--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মহিলাত সাফল্যৰ হাৰ পুৰুষতকৈ অধিক৷ মঙলবাৰে আবেলি ২০২২ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.inত উপলব্ধ হৈছে এই ফলাফল।

দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো পুৰুষৰ বিৰপীতে মহিলাৰ সাফল্যৰ হাৰ অধিক। এইবাৰো শীৰ্ষ স্থান মহিলাই দখল কৰাই নহয় শীৰ্ষ ১০ টা স্থানতো ৬ গৰাকীকৈ মহিলাই স্থান লাভ কৰিছে। শীৰ্ষ ১০ টা স্থান লাভ কৰিছে ক্ৰমে ইশিতা কিশোৰ (১), গৰিমা লোহিয়া (২), উমা হাৰাথি এন (৩), স্মৃতি মিশ্ৰ (৪) আৰু ময়ুৰ হাজৰিকাই (৫), গহন নব্য জেমছ (৬), ৱাছিম আহমেদ ভাট (৭), অনিৰুদ্ধ যাদৱ (৮), কণিকা গোৱেল (৯) আৰু ৰাহুল শ্ৰীবাস্তৱ (১০)।

উল্লেখ্য, ১৮ এপ্ৰিলত ইউ পি এছ চি অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল। যোৱা ৩০ জানুৱাৰীৰ মূল পৰীক্ষা অনুষ্ঠিত। মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা ২৫২৯ গৰাকী পৰীক্ষাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল।

২০২২ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত ইউ পি এছ চিয়ে আই এ এছ, আই পি এছকে ধৰি অসামৰিক সেৱাত ১০১১টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা