--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত ক’ত আয়না ৰাখিব লাগে? ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত বহুতেই আয়না একোখন ওলোমাই থয়। বাহিৰলৈ যোৱাৰ সময়ত অথবা বাহিৰৰ পৰা অহাৰ পিছত বহুতে সেই আয়নাত নিজৰ মুখখন চাই লয়। কিন্তু এয়া ফেংছুইৰ মতে শুভ ফলদায়ক নহয়।

 ফেংছুইৰ মতে শুভ প্রভাৱসমূহ সেই আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায়। সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি বা আঁৰি  থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব। 

তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি বা আঁৰি  থ'ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব।

আনহাতে ঘৰৰ দুৱাৰবোৰৰ অৱস্থান কেতিয়াও মুখামুখি হ'ব নালাগে৷ একোটা ঘৰত কেইবাখনো দুৱাৰ থাকে। যাতায়াতৰ সুবিধাৰ বাবে বহুতে এটা কোঠাৰ এখন দুৱাৰৰ মুখামুখিকৈ আনটো কোঠাৰ দুৱাৰ নিৰ্মাণ কৰে। এয়া ব্যৱহাৰৰ দিশৰ পৰা সুবিধাজনক যদিও ফেংছুইৰ মতে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ কেতিয়াও নিৰ্মাণ কৰিব নালাগে । এনেদৰে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ নিৰ্মাণ কৰিলে ঘৰত শুভশক্তিৰ প্ৰৱেশত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰত নানান ধৰণৰ অথন্তৰে দেখা দিব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান