--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰততো ত্ৰাসৰ সৃষ্টি কৰিছে এবিধ ' মগজু খোৱা' এমিবাই৷ শেহতীয়াকৈ কেৰালাৰ আলাপুঝা জিলাত এজন দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত "মগজু খোৱা " এমিবা  নেগলাৰিয়া ফাউলাৰিয়ে প্ৰৱেশ কৰাৰ পিছত তেওঁ  প্ৰাণ হেৰুৱায়৷দেওবাৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা কিশোৰজনে শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত ছাত্ৰ জনৰ নাম গুৰুদাথ (১৫)৷ তেওঁ  আলাপুঝাৰ পুচাক্কালৰ বালিন্দা  শালিনী আৰু অনিল কুমাৰৰ পুত্ৰ৷ স্থানীয় পুখুৰী এটাত সাঁতুৰিবলৈ যোৱাৰ সময়তে তেওঁৰ দেহত নাকেৰে  মগজু খোৱা এমিবাই প্ৰৱেশ কৰে বুলি ধাৰণা কৰা হৈছে।

নেগলাৰিয়া হৈছে এক মুক্ত-জীৱিত এমিবা - ই এক এককোষী জীৱ। ই সাধাৰণতে গৰম মিঠা পানী (যেনে হ্ৰদ, নদী, আৰু গৰম প্ৰস্ৰৱণ) আৰু মাটিত থাকিব পাৰে । 

এই এমিবাই  মানুহৰ মগজুত আক্ৰমণ কৰে৷ মগজুত আক্ৰমণ কৰি বীজাণু বিধে মানুহ এজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ বীজাণু বুলি ক’লেও আচলতে ই এক এমিবাহে ৷


শেহতীয়াকৈ   দক্ষিণ কোৰিয়াত ধৰা পৰিছে এই  এমিবা৷ ইয়াৰ পূৰ্বে আমেৰিকাতো এই এমিবাই ত্ৰাসৰ সৃষ্টি কৰিছিল৷    কিছুদিন পূৰ্বে দক্ষিণ কোৰিয়াত নেগলাৰিয়া ফাউলাৰি বা "মগজু খোৱা এমিবা" নামৰ এমিবা  বিধৰ  সংক্ৰমণ ধৰা পৰাৰ লগতে এজন লোকৰ মৃত্যুও ঘটিছে৷ । কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাই (কেডিচিএ) নিশ্চিত কৰিছিল যে থাইলেণ্ডৰ পৰা উভতি অহাৰ পিছত মৃত্যু হোৱা এজন কোৰিয়ান নাগৰিক নেগলাৰিয়া ফাউলাৰিৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু ঘটিছে।

আচলতে ই এবিধ  এমিবা  আৰু মানুহৰ মগজুক  আক্ৰমণ কৰি ধ্বংস কৰে।  পানীৰ জৰিয়তে বিয়পি পৰা এই এমিবাই  মগজুত আক্ৰমণ চলায় আৰু মগজুৰ কোষসমূহ কুটি কুটি খাবলৈ আৰম্ভ কৰে।২০২০ চনত আমেৰিকাৰ টেক্সাছৰ লেক জেকচন অঞ্চলৰ পানীৰ টেপ সমূহত বিয়পি পৰিছিল নেগলাৰিয়া ফাউলাৰি   নামৰ মাৰাত্মক বেক্টেৰিয়া বিধ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান