--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাস্থ্যসন্মত খাদ্যই শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে। ইয়াৰ বাবে সেই খাদ্যবোৰ বাছি লোৱাটো অত্যন্ত জৰুৰী হৈ পৰে, যিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ উপাদান সহজে যোগান ধৰিব পাৰে। এই খাদ্যই শৰীৰক সুস্থ আৰু শক্তিশালী কৰি ৰাখে। ইয়াৰ উপৰি উপযুক্ত খাদ্য বাছি লোৱাৰ অভ্যাসেও শৰীৰক বহু ৰোগৰ পৰা নিলগত ৰখাত সহায় কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞ মতেও কম কেলৰিযুক্ত, ফাইবাৰ, প্ৰটিন আৰু অন্যান্য ভিটামিন সেৱন কৰাটো সদায় উপকাৰী বুলি গণ্য কৰা হয়।

 অধ্যয়নত ইয়াৰ সেৱনে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। মাশ্বৰুমত গ্লাইচেমিক ইনডেক্সো কম, গতিকে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে ই একপ্ৰকাৰৰ উত্তম খাদ্য। ডায়েটিচিয়ানসকলৰ মতেও ইয়াত চৰ্বি, ছ’ডিয়াম, কেলৰি আৰু কলেষ্টেৰলৰ পৰিমাণ কম থাকে, যাৰ ফলত শৰীৰ সুস্থ হৈ থাকে আৰু বহু ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। মাশ্বৰুম খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী হ’ব পাৰে জানো আহক?

 ১. এন্টিঅক্সিডেন্টৰ উৎস-

কাঠফুলাত পোৱা এন্টিঅক্সিডেন্টে বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী কৰি তোলে। এন্টিঅক্সিডেন্টে শৰীৰক ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে, যাৰ ফলত হৃদৰোগ আৰু কেন্সাৰৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস পায়। এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত চেলেনিয়াম নামৰ এবিধ এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে আপোনাৰ শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায়ক হয়।

 ২. পাচন আৰু স্নায়ুৰ উপকাৰিতা-

মাশ্বৰুমত ভিটামিন-বি পোৱা যায়। ৰাইব’ফ্লেভিন, নিয়াচিন আৰু পেণ্ট’থেনিক এচিডৰ দৰে এই উপাদানসমূহৰ সংমিশ্ৰণে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক হয়। ৰক্তকণিকাৰ বাবে ৰাইব’ফ্লেভিন ভাল যদিও নিয়াচিন পাচনতন্ত্ৰ আৰু সুস্থ ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। পেণ্ট’থেনিক এচিড স্নায়ুতন্ত্ৰৰ বাবে ফলপ্ৰসূ বুলি গণ্য কৰা হয়, গতিকে মাশ্বৰুম সেৱন কৰাটো শৰীৰ বাবে বহু দিশত উপকাৰী হ’ব পাৰে।

 ৩. হৃদৰোগীয়ে গ্ৰহণ কৰা উচিত-

বিশেষকৈ অতিৰিক্ত ওজনৰ প্ৰাপ্তবয়স্ক লোকৰ কলেষ্টেৰল হ্ৰাস কৰাত কাঠফুলাৰ বহুতো চিকিৎসামূলক গুণ আছে বুলি প্ৰমাণিত হৈছে। ৰক্তবাহী নলীৰ বেৰত লাগি থকা কলেষ্টেৰলে তেজৰ চলাচলত প্ৰভাৱ পেলায়, যাৰ ফলত ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কলেষ্টেৰল কমাবলৈ আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ বাবে কাঠফুৰা অতি উপকাৰী।

 ৪. ডায়েবেটিছ ৰোগীয়ে লাভ কৰিব পাৰে সুফল-

হৃদযন্ত্ৰৰ লগতে কাঠফুলা ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবেও অতি উৎকৃষ্ট বুলি বিবেচিত হৈছে। কাঠফুলাত গ্লাইচেমিক ইনডেক্স আৰু গ্লাইচেমিক লোড কম। অৰ্থাৎ তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি হ’বলৈ নিদিয়ে। ইয়াৰ উপৰি ‘বি’ ভিটামিন আৰু পলিচেকাৰাইডৰ পৰিমাণ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে ইয়াক এটা বিকল্প খাদ্য হিচাপে গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ