--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় গায়ক জুবিন নটিয়ালৰ পিতৃক বিজেপিৰ পৰা টিকট প্ৰদান। দেশৰ ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি আহিছে। সেই ৫ ৰাজ্য হল-উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰ৷ পাঁচখন ৰাজ্যতেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে ৫৯ জন প্ৰাৰ্থীৰ নাম। এই ৫৯ জন প্ৰাৰ্থীৰ ভিতৰত বলীউদৰ জনপ্ৰিয় গায়ক জুবিন নটিয়ালৰ পিতৃ ৰামচৰণ নটিয়ালক উত্তৰাখণ্ডৰ পৰা বিজেপিয়ে টিকট প্ৰদান কৰিছে। তেওঁ চক্ৰতা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জুবিন নটিয়াল এজন জনপ্ৰিয় আৰু সকলোৰে মৰমৰ শিল্পী আৰু এই কথাটোৱে উত্তৰাখণ্ডৰ নিৰ্বাচনত বিজেপিক যথেষ্ট লাভান্বিত কৰিব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে খটিমাৰ পৰা, মদন কৌশিকে হৰিদ্বাৰ,পুৰোলাৰ পৰা দুৰ্গেশ্বৰ লালে আৰু য়ামানোত্ৰীৰ পৰা কেদাৰ সিং ৰাৱটে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জুবিন নটিয়ালৰ পিতৃ ৰামচৰণ নটিয়ালে কংগ্ৰেছ এৰি ২০১৪ চনত বিজেপিত যোগদান কৰিছিল। তেওঁ কংগ্ৰেছৰ হেভিৱেট প্ৰীতম সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব। জুবিনে টুইটাৰযোগে তেওঁৰ পিতৃক অভিনন্দন জনায়। জুবিনে কয় ''পুষ্কৰ সিং ধামীৰ শক্তিশালী নেতৃত্বত চক্ৰতা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট লাভ কৰাৰ বাবে মোৰ দেউতাক অভিনন্দন জনাইছোঁ।'' আৰু পঢ়কঃ ৪খন হাত, ৪খন ভৰিৰে ওপজিল শিশু! বহু লোকৰ দাবী এয়া ঈশ্বৰৰ অৱতাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ