--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভুৱা বাতৰি প্ৰকাশ কৰাৰ অভিযোগত সুদৰ্শন নিউজ চেনেলৰ সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি এতিয়া চৰকাৰৰ ৰোষত পৰিছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া৷ হাৰিয়ানাৰ চৰকাৰে গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্ত কালা ৰামচন্দ্ৰনক বদলি কৰিছে৷ 

 আৰক্ষী বিষয়াগৰাকীয়ে  সুদৰ্শন নিউজৰ ভুৱা বাতৰি প্ৰকাশ কৰা সাংবাদিক মুকেশ কুমাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। ভুৱা বাতৰি প্ৰচাৰ কৰা এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা আৰক্ষী আয়ুক্তজনৰ বদলিৰ ঘটনাটোৱে এতিয়া  ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

হাৰিয়ানাত মেৱাটত হোৱা সাম্প্ৰদায়িক  হিংসাৰ পিছত দুগৰাকী আৰক্ষী বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ  চেষ্টা কৰিছিল। গুৰগাঁৱৰ আৰক্ষী  আয়ুক্ত কালা ৰামচন্দ্ৰনে সুদৰ্শন চেনেলক ভুৱা বাতৰি প্ৰচাৰ কৰাত বাধা দিছিল। প্ৰতিক্ৰিয়াশীল চক্ৰৰ বিৰুদ্ধে  কঠোৰ হোৱা আই.পি.এছ. প্ৰভাকৰ চৌধুৰীৰ সৈতেও একেধৰণৰ ঘটনা ঘটিছে৷  

এই গৰাকী আৰক্ষী বিষয়াই বৰেলীত মাতাল কানৱাৰিয়াসকলক নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰিছিল। সেয়াই তেওঁৰ বাবে যেন অপৰাধ হ’ল৷ এইগৰাকী বিষয়াকো বদলিৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷  যেতিয়াই বিষয়াসকলে সততাৰে কাম কৰিব বিচাৰে তেতিয়াই বিভিন্ন পক্ষই  তেওঁলোকক শাস্তি দিবলৈ আৰম্ভ কৰে বুলি ছ’চিয়েল মিডিয়াত ব্যাপক আলোচনা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান