--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৯-১০ ছেপ্টেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। এই সন্দৰ্ভত প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত আছে। এই সন্মিলনৰ বাবে দিল্লী বিমানবন্দৰৰ সমীপত শিৱলিংগ আকৃতিৰ ফোৱৰা স্থাপন কৰা হৈছে। ইয়াৰ ফলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

এটা ধৰ্মীয় প্ৰতীক কেনেকৈ সজ্জাৰ বাবে ব্যৱহাৰ কৰিব পাৰি সেই লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। ভগৱান শিৱৰ সৈতে জড়িত এই বিষয়ক লৈ মানুহে ক্ষোভ উজাৰিছে। এই ফোৱৰা জি-২০ শীৰ্ষ সন্মিলনৰ সৌন্দৰ্য্যবৰ্ধনৰ অংশ হিচাপে স্থাপন কৰা হৈছিল। দিল্লী কেণ্টৰ হনুমান চ’কত বাৰটা শিৱলিংগ ফোৱৰা আৰু পথৰ বিপৰীত ফালে আৰু ছটা ফোৱৰা স্থাপন কৰা হৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পেনেলিষ্ট চাৰু প্ৰজ্ঞাই ছ’চিয়েল মিডিয়াত কয়, "শিৱলিংগ সজ্জাৰ বাবে নহয়। দিল্লীৰ ধৌলা কুৱান অঞ্চলত আম আদমি পাৰ্টি চৰকাৰে শিৱলিংগ আকৃতিৰ ফোৱৰা স্থাপন কৰিছে।"

এই বিতৰ্কৰ ফলত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত নতুন ৰাজনৈতিক কাজিয়াৰ সৃষ্টি হৈছে। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাই ২৭ আগষ্টত শিৱলিংগ আকৃতিৰ ফোৱৰা পৰিদৰ্শন কৰে। তেওঁ নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত এই ছবিসমূহ পোষ্ট কৰে। এই বিষয়ত দুয়োটা দলৰ মাজত চলি থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।

জি-২০ সন্মিলনৰ বাবে দিল্লী-এনচিআৰত সৌন্দৰ্য্যবৰ্ধন কৰা হৈছে। পথসমূহ মেৰামতি কৰি চিত্ৰকলাৰে সজাই তোলা হৈছে। ইয়াৰ লগতে ফোৱৰাও স্থাপন কৰা হৈছে। বিজেপি আৰু আম আদমি পাৰ্টিৰ নেতাসকলে ইয়াৰ ক্ৰেডিট সন্দৰ্ভত বাকযুদ্ধ অব্যাহত ৰাখিছে।

দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে কয় যে দিল্লীত জি-২০ৰ প্ৰস্তুতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধন দিছে। প্ৰত্যুত্তৰত আপে কয় যে আম আদমি পাৰ্টি চৰকাৰে কৰা উন্নয়নমূলক কামক বিজেপিয়ে নিজৰ বুলি দাবী কৰিব লগা হোৱাটো আচৰিত কথা। সমগ্ৰ ধন দিল্লী চৰকাৰৰ পি ডব্লিউ ডি বিভাগে আনুষংগিক কামত ব্যয় কৰিছে। ইফালে ছ’চিয়েল মিডিয়াত ৰাইজে শিৱলিংগক সজ্জাৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাক লৈ তীব্ৰ সমালোচনা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস