--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৱে শুকুৰবাৰে ওডিশা ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত তিনিজন ৰে'ল বিষয়াক গ্ৰেপ্তাৰ কৰে।  ওড়িশাৰ ৰে’ল দিৰ্ঘটনাত  ২৯০ গৰাকীৰো  অধিক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা ৰে'ল কৰ্মচাৰী কেইগৰাকী হৈছে  জ্যেষ্ঠ শাখা অভিযন্তা অৰুণ কুমাৰ মহন্তা ; মহম্মদ আমিৰ খান, শাখা অভিযন্তা আৰু টেকনিচিয়ান পাপ্পু কুমাৰ।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে কৈছে  যে অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩০৪ আৰু ২০১ ধাৰাৰ অধীনত "তেওঁলোকৰ গাফিলতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে " । উল্লেখ্য ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৰ পিছত  এমাহ ধৰি চলি থকা তদন্তৰ সময়তে  চিবিআইয়ে গোচৰটোত  নৰহত্যা আৰু প্ৰমাণ ধ্বংস সম্পৰ্কীয় দুটা কঠোৰ ধাৰা যোগ কৰিছে। সংস্থাটোৱে যোৱা মাহত দাখিল কৰা ইয়াৰ প্ৰথম তথ্য প্ৰতিবেদনত এই ধাৰাবোৰ উল্লেখ  কৰা নাছিল। 

ৰে'ল সুৰক্ষা আয়ুক্তই বুধবাৰে ৰে'ল ৱে ব'ৰ্ডক বালাচোৰ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিবেদন  দাখিল কৰাৰ কেইদিনমান পিছতে চিবিআইয়ে লোক তিনি জনক গ্ৰেপ্তাৰ কৰে। অনুসন্ধানটোত  ত্ৰুটিপূৰ্ণ চিগনেলিঙৰ প্ৰমাণ  পোৱা গৈছে। উল্লেখ্য  শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ খন ওড়িশাৰ বালাচোৰত  এক ভয়ংকৰ  দুৰ্ঘটনাত পতিত হৈছিল । ওড়িশাৰ বালাচোৰ জিলাৰ বাহাঙ্গা বজাৰৰ ওচৰত মালবাহী ৰে’ল এখনৰ সৈতে কৰমণ্ডল এক্সপ্ৰেছৰ সংঘৰ্ষ হৈছিল। ঘটনাস্থলীত মুঠ তিনিখন ৰে’লে খুন্দা মাৰিছিল। ফলত নিহত হৈছিল ২৯০ গৰাকী যাত্ৰী। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান