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত আছে। এই সন্মিলনৰ বাবে দিল্লী বিমানবন্দৰৰ সমীপত শিৱলিংগ আকৃতিৰ ফোৱৰা স্থাপন কৰা হৈছে। ইয়াৰ ফলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

এটা ধৰ্মীয় প্ৰতীক কেনেকৈ সজ্জাৰ বাবে ব্যৱহাৰ কৰিব পাৰি সেই লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। ভগৱান শিৱৰ সৈতে জড়িত এই বিষয়ক লৈ মানুহে ক্ষোভ উজাৰিছে। এই ফোৱৰা জি-২০ শীৰ্ষ সন্মিলনৰ সৌন্দৰ্য্যবৰ্ধনৰ অংশ হিচাপে স্থাপন কৰা হৈছিল। দিল্লী কেণ্টৰ হনুমান চ’কত বাৰটা শিৱলিংগ ফোৱৰা আৰু পথৰ বিপৰীত ফালে আৰু ছটা ফোৱৰা স্থাপন কৰা হৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পেনেলিষ্ট চাৰু প্ৰজ্ঞাই ছ’চিয়েল মিডিয়াত কয়, "শিৱলিংগ সজ্জাৰ বাবে নহয়। দিল্লীৰ ধৌলা কুৱান অঞ্চলত আম আদমি পাৰ্টি চৰকাৰে শিৱলিংগ আকৃতিৰ ফোৱৰা স্থাপন কৰিছে।"

এই বিতৰ্কৰ ফলত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত নতুন ৰাজনৈতিক কাজিয়াৰ সৃষ্টি হৈছে। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাই ২৭ আগষ্টত শিৱলিংগ আকৃতিৰ ফোৱৰা পৰিদৰ্শন কৰে। তেওঁ নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত এই ছবিসমূহ পোষ্ট কৰে। এই বিষয়ত দুয়োটা দলৰ মাজত চলি থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।

জি-২০ সন্মিলনৰ বাবে দিল্লী-এনচিআৰত সৌন্দৰ্য্যবৰ্ধন কৰা হৈছে। পথসমূহ মেৰামতি কৰি চিত্ৰকলাৰে সজাই তোলা হৈছে। ইয়াৰ লগতে ফোৱৰাও স্থাপন কৰা হৈছে। বিজেপি আৰু আম আদমি পাৰ্টিৰ নেতাসকলে ইয়াৰ ক্ৰেডিট সন্দৰ্ভত বাকযুদ্ধ অব্যাহত ৰাখিছে।

দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে কয় যে দিল্লীত জি-২০ৰ প্ৰস্তুতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধন দিছে। প্ৰত্যুত্তৰত আপে কয় যে আম আদমি পাৰ্টি চৰকাৰে কৰা উন্নয়নমূলক কামক বিজেপিয়ে নিজৰ বুলি দাবী কৰিব লগা হোৱাটো আচৰিত কথা। সমগ্ৰ ধন দিল্লী চৰকাৰৰ পি ডব্লিউ ডি বিভাগে আনুষংগিক কামত ব্যয় কৰিছে। ইফালে ছ’চিয়েল মিডিয়াত ৰাইজে শিৱলিংগক সজ্জাৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাক লৈ তীব্ৰ সমালোচনা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ