--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নেইমাৰৰ দল ছেণ্টোছ ব্রাজিলিয়ান ছেৰি-এৰ এখন মেচত ভাস্কো ডা গামাৰ হাতত অতি শোচনীয়ভাৱে ৬-০ গ'লৰ ব্যৱধানত পৰাজিত হয়।

ডিজিটেল ডেস্ক : ব্রাজিলৰ ছুপাৰ ষ্টাৰ নেইমাৰে সোমবাৰে নিজৰ খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। তেওঁৰ দল ছেণ্টোছ ব্রাজিলিয়ান ছেৰি-এৰ এখন মেচত ভাস্কো ডা গামাৰ হাতত অতি শোচনীয়ভাৱে ৬-০ গ'লৰ ব্যৱধানত পৰাজিত হয়।


এই পৰাজয়ৰ গ্লানি সহিব নোৱাৰি নেইমাৰে খেলপথাৰতে উচুপি উচুপি কান্দিবলৈ ধৰে। ভাস্কো ডা গামাই দ্বিতীয়ার্ধত মুঠ ছটা গ'লৰ পাঁচটা দিয়ে। খেল শেষ হোৱাৰ পাছত নেইমাৰক কান্দি থকা অৱস্থাত দেখা পোৱা গৈছিল।


ইফালে দেওবাৰৰ জয়েৰে ষষ্ঠদশ স্থানত থকা ভাস্কো ডা গামাৰ পইন্ট ১৯ হয়গৈ আৰু ছেণ্টোছতকৈ মাত্র দুটা পইন্ট পিছপৰি আছে। মেচখনত প্রথমটো গ'ল দিয়ে লুকাছ পিটোনে। ইয়াৰ পাছত কাটিনহোৱে দুটা, ডেভিজ কৰেয়ে ডি ফনছেকা, কেয়ান আৰু ডেনিলো নেভেছে এটাকৈ গ'ল দিয়ে।


নেইমাৰ ড্ৰেছিং ৰূমলৈ উভতি যোৱাৰ সময়ত সহযোগী ষ্টাফৰ এজন সদস্য আৰু ভাস্কো ডা গামাৰ মুখ্য প্রশিক্ষক ফার্নাণ্ডো ডিনিজে সান্ত্বনা দিয়ে। ইফালে মেচখনত ছেণ্টোছৰ শোচনীয় পৰাজয়ত দর্শকসকলে খেলপথাৰলৈ পিঠি দি প্রতিবাদ কৰে। আনহাতে এই অপমানজনক পৰাজয়ৰ পাছত ছেণ্টোছৰ মুখ্য প্রশিক্ষক ক্লেবাৰ জেভিয়াৰক বৰ্খাস্ত কৰা হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ