--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কই লগ নেৰা বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্ত। এইবাৰ তেওঁ পুনৰ সোমাই পৰিছে এক নতুন বিতৰ্কত। ৰাখীয়ে বহুবাৰ তেওঁৰ  উদ্ভট আচৰণৰ বাবে বাতৰিৰ শিৰোনামলৈ আহিছে।  এইবাৰ এটা ভিডিঅ'ৰ বাবে সমস্যাত পৰিছে ৰাখী। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছে, যিটো ভিডিঅ’ এতিয়া  ভাইৰেল হৈ পৰিছে।

 ভিডিঅ’টোৰ বাবেই  উত্তৰ প্ৰদেশৰ মিৰাটত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। গোটেই বিষয়টো কি সেয়া জানো আহক? বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত তেওঁ প্ৰধানমন্ত্ৰী মোদীক যোগ শিকোৱাৰ ইচ্ছাৰ কথা  প্ৰকাশ কৰিছে। একে সময়তে, তেওঁ ভিডিঅ’টোত কেতবোৰ অদ্ভুত ভংগীমাত  ব্যায়ামো কৰি  দেখুৱাইছে। অভিযোগকাৰীয়ে অভিযোগ কৰিছে যে ৰাখী সাৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এনে আশালীন ভিডিঅ’ প্ৰস্তুত কৰিব নালাগিছিল।   অৱশ্যে এই ভিডিঅ'টো পুৰণি  ভিডিঅ’ বুলি বহুতে কৈছে। 

ৰাখী সাৱন্তে ভিডিঅ'টোত কৈছে, "মোদীজী, আপুনি মোক আপোনাৰ যোগ শিক্ষক কৰি ৰাখক। মই আপোনাক  ভাল যোগ কৰিবলৈ শিকাম।’’ একে সময়তে তেওঁ পেটৰপ্ৰসংগ উল্লেখ কৰি  কিছুমান ব্যায়াম কৰি দেখুৱাইছে। অভিযোগকাৰী গোবিন্দপুৰ শকৰপুৰ মহলৱালাৰ বাসিন্দা হৰেন্দ্ৰ পুত্ৰ মানসিঙে কয়, "ৰাখী সাৱন্তে ভিডিঅ'টোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰিছে।’’ অভিযোগ দাখিলৰ পিছত মিৰাট আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে।

  ভিডিঅ'টো চাইবাৰ দলৰ দ্বাৰা পৰীক্ষা কৰোৱা হৈছে।  ভিডিঅ'টো বলীউড বিছ নামৰ এটা ফেচবুক একাউণ্টৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে। এই ২০ ছেকেণ্ডৰ ৰিলৰ ফৰেনচিক পৰীক্ষাও কৰা হ'ব।  মিৰাট চাইবাৰ পুলিচে ইএছ.এছ.পি.-ৰ ওচৰত প্ৰতিবেদন  দাখিল কৰিছে। এতিয়া এই বিষয়ক গোচৰটো মিৰাটৰ খাৰখোড়া আৰক্ষী থানাত চলিব বুলি অভিযোগকাৰীয়ে জানিবলৈ দিছে। ভিডিঅ’টোৰ সত্য-সত্যতা অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ