--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ওঁঠ বা গালত তিল সৌন্দৰ্য্যৰ প্ৰতীক বুলি গণ্য কৰা হয়, কিন্তু যদি এই তিল মুখত বেছি হয়, তেন্তে ই আপোনাৰ সৌন্দৰ্য্যতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। সেইবাবেই মানুহে মুখৰ পৰা নিবিচৰা তিল আঁতৰাবলৈ চেষ্টা কৰে। এনে অৱস্থাত প্ৰাকৃতিকভাৱে তিল কেনেকৈ আঁতৰাব পাৰি জানি লওক। যাৰ দ্বাৰা মুখৰ পৰা নিবিচৰা তিলবোৰ অতি কম সময়ৰ ভিতৰতে আঁতৰাই পেলাব পাৰি।

 আপেল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰক-

আপেল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰি মুখৰ পৰা তিল আঁতৰাই পেলাব পাৰি। ইয়াৰ দ্বাৰা আপোনাৰ ছালত থকা দাগবোৰ নোহোৱা হৈ পৰে। আচলতে আপেলৰ ভিনেগাৰত মেলিক আৰু টাৰ্টেৰিক নামৰ এচিড থাকে, যিয়ে আপোনাক তিল আঁতৰোৱাত সহায় কৰিব পাৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ কপাহৰ সহায়ত মুখত আপেল চাইডাৰ ভিনেগাৰ লগাব লাগে। ইয়াৰ পাছত প্ৰায় ২ৰ পৰা ৩ ঘণ্টা ৰাখিব। পাছত সাধাৰণ পানীৰে ধুই পেলাব লাগে। এনেদৰে প্ৰায় ১৫দিনমান কৰিলে মুখৰ নিবিচৰা তিল নোহোৱা হৈ পৰিব।

 নহৰু ব্যৱহাৰ কৰক-

নহৰু ব্যৱহাৰ কৰি মুখৰ পৰা তিল আঁতৰাব পাৰি। ইয়াৰ বাবে নহৰু ভালদৰে পিহি তিলটোত লগাই নিশাটোৰ বাবে বান্ধি থৈ দিয়ক। পুৱা পানীৰে ধুই পেলাব লাগে। ইয়াৰ দ্বাৰা তিলটো লাহে লাহে নোহোৱা হৈ পৰিব।

কেষ্টৰ অইল আৰু বেকিং ছ’ডা-

মুখৰ পৰা তিল আঁতৰাবলৈ কেষ্টৰ অইল আৰু বেকিং ছ’ডা ব্যৱহাৰ কৰিব লাগে। ইয়াৰ প্ৰভাৱ অতি সোনকালে দেখা যায়। ১ চামুচ কেষ্টৰ অইল আৰু ১ চামুচ বেকিং ছ’ডা লৈ মিশ্ৰণটো মুখত লগাই নিশাটোৰ বাবে ৰাখি পুৱা মুখখন ধুই পেলাব লাগে। ইয়াৰ দ্বাৰা আপুনি নিবিচৰা তিল আঁতৰি অতি সহজে আৰু সোনকালে নোহোৱা হৈ যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ