--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মহিলাত সাফল্যৰ হাৰ পুৰুষতকৈ অধিক৷ মঙলবাৰে আবেলি ২০২২ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.inত উপলব্ধ হৈছে এই ফলাফল।

দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো পুৰুষৰ বিৰপীতে মহিলাৰ সাফল্যৰ হাৰ অধিক। এইবাৰো শীৰ্ষ স্থান মহিলাই দখল কৰাই নহয় শীৰ্ষ ১০ টা স্থানতো ৬ গৰাকীকৈ মহিলাই স্থান লাভ কৰিছে। শীৰ্ষ ১০ টা স্থান লাভ কৰিছে ক্ৰমে ইশিতা কিশোৰ (১), গৰিমা লোহিয়া (২), উমা হাৰাথি এন (৩), স্মৃতি মিশ্ৰ (৪) আৰু ময়ুৰ হাজৰিকাই (৫), গহন নব্য জেমছ (৬), ৱাছিম আহমেদ ভাট (৭), অনিৰুদ্ধ যাদৱ (৮), কণিকা গোৱেল (৯) আৰু ৰাহুল শ্ৰীবাস্তৱ (১০)।

উল্লেখ্য, ১৮ এপ্ৰিলত ইউ পি এছ চি অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল। যোৱা ৩০ জানুৱাৰীৰ মূল পৰীক্ষা অনুষ্ঠিত। মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা ২৫২৯ গৰাকী পৰীক্ষাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল।

২০২২ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত ইউ পি এছ চিয়ে আই এ এছ, আই পি এছকে ধৰি অসামৰিক সেৱাত ১০১১টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল।















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস