--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২৭ ছেপ্টেম্বৰ, বুধবাৰ৷ কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক আজিৰ দিনটোৰ ৰাশিফল৷

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব, যদিও আজি আপুনি বন্ধুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি ভ্ৰমণ কৰোতে সাৱধান হ'ব লাগিব নহ'লে ভ্ৰমণত সফল নহ’ব পাৰে।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ‌ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ভাল পৰিৱেশন লাভ কৰিব, ভোজন বিলাস বাঢ়িব যদিও আজি আপোনাৰ মনত ভয়ভাব সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতিক-জাতিকাসকলৰ আজিৰ দিনটোত নিবনুৱাসকলে নতুন কৰ্মৰ সন্ধান লাভ কৰিব, ব্যৱসায়িক দিশত শুভ হ'ব, প্ৰেমত শুভ হ'ব যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ  হোৱাটো ভাল হব ।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, আশাবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ-মনত কষ্ট পোৱাৰ যোগ দেখা যায় 




সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ-প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্ম আৰু ব্যৱসায়িক দিশত নতুন নতুন সুযোগ লাভ কৰিব লগতে আজি ছাত্ৰ-ছাত্ৰীসকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত মনোযোগ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত এলাহ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভাবি থকা কামবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে নি:সংগতা ভাব অনুভৱ কৰিব পাৰে লগতে আজি আপোনাৰ দেহ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ  সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি: মকৰ ৰাশিস জাতক-জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি ৰাজনীতি লগত জড়িত তেওলোক ৰাজ অনুগ্ৰহ লাভ কৰিব পাৰে, আজিৰ দিনটো গীত-মাত, সংগীতৰ মাজত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে সামান্য বুকুৰ বিষ হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ব্যৱসায়িকভাৱে অধিক লাভালাভ হ'ব, আনৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, উত্তৰ ভোজন লাভ কৰিব যদিও আজি আপুনি দেহ মনত সামান্য ভাগৰ ভাব অনুভৱ কৰাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি