--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অ’মিক্ৰন ভীতিয়ে খেদি ফুৰিছে ৰাজ্যবাসীক। বিগত দুটা বছৰে ক’ৰ’না মহামাৰীয়ে সমগ্ৰ দেশত যি উপদ্ৰৱ চলালে তাক পুনৰ দোহৰাৰ কোনো প্ৰয়োজন নাই। লকডাউন,সান্ধ্যআইনে একপ্ৰকাৰ কোঙা কৰি পেলাইছিল স্বাভাৱিক জীৱন। লাহে লাহে দেশৰ পৰিস্থিতি ক্ৰমাত্‍ স্বাভাৱিক ৰূপ ল’বলৈ লওতেই শেহতীয়াকৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে অমিক্ৰনে। ক’ৰ’না ভাইৰাছৰ এইবিধ নতুন ষ্ট্ৰেইনে ক্ৰমাত্‍ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰা দেখা গৈছে। মানুহলৈ মনলৈ কঢ়িয়াইছে ভীতি। ইয়াৰ মাজতে আহিছে আন এটা বেয়া খবৰ। অমিক্ৰনৰ আতংকৰ মাজতে এইবাৰ দেশত বৃদ্ধি পাইছে ক’ভিডাক্ৰান্তৰ সংখ্যা। যিসমূহ ৰাজ্যত ক’ৰ’না সংক্ৰমণ বৃদ্ধি পাইছে সেই ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে নৈশ সান্ধ্য আইন বলবত্‍ কৰাৰ পৰামৰ্শ দিছে। ক’ৰ’না সংক্ৰমনৰ পজিটিভিটীৰ হাৰ বৃদ্ধি পোৱা ৰাজ্যসমূহলৈ এই নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে। উল্লেখ্য যে, মহাৰাষ্ট্ৰতো ক’ভিডাক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা দেখা গৈছে।

শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত জাৰী কৰা হৈছে ১৪৪ধাৰা। দেশৰ কোনো ৰাজ্যতে যাতে অধিক লোকৰ সমাগম নহয় তাৰ প্ৰতিও কঠোৰ নিৰ্দেশনা জাৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ মাজতে আগন্তুক বৰ্ষৰ আৰম্ভণিতে ক’ৰ’নাৰ তৃতীয় ঢৌৱে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে গৱেষক সকলে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা, গৱেষকৰ সম্পৰীক্ষাই ৰাজ্যবাসীক আতংকিত কৰি তুলিছে। উল্লেখ্য যে, এই মুহূৰ্তত দেশৰ ৫খন ৰাজ্যত অ’মিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩ জন। অ’মিক্ৰন সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ মন্তব্যই ভবাই তুলিছে সকলোকে । বিশ্ব স্বাস্থ্য সংস্থাই কয়, ‘ক’ৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অধিক বিপদজনক বুলি বৰ্তমানে কব নোৱাৰি। ক’ৰ’না মহামাৰীৰ তৃতীয় ঢৌৰ বাবেই এই লক্ষ্যণে দেখা দিয়া বুলি কব পাৰি। কিন্তু সাৱধান হৈ থকাতো জৰুৰী। পৰিষ্কাৰ পৰিচ্ছন্নতা, মুখা পিন্ধা, শাৰীৰিক দূৰত্ব বজাই ৰখা ইত্যাদি নিয়ম অনুসৰণ কৰিব লাগিব প্ৰত্যেকে।’ দক্ষিণ এছিয়াৰ দেশসমূহকো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি