--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত উত্তৰ প্ৰদেশৰ এজন চালক৷উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এজন ৩৯ বছৰীয়া ব্যক্তিয়ে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ বাবে এক যথেষ্ট আমোদজনক অনুৰোধ জনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।তদুপৰি ব্যক্তিজনৰ এই লিখিত অনুৰোধ ৰাষ্ট্ৰপতি ভৱনত উপনীত হয়।


ভাইৰেল হোৱা এখন পত্ৰত বিনোদ কুমাৰ গণ্ডে নামৰ ব্যক্তিজনে গোৰখপুৰ জিলাৰ শীৰ্ষ বিষয়া এগৰাকীলৈ লিখিছে যে যোৱা ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ধ্যান কৰি থকাৰ সময়ত তেওঁৰ মনৰ পৰা ‘ভাৰত ৰত্ন’ৰ আহ্বান আহে আৰু সেই বাবে তেওঁ ভাৰত ৰত্ন বিচাৰি পত্ৰ লিখে৷ব্যক্তিজন পেছাত চালক আৰু দুজন পুত্ৰ সন্তানৰ পিতৃ৷


উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ব্যক্তিজনৰ এইখন পত্ৰ প্ৰত্যাখ্যান কৰা হয় ৷ইয়াৰ পাছত ব্যক্তিজনে কয়- "আমি যি কৰিব লাগিছিল সেয়া কৰিলোঁ। ভাৰতৰত্ন পাওঁ নে নাপাওঁ সেয়া এতিয়া ভগৱানৰ হাতত।ৰাষ্ট্ৰপতি ভৱনৰ পৰা ফোন আহিছিল আৰু কোৱা হৈছে যে মই বঁটাৰ যোগ্য নহয় আৰু এই বঁটা দাবী কৰা উচিত নহয়।" 


পত্ৰখনত কেইবাজনো উচ্চ পদস্থ বিষয়াৰ ডাকটিকট আৰু স্বাক্ষৰ থকাৰ বাবে জিলা কৰ্তৃপক্ষৰ কাৰ্যকলাপৰ ওপৰত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছিল।এই পত্ৰ সন্দৰ্ভত সোধা-পোছ কৰাত গোৰখপুৰৰ জ্যেষ্ঠ বিষয়া সঞ্জয় কুমাৰ মীনাই কয় যে এই পত্ৰখন তেওঁলোকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়টোৰ তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন