--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড উদ্যোগৰ সুপৰিচিত প্ৰযোজক তথা পৰিচালক কৰণ জোহৰৰ জনপ্ৰিয় চেট শ্ব’ ‘কফি উইথ কৰণ’ প্ৰায়ে চৰ্চাত থাকে। মাল্টিষ্টাৰ ছবি আৰু ৰোমান্টিক প্ৰেম কাহিনীৰ বাবে পৰিচিত কৰণৰ জীৱন সকলো দিশতে ৰঙীন। কিন্তু তেওঁৰ জীৱনৰ এনে এটা অংশ আছে, যিটো এতিয়াও ৰংহীন। সততে ৰঙীন প্ৰেম কাহিনী ডাঙৰ পৰ্দালৈ অনা কৰণ এতিয়াও অবিবাহিত।ছাৰ’গেছি পদ্ধতিৰে তেওঁ দুই সন্তানৰ পিতৃ হৈছে।। নিজৰ পেছাদাৰী জীৱনৰ কথা কোৱা কৰণে শেহতীয়াকৈ নিজৰ শ্ব’ত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয়। কেৱল এয়াই নহয়, কৰণে আনকি কোনগৰাকী অভিনেত্ৰীক ভাল পায় আৰু বিয়া পাতিব বিচাৰিছিল সেই কথাও ক’লে। সেই অভিনেত্ৰীগৰাকী কোন জানো আহক।

নিজৰ জীৱনৰ বিষয়ে মুকলিকৈ নকয় কৰণে। শেহতীয়াকৈ তেওঁৰ ক্ৰাছ কোন আছিল সেই বিষয়ে মুকলিকৈ কয়। কৰণৰ জীৱনৰ এটা সময় আছিল, যি সময়ত বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰী তেওঁৰ হৃদস্পন্দন আছিল। কিন্তু এতিয়া সেই অভিনেত্ৰীগৰাকী এজন ডাঙৰ তাৰকা অভিনেতাৰ পত্নী।

অভিনেত্ৰীগৰাকী আন কোনো নহয়..তেওঁ হৈছে কৰীণা কাপুৰ। কৰণে কৈছিল যে তেওঁ তেওঁৰ বেষ্ট ফ্ৰেণ্ড কৰীণা কাপুৰক তেওঁৰ জীৱন সংগী কৰিব বিচাৰিছিল। কৰণ জোহৰ আৰু কৰীণা কাপুৰ খান অতিকে ভাল বন্ধু। পাছে মনৰ আশা পূৰণ নহ'ল কৰণ জোহৰৰ। বৰ্তমান কৰীণা ছেইফ আলী খানৰ পত্নী।

ইয়াৰ পাছতে কৰণে তেওঁৰ লগত কৰীণাৰ কাজিয়াৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ‘‘মোৰ আৰু কৰীণাৰ মাজত কথা-বতৰা বহুদিনলৈকে বন্ধ হৈ গৈছিল। কাৰণ কৰীণাই ‘কাল হ না হ’ৰ বাবে বহুত ফিজ বিচাৰিছিল। শ্বাহৰুখ খানক যি ফিজ দিয়া হৈছিল, সেইখিনি ফিজ কৰীণাই মোক বিচাৰিছিল আৰু মই নাকচ কৰিছিলোঁ। প্ৰায় এবছৰ ধৰি আমি ইজনে সিজনৰ লগত কথা নাপাতিলোঁ। কিন্তু এতিয়াও তেওঁ মোৰ ভাল বন্ধু।’’ 












FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি