--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড উদ্যোগৰ সুপৰিচিত প্ৰযোজক তথা পৰিচালক কৰণ জোহৰৰ জনপ্ৰিয় চেট শ্ব’ ‘কফি উইথ কৰণ’ প্ৰায়ে চৰ্চাত থাকে। মাল্টিষ্টাৰ ছবি আৰু ৰোমান্টিক প্ৰেম কাহিনীৰ বাবে পৰিচিত কৰণৰ জীৱন সকলো দিশতে ৰঙীন। কিন্তু তেওঁৰ জীৱনৰ এনে এটা অংশ আছে, যিটো এতিয়াও ৰংহীন। সততে ৰঙীন প্ৰেম কাহিনী ডাঙৰ পৰ্দালৈ অনা কৰণ এতিয়াও অবিবাহিত।ছাৰ’গেছি পদ্ধতিৰে তেওঁ দুই সন্তানৰ পিতৃ হৈছে।। নিজৰ পেছাদাৰী জীৱনৰ কথা কোৱা কৰণে শেহতীয়াকৈ নিজৰ শ্ব’ত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয়। কেৱল এয়াই নহয়, কৰণে আনকি কোনগৰাকী অভিনেত্ৰীক ভাল পায় আৰু বিয়া পাতিব বিচাৰিছিল সেই কথাও ক’লে। সেই অভিনেত্ৰীগৰাকী কোন জানো আহক।

নিজৰ জীৱনৰ বিষয়ে মুকলিকৈ নকয় কৰণে। শেহতীয়াকৈ তেওঁৰ ক্ৰাছ কোন আছিল সেই বিষয়ে মুকলিকৈ কয়। কৰণৰ জীৱনৰ এটা সময় আছিল, যি সময়ত বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰী তেওঁৰ হৃদস্পন্দন আছিল। কিন্তু এতিয়া সেই অভিনেত্ৰীগৰাকী এজন ডাঙৰ তাৰকা অভিনেতাৰ পত্নী।

অভিনেত্ৰীগৰাকী আন কোনো নহয়..তেওঁ হৈছে কৰীণা কাপুৰ। কৰণে কৈছিল যে তেওঁ তেওঁৰ বেষ্ট ফ্ৰেণ্ড কৰীণা কাপুৰক তেওঁৰ জীৱন সংগী কৰিব বিচাৰিছিল। কৰণ জোহৰ আৰু কৰীণা কাপুৰ খান অতিকে ভাল বন্ধু। পাছে মনৰ আশা পূৰণ নহ'ল কৰণ জোহৰৰ। বৰ্তমান কৰীণা ছেইফ আলী খানৰ পত্নী।

ইয়াৰ পাছতে কৰণে তেওঁৰ লগত কৰীণাৰ কাজিয়াৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ‘‘মোৰ আৰু কৰীণাৰ মাজত কথা-বতৰা বহুদিনলৈকে বন্ধ হৈ গৈছিল। কাৰণ কৰীণাই ‘কাল হ না হ’ৰ বাবে বহুত ফিজ বিচাৰিছিল। শ্বাহৰুখ খানক যি ফিজ দিয়া হৈছিল, সেইখিনি ফিজ কৰীণাই মোক বিচাৰিছিল আৰু মই নাকচ কৰিছিলোঁ। প্ৰায় এবছৰ ধৰি আমি ইজনে সিজনৰ লগত কথা নাপাতিলোঁ। কিন্তু এতিয়াও তেওঁ মোৰ ভাল বন্ধু।’’ 












FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?