--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ডায়েবেটিছ হ’ল এনে এক ৰোগ, য’ত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে বা ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। ইনচুলিন হৈছে এনে এবিধ হৰম’ন যিয়ে শৰীৰে খাদ্যৰ পৰা গ্লুক’জক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। ডায়েবেটিছ ৰোগৰ কোনো স্থায়ী নিৰাময়ৰ উপায় নাই যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। নয়নতৰা ফুলে ডায়েবেটিছ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে এই বিষয়ে জানো আহক।

স্মৰ্তব্য যে ভাৰতত যুগ যুগ ধৰি পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰি অহা এবিধ ফুল হৈছে নয়নতৰা ফুল। ইয়াৰ বৈজ্ঞানিক নাম Catharanthus roseus। ইয়াক নয়নতৰা বা চিৰসেউজ ফুল নামেৰেও জনা যায়। ঔষধি গুণেৰে সমৃদ্ধ নয়নতৰা ফুল ডায়েবেটিছ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ফুলত এনে এবিধ যৌগ থাকে যিবোৰে আয়ুৰ্বেদৰ মতে ডায়েবেটিছ নিয়ন্ত্ৰণত ইতিবাচক প্ৰভাৱ পেলাব পাৰে, এই দীৰ্ঘদিনীয়া অৱস্থাৰ সৈতে যুঁজি থকা লাখ লাখ লোকক আশা আৰু সাম্ভাৱ্য উপকাৰ প্ৰদান কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণত নয়নতৰা ফুলৰ অন্যতম প্ৰধান উপকাৰ হ’ল-এই ফুলৰ ইনচুলিন উৎপাদনক উদ্দীপিত কৰাৰ ক্ষমতা আছে।

কেনেকৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে-
ডায়েবেটিছ নিয়ন্ত্ৰণত নয়নতৰা ফুলৰ ভূমিকা বুজিবলৈ হ’লে আমি ইয়াৰ জৈৱ-ৰাসায়নিক যৌগসমূহৰ গভীৰতালৈ যাব লাগিব। এই উদ্ভিদত এলকেলয়ড (বিশেষকৈ ভিনকামাইন আৰু ভিনব্লাষ্টিন) থাকে, যিয়ে হাইপ’গ্লাইচেমিক গুণেৰে সমৃদ্ধ। এই যৌগবোৰে তেজত ছুগাৰৰ মাত্ৰা হ্ৰাস কৰি ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি হকে কাম কৰে।

কেনেকৈ ব্যৱহাৰ কৰিব পাৰি-
এই ফুলৰ পাত শুকুৱাই গুড়ি কৰি বায়ু বন্ধ পাত্ৰত সংগ্ৰহ কৰি ৰাখিব পাৰি। এই গুড়ি দৈনিক একাপ চামুচ সতেজ ফলৰ ৰস বা পানীৰ সৈতেও খাব পাৰে। লগতে নয়নতৰা ফুল লৈ একাপ পানীত উতলাই ঠাণ্ডা হ’লে চেকি প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰিলেও ডায়বেটিছ নিয়ন্ত্ৰণ থাকে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা