--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভুৱা বাতৰি প্ৰকাশ কৰাৰ অভিযোগত সুদৰ্শন নিউজ চেনেলৰ সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি এতিয়া চৰকাৰৰ ৰোষত পৰিছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া৷ হাৰিয়ানাৰ চৰকাৰে গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্ত কালা ৰামচন্দ্ৰনক বদলি কৰিছে৷ 

 আৰক্ষী বিষয়াগৰাকীয়ে  সুদৰ্শন নিউজৰ ভুৱা বাতৰি প্ৰকাশ কৰা সাংবাদিক মুকেশ কুমাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। ভুৱা বাতৰি প্ৰচাৰ কৰা এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা আৰক্ষী আয়ুক্তজনৰ বদলিৰ ঘটনাটোৱে এতিয়া  ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

হাৰিয়ানাত মেৱাটত হোৱা সাম্প্ৰদায়িক  হিংসাৰ পিছত দুগৰাকী আৰক্ষী বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ  চেষ্টা কৰিছিল। গুৰগাঁৱৰ আৰক্ষী  আয়ুক্ত কালা ৰামচন্দ্ৰনে সুদৰ্শন চেনেলক ভুৱা বাতৰি প্ৰচাৰ কৰাত বাধা দিছিল। প্ৰতিক্ৰিয়াশীল চক্ৰৰ বিৰুদ্ধে  কঠোৰ হোৱা আই.পি.এছ. প্ৰভাকৰ চৌধুৰীৰ সৈতেও একেধৰণৰ ঘটনা ঘটিছে৷  

এই গৰাকী আৰক্ষী বিষয়াই বৰেলীত মাতাল কানৱাৰিয়াসকলক নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰিছিল। সেয়াই তেওঁৰ বাবে যেন অপৰাধ হ’ল৷ এইগৰাকী বিষয়াকো বদলিৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷  যেতিয়াই বিষয়াসকলে সততাৰে কাম কৰিব বিচাৰে তেতিয়াই বিভিন্ন পক্ষই  তেওঁলোকক শাস্তি দিবলৈ আৰম্ভ কৰে বুলি ছ’চিয়েল মিডিয়াত ব্যাপক আলোচনা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস