--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি বছৰ  আগতে বিচ্ছিন্ন হৈ পৰা স্বামীক বিচাৰি বাংলাদেশৰ পৰা ভাৰত পালেহি এগৰাকী বাংলাদেশী মহিলা৷ পাকিস্তানৰ  সীমা হায়দৰে  প্ৰেমিকক বিচাৰি ভাৰতলৈ অহাৰ বিষয়কলৈ  বিতৰ্কৰ সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ বাংলাদেশৰ পৰা  আন এগৰাকী মহিলাই তেওঁৰ ভাৰতীয় স্বামীৰ সন্ধানত পুত্ৰৰ সৈতে ভাৰতত উপস্থিত হৈছে৷  

মহিলাগৰাকীয়ে তেওঁৰ স্বামীয়ে  তেওঁক এৰি দিছে বুলি দাবী কৰিছে। যোৱা আঠ দিন ধৰি নয়ডাত বাস কৰি থকা ছোনিয়া আখটাৰে দাবী কৰে যে নয়ডাৰ এজন ব্যক্তিয়ে তেওঁক বিয়া কৰাইছিল আৰু তেওঁৰ সৈতে তিনি বছৰ বাস কৰাৰ পিছত  ভাৰতলৈ উভতি আহিছিল।তেওঁ দাবী কৰে যে নয়ডাৰ বাসিন্দা সৌৰভ কান্ত তিৱাৰীয়ে তেওঁক বাংলাদেশত বিয়া কৰাইছিল আৰু  তেওঁলোকৰ এটা পুত্ৰ আছে।  

মহিলাগৰাকীয়ে দাবী কৰিছে যে  দুয়ো প্ৰেমত পৰিছিল আৰু মুছলমান ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল৷ সেই সময়ত তিৱাৰীয়ে   বাংলাদেশত কাম কৰি আছিল। মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ পিছতইছলাম ধৰ্ম গ্ৰহণ কৰা ব্যক্তিজনে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ কথা কৈ  উভতি অহাৰ প্ৰতিশ্ৰুতি দি ভাৰতলৈ  আহিছিল৷ 

কিন্তু তেওঁ  বাংলাদেশলৈ ঘূৰি যোৱা নাছিল৷  ছোনিয়াই তেওঁৰ মোবাইল ফোনৰ জৰিয়তে তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সফল হোৱা  নাছিল। সীমা হায়দৰৰ ঘটনাৰ পৰা শিক্ষা লৈ তেওঁ ভিছাৰ সহায়ত ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়। নয়ডাত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক আটক কৰে আৰু চেক্টৰ-৬২ ৰ এটা ডিটেনচন চেণ্টাৰত ৰাখে৷ 
পিছত নয়ডা আৰক্ষীৰ আয়ুক্তালয়ৰ মহিলা কোষে তিৱাৰী আৰু ছোনিয়াৰ মাজত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰে৷ মহিলাগৰাকীয়ে কৈছে যে তেওঁ ভাৰতত তেওঁৰ স্বামীৰ সৈতে থাকিব বিচাৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস