--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কেইবাদিন ধৰি ৰাইজৰ ক্ষোভৰ বলি হৈ আহিছে বলীউডৰ অভিনেতা আমিৰ খান। শেহতীয়াকৈ তেওঁৰ ছবি ‘লাল সিং চদ্দা’ৰ বিৰোধিতা হৈছিল আৰু বৰ্তমান তেওঁক এটা বিজ্ঞাপনত দেখা গৈছে, যাৰ বিৰুদ্ধে বৰ্তমান বহুলোকে ক্ষোভ উজাৰিছে। আমিৰ আৰু কিয়াৰা আদৱানীয়ে হয়তো একেলগে কোনো ছবি নিৰ্মাণ কৰা নাছিল যদিও শেহতীয়াকৈ দুয়োগৰাকী তাৰকাক এটা বিজ্ঞাপনত দেখা পোৱা গৈছিল। এই বিজ্ঞাপনটো এটা বেংকৰ, যিটোক লৈ ইণ্টাৰনেটত যথেষ্ট চৰ্চা চলিছে। মানুহে এই বিজ্ঞাপনটোক হিন্দু পৰম্পৰাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু এতিয়া চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীও এই বিতৰ্কত জপিয়াই পৰিছে। বিবেকে আমিৰ খানক টাৰ্গেট কৰি হিন্দুসকলৰ আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

হয়, শেহতীয়াকৈ আমিৰ খান আৰু কিয়াৰা আদৱানীয়ে একেলগে কাম কৰিছিল বেংকৰ বিজ্ঞাপনত। বিজ্ঞাপনটোত তাই নৱবিবাহিতৰ চৰিত্ৰত অভিনয় কৰিছিল। এই বিজ্ঞাপনত দেখুওৱা হৈছে যে এজন পুৰুষো ‘ঘৰ জোৱাই’ হ’ব পাৰে। এই বিজ্ঞাপনটোত যুগ যুগ ধৰি চলি অহা প্ৰথাক সলনি কৰা বুলি কোৱা হৈছে আৰু ইয়াৰ বাবেই যেন বিবেক অগ্নিহোত্ৰীৰ খং উঠিছে।

বিজ্ঞাপনটোত আমিৰ আৰু কিয়াৰাই বিবাহৰ সৈতে জড়িত কিছুমান কু-সংস্কাৰ ভংগ কৰি এটা পৰিৱৰ্তনৰ বিষয়ে দেখুৱাব বিচাৰিছিল । একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই বিজ্ঞাপনটো ভাল নাপালে আৰু তেওঁলোকে ইয়াক তীব্ৰ সমালোচনা কৰিলে। কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে টুইট কৰি কয়, ‘সামাজিক আৰু ধৰ্মীয় পৰম্পৰা সলনি কৰাৰ ক্ষেত্ৰত বেংকসমূহ কেনেকৈ দায়ী হৈ পৰিছে সেয়া মই বুজি পোৱা নাই। মই ভাবো @aubankindia দুৰ্নীতিগ্ৰস্ত বেংকিং ব্যৱস্থা সলনি কৰি সক্ৰিয়ভাৱে কাম কৰা উচিত। এনেবোৰ আজেবাজে কথা কৰে আৰু তাৰ পাছত হিন্দুৱে ট্ৰ’লিং কৰি আছে বুলি কয়।'

বিবেক অগ্নিহোত্ৰীৰ এই টুইটৰ পিছত আমিৰ খানক অধিক ট্ৰ’লিং কৰিবলৈ আৰম্ভ কৰিছে, ধৰ্মৰ নামত এতিয়া মানুহে আমিৰক ঠাট্টা-মস্কৰা কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিবেক অগ্নিহোত্ৰীয়ে বক্স অফিচত ‘লাল সিং চদ্দা’ ছবিৰ ব্যৰ্থতাৰ বাবে আমিৰক যথেষ্ট ট্ৰলিং দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’