--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৱে শুকুৰবাৰে ওডিশা ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত তিনিজন ৰে'ল বিষয়াক গ্ৰেপ্তাৰ কৰে।  ওড়িশাৰ ৰে’ল দিৰ্ঘটনাত  ২৯০ গৰাকীৰো  অধিক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা ৰে'ল কৰ্মচাৰী কেইগৰাকী হৈছে  জ্যেষ্ঠ শাখা অভিযন্তা অৰুণ কুমাৰ মহন্তা ; মহম্মদ আমিৰ খান, শাখা অভিযন্তা আৰু টেকনিচিয়ান পাপ্পু কুমাৰ।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে কৈছে  যে অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩০৪ আৰু ২০১ ধাৰাৰ অধীনত "তেওঁলোকৰ গাফিলতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে " । উল্লেখ্য ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোৰ পিছত  এমাহ ধৰি চলি থকা তদন্তৰ সময়তে  চিবিআইয়ে গোচৰটোত  নৰহত্যা আৰু প্ৰমাণ ধ্বংস সম্পৰ্কীয় দুটা কঠোৰ ধাৰা যোগ কৰিছে। সংস্থাটোৱে যোৱা মাহত দাখিল কৰা ইয়াৰ প্ৰথম তথ্য প্ৰতিবেদনত এই ধাৰাবোৰ উল্লেখ  কৰা নাছিল। 

ৰে'ল সুৰক্ষা আয়ুক্তই বুধবাৰে ৰে'ল ৱে ব'ৰ্ডক বালাচোৰ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিবেদন  দাখিল কৰাৰ কেইদিনমান পিছতে চিবিআইয়ে লোক তিনি জনক গ্ৰেপ্তাৰ কৰে। অনুসন্ধানটোত  ত্ৰুটিপূৰ্ণ চিগনেলিঙৰ প্ৰমাণ  পোৱা গৈছে। উল্লেখ্য  শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ খন ওড়িশাৰ বালাচোৰত  এক ভয়ংকৰ  দুৰ্ঘটনাত পতিত হৈছিল । ওড়িশাৰ বালাচোৰ জিলাৰ বাহাঙ্গা বজাৰৰ ওচৰত মালবাহী ৰে’ল এখনৰ সৈতে কৰমণ্ডল এক্সপ্ৰেছৰ সংঘৰ্ষ হৈছিল। ঘটনাস্থলীত মুঠ তিনিখন ৰে’লে খুন্দা মাৰিছিল। ফলত নিহত হৈছিল ২৯০ গৰাকী যাত্ৰী। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস