--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ বিৰুদ্ধে অব্যাহত আছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ অভিযান। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে ইডিৰ অভিযানৰ সমান্তৰালভাৱে এতিয়া আন আন শিৱসেনা তথা মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধেও চলি আছি ইডিৰ অভিযান। আজি ইডিৰ অভিযান চলিছে শিৱসেনাৰ সাংসদ তথা মুখপাত্ৰ সঞ্জয় ৰাউটৰ বিৰুদ্ধে। বিজেপিৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা নেতাগৰাকীৰ বিৰুদ্ধে ইডিৰ এই অভিযানে স্বৰূপাৰ্থতে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত অভিযানৰ নাম পাইছে। 

ইডিয়ে মঙলবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ আলিবাগত এটা সম্পত্তি আৰু মুম্বাইৰ দাদৰত থকা এটা ফ্লেট জব্দ কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ‘চাৱল ভূমি কেলেংকাৰী গোচৰ’ৰ তদন্তৰ সৈতে সাঙুৰি এই পদক্ষেপ গ্ৰহণ কৰিছে। এই  ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সঞ্জয় ৰাউতে টুইট কৰে যে, ‘সত্যমেৱ জয়তে’।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি নেতাজনৰ ভূমি আৰু ফ্লেট ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত জব্দ কৰা হৈছে। উল্লেখ্য যে মুম্বাইত এটা 'চাৱল' (বস্তি) পুনৰ নিৰ্মাণৰ প্ৰকল্পত ১,০৩৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল। ঘটনাটোৰ তদন্তৰ সময়ত সঞ্জয় ৰাউট এই গোচৰৰে জড়িত থকাৰ কথা পোহৰলৈ অহা বুলি দাবী কৰা হৈছিল আৰু কাৰ পাছতে তেওঁ এই সম্পত্তি জব্দ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ইডিয়ে গোচৰটোৰ সন্দৰ্ভত ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ব্যৱসায়ী প্ৰবীণ ৰাউটক গ্ৰেপ্তাৰ কৰিছিল। প্ৰবীণ ৰাউট হৈছে সঞ্জয় ৰাউটক ঘনিষ্ঠ বন্ধু। কেৱল সেয়াই নহয়, কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে যোৱা বছৰ পিএমচি বেংক জালিয়াতিৰ গোচৰৰ সন্দৰ্ভতো সঞ্জয় ৰাউটৰ পত্নী বৰ্ষা ৰাউটক সোধা-পোছা কৰিছিল। প্ৰবীণ ৰাউটে সঞ্জয় ৰাউটৰ একাউণ্টলৈ ধনৰ লেনদেন কৰাৰ কথা তদন্তকাৰী সংস্থাটোৱে পোহৰলৈ আনে। 

আনহাতে, ইডিয়ে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী আৰু আম আদমী পাৰ্টীৰ নেতা সতীন্দ্ৰ জৈনৰ পৰিয়ালৰ ৪.৮১ কোটি টকাৰ সম্পত্তিও জব্দ কৰিছে। জৈন পৰিয়ালৰ লোক জড়িত থকা কেইবাটাও প্ৰতিষ্ঠানৰ ওপৰত বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছিল।

ইফালে, বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এনে অভিযানক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিযোগ উত্থাপন হৈ আহিছে। বিৰোধীয়ে অভিযোগ আহিছে যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহক ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰা হৈছে।  এতিয়া মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে এনেদৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তৎপৰতাই এতিয়া এনে অভিযোগক অধিক তীব্ৰতা।

উদ্ধৱ থাকৰে, আদিত্য থাকৰে, ৰাজ্যখনৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ, মন্ত্ৰী নৱাব মালিককে ধৰি ইজনৰ পাছত সিজন নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰীয় সংস্থাসমূহে। কেৱল মহাৰাষ্ট্ৰতে এই পৰম্পৰা চলি থকা নাই। পশ্চিম বংগৰ দৰে ৰাজ্যতো একেই প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়া অব্যাহত থাকিলে দেশত শাসক-বিৰোধীৰ মাজৰ দূৰত্ব যে, অধিক বৃদ্ধি পাব সেয়া অৱধাৰিত বুলিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন