--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় গায়ক জুবিন নটিয়ালৰ পিতৃক বিজেপিৰ পৰা টিকট প্ৰদান। দেশৰ ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি আহিছে। সেই ৫ ৰাজ্য হল-উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰ৷ পাঁচখন ৰাজ্যতেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে ৫৯ জন প্ৰাৰ্থীৰ নাম। এই ৫৯ জন প্ৰাৰ্থীৰ ভিতৰত বলীউদৰ জনপ্ৰিয় গায়ক জুবিন নটিয়ালৰ পিতৃ ৰামচৰণ নটিয়ালক উত্তৰাখণ্ডৰ পৰা বিজেপিয়ে টিকট প্ৰদান কৰিছে। তেওঁ চক্ৰতা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জুবিন নটিয়াল এজন জনপ্ৰিয় আৰু সকলোৰে মৰমৰ শিল্পী আৰু এই কথাটোৱে উত্তৰাখণ্ডৰ নিৰ্বাচনত বিজেপিক যথেষ্ট লাভান্বিত কৰিব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে খটিমাৰ পৰা, মদন কৌশিকে হৰিদ্বাৰ,পুৰোলাৰ পৰা দুৰ্গেশ্বৰ লালে আৰু য়ামানোত্ৰীৰ পৰা কেদাৰ সিং ৰাৱটে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জুবিন নটিয়ালৰ পিতৃ ৰামচৰণ নটিয়ালে কংগ্ৰেছ এৰি ২০১৪ চনত বিজেপিত যোগদান কৰিছিল। তেওঁ কংগ্ৰেছৰ হেভিৱেট প্ৰীতম সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব। জুবিনে টুইটাৰযোগে তেওঁৰ পিতৃক অভিনন্দন জনায়। জুবিনে কয় ''পুষ্কৰ সিং ধামীৰ শক্তিশালী নেতৃত্বত চক্ৰতা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট লাভ কৰাৰ বাবে মোৰ দেউতাক অভিনন্দন জনাইছোঁ।'' আৰু পঢ়কঃ ৪খন হাত, ৪খন ভৰিৰে ওপজিল শিশু! বহু লোকৰ দাবী এয়া ঈশ্বৰৰ অৱতাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ