--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰততো ত্ৰাসৰ সৃষ্টি কৰিছে এবিধ ' মগজু খোৱা' এমিবাই৷ শেহতীয়াকৈ কেৰালাৰ আলাপুঝা জিলাত এজন দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত "মগজু খোৱা " এমিবা  নেগলাৰিয়া ফাউলাৰিয়ে প্ৰৱেশ কৰাৰ পিছত তেওঁ  প্ৰাণ হেৰুৱায়৷দেওবাৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা কিশোৰজনে শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত ছাত্ৰ জনৰ নাম গুৰুদাথ (১৫)৷ তেওঁ  আলাপুঝাৰ পুচাক্কালৰ বালিন্দা  শালিনী আৰু অনিল কুমাৰৰ পুত্ৰ৷ স্থানীয় পুখুৰী এটাত সাঁতুৰিবলৈ যোৱাৰ সময়তে তেওঁৰ দেহত নাকেৰে  মগজু খোৱা এমিবাই প্ৰৱেশ কৰে বুলি ধাৰণা কৰা হৈছে।

নেগলাৰিয়া হৈছে এক মুক্ত-জীৱিত এমিবা - ই এক এককোষী জীৱ। ই সাধাৰণতে গৰম মিঠা পানী (যেনে হ্ৰদ, নদী, আৰু গৰম প্ৰস্ৰৱণ) আৰু মাটিত থাকিব পাৰে । 

এই এমিবাই  মানুহৰ মগজুত আক্ৰমণ কৰে৷ মগজুত আক্ৰমণ কৰি বীজাণু বিধে মানুহ এজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ বীজাণু বুলি ক’লেও আচলতে ই এক এমিবাহে ৷


শেহতীয়াকৈ   দক্ষিণ কোৰিয়াত ধৰা পৰিছে এই  এমিবা৷ ইয়াৰ পূৰ্বে আমেৰিকাতো এই এমিবাই ত্ৰাসৰ সৃষ্টি কৰিছিল৷    কিছুদিন পূৰ্বে দক্ষিণ কোৰিয়াত নেগলাৰিয়া ফাউলাৰি বা "মগজু খোৱা এমিবা" নামৰ এমিবা  বিধৰ  সংক্ৰমণ ধৰা পৰাৰ লগতে এজন লোকৰ মৃত্যুও ঘটিছে৷ । কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাই (কেডিচিএ) নিশ্চিত কৰিছিল যে থাইলেণ্ডৰ পৰা উভতি অহাৰ পিছত মৃত্যু হোৱা এজন কোৰিয়ান নাগৰিক নেগলাৰিয়া ফাউলাৰিৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু ঘটিছে।

আচলতে ই এবিধ  এমিবা  আৰু মানুহৰ মগজুক  আক্ৰমণ কৰি ধ্বংস কৰে।  পানীৰ জৰিয়তে বিয়পি পৰা এই এমিবাই  মগজুত আক্ৰমণ চলায় আৰু মগজুৰ কোষসমূহ কুটি কুটি খাবলৈ আৰম্ভ কৰে।২০২০ চনত আমেৰিকাৰ টেক্সাছৰ লেক জেকচন অঞ্চলৰ পানীৰ টেপ সমূহত বিয়পি পৰিছিল নেগলাৰিয়া ফাউলাৰি   নামৰ মাৰাত্মক বেক্টেৰিয়া বিধ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস