--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এইবাৰ ক’ভিড মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিড সংক্ৰান্তত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা ১৮ বছৰতকৈ কম বয়সৰ লোকসকলৰ বাবে চিকিৎসকে এণ্টিভাইৰেল বা মনোক্ল'নেল এণ্টিবডী ব্যৱহাৰ কৰিব নোৱাৰিব, এতিয়াৰ পৰা ক’ভিডত আক্ৰান্ত ৰোগীয়ে ১৪ দিনৰ পৰিৱৰ্তে ১০ দিনৰ ভিতৰত চিকিৎসালয় বা ঘৰৰ বাহিৰলৈ ওলাব পাৰিব৷ স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে পাঁচ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয় আৰু এইবয়সৰ শিশুসকলক মাস্ক পৰিধান নকৰাবলৈ আহ্বান জনাইছে, অৱশ্যে এইবাৰ ৬-১১ বছৰ বয়সৰ লোকসকলে পিতৃ-মাতৃৰ পোনপটীয়া তত্বাৱধানত মাস্ক পৰিধাম কৰিব লাগিব৷ ১২ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো লোকৰ বাবে মাস্ক বাধ্যতামূলক কৰিলে স্বাস্থ্য মন্ত্ৰণালয়ে৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইটো প্ৰায় নিশ্চিত হৈছে যে, অ’মিক্ৰন প্ৰকাৰৰ দ্বাৰা হোৱা ৰোগ কম গুৰুতৰ, অৱশ্যে ই দ্ৰুত গতিত সংক্ৰমণ হ’য়৷ সমগ্ৰ বিশ্বৰ লগতে দেশত এতিয়া ক’ভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে প্ৰতিষেধক উদ্ভাৱনৰ পাছত এই ভাইৰাছ কিছু পৰিমাণে নিয়ন্ত্ৰণত আহিছে যদিও এতিয়া পুনৰ ক’ভিড ১৯ য়ে গুৰতৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড০ কে ভি বিজয়ৰাঘৱনে কৰা মন্তব্য অনুসৰি “বৰ্তমান সময়ত ভয়াবহ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ৰ ক’ভিড ঢৌ অনিবাৰ্য। হয়তো, বৰ্ধিত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা দিশটোলৈ চাই দেশৰ চিকিৎসকমহলে আশংকা কৰিছে যে, হয়তো এয়াই ক’ভিডৰ তৃতীয় ঢৌ হ’ব পাৰে৷ উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছ আশাবাদী যে ২০২২ বৰ্ষতে কোভিড-১৯ মহামাৰী সমগ্ৰ বিশ্বৰ পৰা নোহোৱা হ’ব৷ তেওঁ লগতে ক’য় আমি ক’ভিড-১৯ মহামাৰীয়ে ইয়াৰ তৃতীয় ঢৌ কঢ়িয়াই আনিব সেইটো নিশ্চিত আৰু ইয়াৰ প্ৰভাৱ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে পৰিব৷ কিন্তু তৃতীয় ঢৌৰ পাছতে অৰ্থাৎ ২০২২ বৰ্ষতে সমগ্ৰ বিশ্বৰ পৰা ক’ভিড মহামাৰী নোহোৱা হ’ব-কিন্তু এয়া কেৱল তেতিয়াহে সম্ভৱ যদিহে আমি একেলগে কাম কৰো। কিন্তু তাৰ বাবে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই সংক্ৰমণ ৰোধৰ বাবে একেলগে কাম কৰিব লাগিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ