--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কেইবাদিন ধৰি ৰাইজৰ ক্ষোভৰ বলি হৈ আহিছে বলীউডৰ অভিনেতা আমিৰ খান। শেহতীয়াকৈ তেওঁৰ ছবি ‘লাল সিং চদ্দা’ৰ বিৰোধিতা হৈছিল আৰু বৰ্তমান তেওঁক এটা বিজ্ঞাপনত দেখা গৈছে, যাৰ বিৰুদ্ধে বৰ্তমান বহুলোকে ক্ষোভ উজাৰিছে। আমিৰ আৰু কিয়াৰা আদৱানীয়ে হয়তো একেলগে কোনো ছবি নিৰ্মাণ কৰা নাছিল যদিও শেহতীয়াকৈ দুয়োগৰাকী তাৰকাক এটা বিজ্ঞাপনত দেখা পোৱা গৈছিল। এই বিজ্ঞাপনটো এটা বেংকৰ, যিটোক লৈ ইণ্টাৰনেটত যথেষ্ট চৰ্চা চলিছে। মানুহে এই বিজ্ঞাপনটোক হিন্দু পৰম্পৰাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু এতিয়া চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীও এই বিতৰ্কত জপিয়াই পৰিছে। বিবেকে আমিৰ খানক টাৰ্গেট কৰি হিন্দুসকলৰ আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰিছে

হয়, শেহতীয়াকৈ আমিৰ খান আৰু কিয়াৰা আদৱানীয়ে একেলগে কাম কৰিছিল বেংকৰ বিজ্ঞাপনত। বিজ্ঞাপনটোত তাই নৱবিবাহিতৰ চৰিত্ৰত অভিনয় কৰিছিল। এই বিজ্ঞাপনত দেখুওৱা হৈছে যে এজন পুৰুষো ‘ঘৰ জোৱাই’ হ’ব পাৰে। এই বিজ্ঞাপনটোত যুগ যুগ ধৰি চলি অহা প্ৰথাক সলনি কৰা বুলি কোৱা হৈছে আৰু ইয়াৰ বাবেই যেন বিবেক অগ্নিহোত্ৰীৰ খং উঠিছে।

বিজ্ঞাপনটোত আমিৰ আৰু কিয়াৰাই বিবাহৰ সৈতে জড়িত কিছুমান কু-সংস্কাৰ ভংগ কৰি এটা পৰিৱৰ্তনৰ বিষয়ে দেখুৱাব বিচাৰিছিল । একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই বিজ্ঞাপনটো ভাল নাপালে আৰু তেওঁলোকে ইয়াক তীব্ৰ সমালোচনা কৰিলে। কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে টুইট কৰি কয়, ‘সামাজিক আৰু ধৰ্মীয় পৰম্পৰা সলনি কৰাৰ ক্ষেত্ৰত বেংকসমূহ কেনেকৈ দায়ী হৈ পৰিছে সেয়া মই বুজি পোৱা নাই। মই ভাবো @aubankindia দুৰ্নীতিগ্ৰস্ত বেংকিং ব্যৱস্থা সলনি কৰি সক্ৰিয়ভাৱে কাম কৰা উচিত। এনেবোৰ আজেবাজে কথা কৰে আৰু তাৰ পাছত হিন্দুৱে ট্ৰ’লিং কৰি আছে বুলি কয়।'

বিবেক অগ্নিহোত্ৰীৰ এই টুইটৰ পিছত আমিৰ খানক অধিক ট্ৰ’লিং কৰিবলৈ আৰম্ভ কৰিছে, ধৰ্মৰ নামত এতিয়া মানুহে আমিৰক ঠাট্টা-মস্কৰা কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিবেক অগ্নিহোত্ৰীয়ে বক্স অফিচত ‘লাল সিং চদ্দা’ ছবিৰ ব্যৰ্থতাৰ বাবে আমিৰক যথেষ্ট ট্ৰলিং দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?