--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কই লগ নেৰা বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্ত। এইবাৰ তেওঁ পুনৰ সোমাই পৰিছে এক নতুন বিতৰ্কত। ৰাখীয়ে বহুবাৰ তেওঁৰ  উদ্ভট আচৰণৰ বাবে বাতৰিৰ শিৰোনামলৈ আহিছে।  এইবাৰ এটা ভিডিঅ'ৰ বাবে সমস্যাত পৰিছে ৰাখী। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছে, যিটো ভিডিঅ’ এতিয়া  ভাইৰেল হৈ পৰিছে।

 ভিডিঅ’টোৰ বাবেই  উত্তৰ প্ৰদেশৰ মিৰাটত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। গোটেই বিষয়টো কি সেয়া জানো আহক? বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত তেওঁ প্ৰধানমন্ত্ৰী মোদীক যোগ শিকোৱাৰ ইচ্ছাৰ কথা  প্ৰকাশ কৰিছে। একে সময়তে, তেওঁ ভিডিঅ’টোত কেতবোৰ অদ্ভুত ভংগীমাত  ব্যায়ামো কৰি  দেখুৱাইছে। অভিযোগকাৰীয়ে অভিযোগ কৰিছে যে ৰাখী সাৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এনে আশালীন ভিডিঅ’ প্ৰস্তুত কৰিব নালাগিছিল।   অৱশ্যে এই ভিডিঅ'টো পুৰণি  ভিডিঅ’ বুলি বহুতে কৈছে। 

ৰাখী সাৱন্তে ভিডিঅ'টোত কৈছে, "মোদীজী, আপুনি মোক আপোনাৰ যোগ শিক্ষক কৰি ৰাখক। মই আপোনাক  ভাল যোগ কৰিবলৈ শিকাম।’’ একে সময়তে তেওঁ পেটৰপ্ৰসংগ উল্লেখ কৰি  কিছুমান ব্যায়াম কৰি দেখুৱাইছে। অভিযোগকাৰী গোবিন্দপুৰ শকৰপুৰ মহলৱালাৰ বাসিন্দা হৰেন্দ্ৰ পুত্ৰ মানসিঙে কয়, "ৰাখী সাৱন্তে ভিডিঅ'টোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰিছে।’’ অভিযোগ দাখিলৰ পিছত মিৰাট আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে।

  ভিডিঅ'টো চাইবাৰ দলৰ দ্বাৰা পৰীক্ষা কৰোৱা হৈছে।  ভিডিঅ'টো বলীউড বিছ নামৰ এটা ফেচবুক একাউণ্টৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে। এই ২০ ছেকেণ্ডৰ ৰিলৰ ফৰেনচিক পৰীক্ষাও কৰা হ'ব।  মিৰাট চাইবাৰ পুলিচে ইএছ.এছ.পি.-ৰ ওচৰত প্ৰতিবেদন  দাখিল কৰিছে। এতিয়া এই বিষয়ক গোচৰটো মিৰাটৰ খাৰখোড়া আৰক্ষী থানাত চলিব বুলি অভিযোগকাৰীয়ে জানিবলৈ দিছে। ভিডিঅ’টোৰ সত্য-সত্যতা অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement