--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাস্থ্যসন্মত খাদ্যই শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে। ইয়াৰ বাবে সেই খাদ্যবোৰ বাছি লোৱাটো অত্যন্ত জৰুৰী হৈ পৰে, যিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ উপাদান সহজে যোগান ধৰিব পাৰে। এই খাদ্যই শৰীৰক সুস্থ আৰু শক্তিশালী কৰি ৰাখে। ইয়াৰ উপৰি উপযুক্ত খাদ্য বাছি লোৱাৰ অভ্যাসেও শৰীৰক বহু ৰোগৰ পৰা নিলগত ৰখাত সহায় কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞ মতেও কম কেলৰিযুক্ত, ফাইবাৰ, প্ৰটিন আৰু অন্যান্য ভিটামিন সেৱন কৰাটো সদায় উপকাৰী বুলি গণ্য কৰা হয়।

 অধ্যয়নত ইয়াৰ সেৱনে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। মাশ্বৰুমত গ্লাইচেমিক ইনডেক্সো কম, গতিকে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে ই একপ্ৰকাৰৰ উত্তম খাদ্য। ডায়েটিচিয়ানসকলৰ মতেও ইয়াত চৰ্বি, ছ’ডিয়াম, কেলৰি আৰু কলেষ্টেৰলৰ পৰিমাণ কম থাকে, যাৰ ফলত শৰীৰ সুস্থ হৈ থাকে আৰু বহু ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। মাশ্বৰুম খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী হ’ব পাৰে জানো আহক?

 ১. এন্টিঅক্সিডেন্টৰ উৎস-

কাঠফুলাত পোৱা এন্টিঅক্সিডেন্টে বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী কৰি তোলে। এন্টিঅক্সিডেন্টে শৰীৰক ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে, যাৰ ফলত হৃদৰোগ আৰু কেন্সাৰৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস পায়। এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত চেলেনিয়াম নামৰ এবিধ এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে আপোনাৰ শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায়ক হয়।

 ২. পাচন আৰু স্নায়ুৰ উপকাৰিতা-

মাশ্বৰুমত ভিটামিন-বি পোৱা যায়। ৰাইব’ফ্লেভিন, নিয়াচিন আৰু পেণ্ট’থেনিক এচিডৰ দৰে এই উপাদানসমূহৰ সংমিশ্ৰণে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক হয়। ৰক্তকণিকাৰ বাবে ৰাইব’ফ্লেভিন ভাল যদিও নিয়াচিন পাচনতন্ত্ৰ আৰু সুস্থ ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। পেণ্ট’থেনিক এচিড স্নায়ুতন্ত্ৰৰ বাবে ফলপ্ৰসূ বুলি গণ্য কৰা হয়, গতিকে মাশ্বৰুম সেৱন কৰাটো শৰীৰ বাবে বহু দিশত উপকাৰী হ’ব পাৰে।

 ৩. হৃদৰোগীয়ে গ্ৰহণ কৰা উচিত-

বিশেষকৈ অতিৰিক্ত ওজনৰ প্ৰাপ্তবয়স্ক লোকৰ কলেষ্টেৰল হ্ৰাস কৰাত কাঠফুলাৰ বহুতো চিকিৎসামূলক গুণ আছে বুলি প্ৰমাণিত হৈছে। ৰক্তবাহী নলীৰ বেৰত লাগি থকা কলেষ্টেৰলে তেজৰ চলাচলত প্ৰভাৱ পেলায়, যাৰ ফলত ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কলেষ্টেৰল কমাবলৈ আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ বাবে কাঠফুৰা অতি উপকাৰী।

 ৪. ডায়েবেটিছ ৰোগীয়ে লাভ কৰিব পাৰে সুফল-

হৃদযন্ত্ৰৰ লগতে কাঠফুলা ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবেও অতি উৎকৃষ্ট বুলি বিবেচিত হৈছে। কাঠফুলাত গ্লাইচেমিক ইনডেক্স আৰু গ্লাইচেমিক লোড কম। অৰ্থাৎ তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি হ’বলৈ নিদিয়ে। ইয়াৰ উপৰি ‘বি’ ভিটামিন আৰু পলিচেকাৰাইডৰ পৰিমাণ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে ইয়াক এটা বিকল্প খাদ্য হিচাপে গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু