--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিয়া লাগি পত্নীৰ নাক চিঙিলে স্বামীয়ে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী এতিয়া হাস্পতালত ভৰ্তি হৈ আছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাহৰাইচত। ভুক্তভোগী মহিলাগৰাকীৰ নাম ৰজনী দেৱী। তেওঁ বেডনাপুৰৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। ৰজনীৰ স্বামীৰ নাম জ্ঞানদত্ত পাঠক। জ্ঞানদত্তৰ লগত প্ৰায়ে কাজিয়া হয় ৰজনী দেৱীৰ। 

এদিন কাজিয়া লাগি খং উঠাত মাতৃৰ ঘৰলৈ গুচি গৈছিল ৰজনী দেৱী। মাতৃগৃহত থাকোতে ৰজনীক ফোন কৰি ক্ষমা খোজে জ্ঞানদত্ত পাঠকে আৰু তেওঁক ঘৰলৈ ঘূৰি আহিবলৈ কয়। স্বামীৰ কথাত ভোল গৈ মাতৃগৃহৰ পৰা স্বামীগৃহলৈ যাত্ৰা কৰে ২৬ বছৰীয়া ৰজনী দেৱীয়ে। পাছে জ্ঞানদত্ত পাঠকে কৰিছিল এক ভয়ংকৰ পৰিকল্পনা। পৰিকল্পনা মতেই মহিলাগৰাকী আহি থকা পথত খাপ পিটি ৰৈ থাকে জ্ঞানদত্ত। 

তেওঁৰ লগত আছিল অন্য দুজন সংগী।  ৰজনী আহি থাকোতে বাট আগচি ধৰে জ্ঞানদত্ত আৰু তেওঁৰ সংগী দুজনে। তিনিও মিলি ৰজনী দেৱীক আক্ৰমণ কৰে। স্বামী জ্ঞানদত্তই এপাকত দাঁতেৰে কামুৰি ৰজনীৰ নাক চিঙি দিয়ে। স্থানীয় লোকে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায় গুৰুতৰভাৱে আহত ৰজনীক। মাতৃ কুসুম তিৱাৰীয়ে জোঁৱায়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ঘটনাৰ পাছৰে পৰা অভিযুক্ত পলাতক হৈ আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ জোৰদাৰ তদন্তত নামি পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক