--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত উত্তৰ প্ৰদেশৰ এজন চালক৷উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এজন ৩৯ বছৰীয়া ব্যক্তিয়ে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ বাবে এক যথেষ্ট আমোদজনক অনুৰোধ জনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।তদুপৰি ব্যক্তিজনৰ এই লিখিত অনুৰোধ ৰাষ্ট্ৰপতি ভৱনত উপনীত হয়।


ভাইৰেল হোৱা এখন পত্ৰত বিনোদ কুমাৰ গণ্ডে নামৰ ব্যক্তিজনে গোৰখপুৰ জিলাৰ শীৰ্ষ বিষয়া এগৰাকীলৈ লিখিছে যে যোৱা ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ধ্যান কৰি থকাৰ সময়ত তেওঁৰ মনৰ পৰা ‘ভাৰত ৰত্ন’ৰ আহ্বান আহে আৰু সেই বাবে তেওঁ ভাৰত ৰত্ন বিচাৰি পত্ৰ লিখে৷ব্যক্তিজন পেছাত চালক আৰু দুজন পুত্ৰ সন্তানৰ পিতৃ৷


উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ব্যক্তিজনৰ এইখন পত্ৰ প্ৰত্যাখ্যান কৰা হয় ৷ইয়াৰ পাছত ব্যক্তিজনে কয়- "আমি যি কৰিব লাগিছিল সেয়া কৰিলোঁ। ভাৰতৰত্ন পাওঁ নে নাপাওঁ সেয়া এতিয়া ভগৱানৰ হাতত।ৰাষ্ট্ৰপতি ভৱনৰ পৰা ফোন আহিছিল আৰু কোৱা হৈছে যে মই বঁটাৰ যোগ্য নহয় আৰু এই বঁটা দাবী কৰা উচিত নহয়।" 


পত্ৰখনত কেইবাজনো উচ্চ পদস্থ বিষয়াৰ ডাকটিকট আৰু স্বাক্ষৰ থকাৰ বাবে জিলা কৰ্তৃপক্ষৰ কাৰ্যকলাপৰ ওপৰত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছিল।এই পত্ৰ সন্দৰ্ভত সোধা-পোছ কৰাত গোৰখপুৰৰ জ্যেষ্ঠ বিষয়া সঞ্জয় কুমাৰ মীনাই কয় যে এই পত্ৰখন তেওঁলোকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়টোৰ তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক