--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নেইমাৰৰ দল ছেণ্টোছ ব্রাজিলিয়ান ছেৰি-এৰ এখন মেচত ভাস্কো ডা গামাৰ হাতত অতি শোচনীয়ভাৱে ৬-০ গ'লৰ ব্যৱধানত পৰাজিত হয়।

ডিজিটেল ডেস্ক : ব্রাজিলৰ ছুপাৰ ষ্টাৰ নেইমাৰে সোমবাৰে নিজৰ খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। তেওঁৰ দল ছেণ্টোছ ব্রাজিলিয়ান ছেৰি-এৰ এখন মেচত ভাস্কো ডা গামাৰ হাতত অতি শোচনীয়ভাৱে ৬-০ গ'লৰ ব্যৱধানত পৰাজিত হয়।


এই পৰাজয়ৰ গ্লানি সহিব নোৱাৰি নেইমাৰে খেলপথাৰতে উচুপি উচুপি কান্দিবলৈ ধৰে। ভাস্কো ডা গামাই দ্বিতীয়ার্ধত মুঠ ছটা গ'লৰ পাঁচটা দিয়ে। খেল শেষ হোৱাৰ পাছত নেইমাৰক কান্দি থকা অৱস্থাত দেখা পোৱা গৈছিল।


ইফালে দেওবাৰৰ জয়েৰে ষষ্ঠদশ স্থানত থকা ভাস্কো ডা গামাৰ পইন্ট ১৯ হয়গৈ আৰু ছেণ্টোছতকৈ মাত্র দুটা পইন্ট পিছপৰি আছে। মেচখনত প্রথমটো গ'ল দিয়ে লুকাছ পিটোনে। ইয়াৰ পাছত কাটিনহোৱে দুটা, ডেভিজ কৰেয়ে ডি ফনছেকা, কেয়ান আৰু ডেনিলো নেভেছে এটাকৈ গ'ল দিয়ে।


নেইমাৰ ড্ৰেছিং ৰূমলৈ উভতি যোৱাৰ সময়ত সহযোগী ষ্টাফৰ এজন সদস্য আৰু ভাস্কো ডা গামাৰ মুখ্য প্রশিক্ষক ফার্নাণ্ডো ডিনিজে সান্ত্বনা দিয়ে। ইফালে মেচখনত ছেণ্টোছৰ শোচনীয় পৰাজয়ত দর্শকসকলে খেলপথাৰলৈ পিঠি দি প্রতিবাদ কৰে। আনহাতে এই অপমানজনক পৰাজয়ৰ পাছত ছেণ্টোছৰ মুখ্য প্রশিক্ষক ক্লেবাৰ জেভিয়াৰক বৰ্খাস্ত কৰা হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু