--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এইবাৰ ক’ভিড মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিড সংক্ৰান্তত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা ১৮ বছৰতকৈ কম বয়সৰ লোকসকলৰ বাবে চিকিৎসকে এণ্টিভাইৰেল বা মনোক্ল'নেল এণ্টিবডী ব্যৱহাৰ কৰিব নোৱাৰিব, এতিয়াৰ পৰা ক’ভিডত আক্ৰান্ত ৰোগীয়ে ১৪ দিনৰ পৰিৱৰ্তে ১০ দিনৰ ভিতৰত চিকিৎসালয় বা ঘৰৰ বাহিৰলৈ ওলাব পাৰিব৷ স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে পাঁচ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয় আৰু এইবয়সৰ শিশুসকলক মাস্ক পৰিধান নকৰাবলৈ আহ্বান জনাইছে, অৱশ্যে এইবাৰ ৬-১১ বছৰ বয়সৰ লোকসকলে পিতৃ-মাতৃৰ পোনপটীয়া তত্বাৱধানত মাস্ক পৰিধাম কৰিব লাগিব৷ ১২ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো লোকৰ বাবে মাস্ক বাধ্যতামূলক কৰিলে স্বাস্থ্য মন্ত্ৰণালয়ে৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইটো প্ৰায় নিশ্চিত হৈছে যে, অ’মিক্ৰন প্ৰকাৰৰ দ্বাৰা হোৱা ৰোগ কম গুৰুতৰ, অৱশ্যে ই দ্ৰুত গতিত সংক্ৰমণ হ’য়৷ সমগ্ৰ বিশ্বৰ লগতে দেশত এতিয়া ক’ভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে প্ৰতিষেধক উদ্ভাৱনৰ পাছত এই ভাইৰাছ কিছু পৰিমাণে নিয়ন্ত্ৰণত আহিছে যদিও এতিয়া পুনৰ ক’ভিড ১৯ য়ে গুৰতৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড০ কে ভি বিজয়ৰাঘৱনে কৰা মন্তব্য অনুসৰি “বৰ্তমান সময়ত ভয়াবহ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ৰ ক’ভিড ঢৌ অনিবাৰ্য। হয়তো, বৰ্ধিত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা দিশটোলৈ চাই দেশৰ চিকিৎসকমহলে আশংকা কৰিছে যে, হয়তো এয়াই ক’ভিডৰ তৃতীয় ঢৌ হ’ব পাৰে৷ উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছ আশাবাদী যে ২০২২ বৰ্ষতে কোভিড-১৯ মহামাৰী সমগ্ৰ বিশ্বৰ পৰা নোহোৱা হ’ব৷ তেওঁ লগতে ক’য় আমি ক’ভিড-১৯ মহামাৰীয়ে ইয়াৰ তৃতীয় ঢৌ কঢ়িয়াই আনিব সেইটো নিশ্চিত আৰু ইয়াৰ প্ৰভাৱ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে পৰিব৷ কিন্তু তৃতীয় ঢৌৰ পাছতে অৰ্থাৎ ২০২২ বৰ্ষতে সমগ্ৰ বিশ্বৰ পৰা ক’ভিড মহামাৰী নোহোৱা হ’ব-কিন্তু এয়া কেৱল তেতিয়াহে সম্ভৱ যদিহে আমি একেলগে কাম কৰো। কিন্তু তাৰ বাবে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই সংক্ৰমণ ৰোধৰ বাবে একেলগে কাম কৰিব লাগিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ