--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২৭ ছেপ্টেম্বৰ, বুধবাৰ৷ কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক আজিৰ দিনটোৰ ৰাশিফল৷

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব, যদিও আজি আপুনি বন্ধুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি ভ্ৰমণ কৰোতে সাৱধান হ'ব লাগিব নহ'লে ভ্ৰমণত সফল নহ’ব পাৰে।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ‌ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ভাল পৰিৱেশন লাভ কৰিব, ভোজন বিলাস বাঢ়িব যদিও আজি আপোনাৰ মনত ভয়ভাব সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতিক-জাতিকাসকলৰ আজিৰ দিনটোত নিবনুৱাসকলে নতুন কৰ্মৰ সন্ধান লাভ কৰিব, ব্যৱসায়িক দিশত শুভ হ'ব, প্ৰেমত শুভ হ'ব যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব ।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, আশাবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ-মনত কষ্ট পোৱাৰ যোগ দেখা যায় 




সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ-প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্ম আৰু ব্যৱসায়িক দিশত নতুন নতুন সুযোগ লাভ কৰিব লগতে আজি ছাত্ৰ-ছাত্ৰীসকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত মনোযোগ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত এলাহ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভাবি থকা কামবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে নি:সংগতা ভাব অনুভৱ কৰিব পাৰে লগতে আজি আপোনাৰ দেহ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ  সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি: মকৰ ৰাশিস জাতক-জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি ৰাজনীতি লগত জড়িত তেওলোক ৰাজ অনুগ্ৰহ লাভ কৰিব পাৰে, আজিৰ দিনটো গীত-মাত, সংগীতৰ মাজত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে সামান্য বুকুৰ বিষ হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ব্যৱসায়িকভাৱে অধিক লাভালাভ হ'ব, আনৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, উত্তৰ ভোজন লাভ কৰিব যদিও আজি আপুনি দেহ মনত সামান্য ভাগৰ ভাব অনুভৱ কৰাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন