--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি বছৰ  আগতে বিচ্ছিন্ন হৈ পৰা স্বামীক বিচাৰি বাংলাদেশৰ পৰা ভাৰত পালেহি এগৰাকী বাংলাদেশী মহিলা৷ পাকিস্তানৰ  সীমা হায়দৰে  প্ৰেমিকক বিচাৰি ভাৰতলৈ অহাৰ বিষয়কলৈ  বিতৰ্কৰ সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ বাংলাদেশৰ পৰা  আন এগৰাকী মহিলাই তেওঁৰ ভাৰতীয় স্বামীৰ সন্ধানত পুত্ৰৰ সৈতে ভাৰতত উপস্থিত হৈছে৷  

মহিলাগৰাকীয়ে তেওঁৰ স্বামীয়ে  তেওঁক এৰি দিছে বুলি দাবী কৰিছে। যোৱা আঠ দিন ধৰি নয়ডাত বাস কৰি থকা ছোনিয়া আখটাৰে দাবী কৰে যে নয়ডাৰ এজন ব্যক্তিয়ে তেওঁক বিয়া কৰাইছিল আৰু তেওঁৰ সৈতে তিনি বছৰ বাস কৰাৰ পিছত  ভাৰতলৈ উভতি আহিছিল।তেওঁ দাবী কৰে যে নয়ডাৰ বাসিন্দা সৌৰভ কান্ত তিৱাৰীয়ে তেওঁক বাংলাদেশত বিয়া কৰাইছিল আৰু  তেওঁলোকৰ এটা পুত্ৰ আছে।  

মহিলাগৰাকীয়ে দাবী কৰিছে যে  দুয়ো প্ৰেমত পৰিছিল আৰু মুছলমান ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল৷ সেই সময়ত তিৱাৰীয়ে   বাংলাদেশত কাম কৰি আছিল। মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ পিছতইছলাম ধৰ্ম গ্ৰহণ কৰা ব্যক্তিজনে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ কথা কৈ  উভতি অহাৰ প্ৰতিশ্ৰুতি দি ভাৰতলৈ  আহিছিল৷ 

কিন্তু তেওঁ  বাংলাদেশলৈ ঘূৰি যোৱা নাছিল৷  ছোনিয়াই তেওঁৰ মোবাইল ফোনৰ জৰিয়তে তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সফল হোৱা  নাছিল। সীমা হায়দৰৰ ঘটনাৰ পৰা শিক্ষা লৈ তেওঁ ভিছাৰ সহায়ত ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়। নয়ডাত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক আটক কৰে আৰু চেক্টৰ-৬২ ৰ এটা ডিটেনচন চেণ্টাৰত ৰাখে৷ 
পিছত নয়ডা আৰক্ষীৰ আয়ুক্তালয়ৰ মহিলা কোষে তিৱাৰী আৰু ছোনিয়াৰ মাজত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰে৷ মহিলাগৰাকীয়ে কৈছে যে তেওঁ ভাৰতত তেওঁৰ স্বামীৰ সৈতে থাকিব বিচাৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ