--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অ’মিক্ৰন ভীতিয়ে খেদি ফুৰিছে ৰাজ্যবাসীক। বিগত দুটা বছৰে ক’ৰ’না মহামাৰীয়ে সমগ্ৰ দেশত যি উপদ্ৰৱ চলালে তাক পুনৰ দোহৰাৰ কোনো প্ৰয়োজন নাই। লকডাউন,সান্ধ্যআইনে একপ্ৰকাৰ কোঙা কৰি পেলাইছিল স্বাভাৱিক জীৱন। লাহে লাহে দেশৰ পৰিস্থিতি ক্ৰমাত্‍ স্বাভাৱিক ৰূপ ল’বলৈ লওতেই শেহতীয়াকৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে অমিক্ৰনে। ক’ৰ’না ভাইৰাছৰ এইবিধ নতুন ষ্ট্ৰেইনে ক্ৰমাত্‍ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰা দেখা গৈছে। মানুহলৈ মনলৈ কঢ়িয়াইছে ভীতি। ইয়াৰ মাজতে আহিছে আন এটা বেয়া খবৰ। অমিক্ৰনৰ আতংকৰ মাজতে এইবাৰ দেশত বৃদ্ধি পাইছে ক’ভিডাক্ৰান্তৰ সংখ্যা। যিসমূহ ৰাজ্যত ক’ৰ’না সংক্ৰমণ বৃদ্ধি পাইছে সেই ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে নৈশ সান্ধ্য আইন বলবত্‍ কৰাৰ পৰামৰ্শ দিছে। ক’ৰ’না সংক্ৰমনৰ পজিটিভিটীৰ হাৰ বৃদ্ধি পোৱা ৰাজ্যসমূহলৈ এই নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে। উল্লেখ্য যে, মহাৰাষ্ট্ৰতো ক’ভিডাক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা দেখা গৈছে।

শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত জাৰী কৰা হৈছে ১৪৪ধাৰা। দেশৰ কোনো ৰাজ্যতে যাতে অধিক লোকৰ সমাগম নহয় তাৰ প্ৰতিও কঠোৰ নিৰ্দেশনা জাৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ মাজতে আগন্তুক বৰ্ষৰ আৰম্ভণিতে ক’ৰ’নাৰ তৃতীয় ঢৌৱে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে গৱেষক সকলে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা, গৱেষকৰ সম্পৰীক্ষাই ৰাজ্যবাসীক আতংকিত কৰি তুলিছে। উল্লেখ্য যে, এই মুহূৰ্তত দেশৰ ৫খন ৰাজ্যত অ’মিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩ জন। অ’মিক্ৰন সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ মন্তব্যই ভবাই তুলিছে সকলোকে । বিশ্ব স্বাস্থ্য সংস্থাই কয়, ‘ক’ৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অধিক বিপদজনক বুলি বৰ্তমানে কব নোৱাৰি। ক’ৰ’না মহামাৰীৰ তৃতীয় ঢৌৰ বাবেই এই লক্ষ্যণে দেখা দিয়া বুলি কব পাৰি। কিন্তু সাৱধান হৈ থকাতো জৰুৰী। পৰিষ্কাৰ পৰিচ্ছন্নতা, মুখা পিন্ধা, শাৰীৰিক দূৰত্ব বজাই ৰখা ইত্যাদি নিয়ম অনুসৰণ কৰিব লাগিব প্ৰত্যেকে।’ দক্ষিণ এছিয়াৰ দেশসমূহকো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰ্মান্তিক! দুই বছৰীয়া কণমানিৰ জন্ম দিনটোতে জ্বলিল পিতৃৰ চিতা
UPI ৰ অভিলেখ: জুন মাহত ১৮ বিলিয়নতকৈ অধিক লেনদেন
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…